--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জন খাংকেঅ' নামৰ আৰক্ষী বিষয়াগৰাকীক তেওঁৰ পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰিছে আদালতে

ডিজিটেল ডেস্কঃ তিনিচুকীয়া সত্র ন্যায়াধীশ ৰশ্মিতা দাসৰ আদালতে আইন ৰক্ষাকাৰী এজন আৰক্ষীক নিজ পত্নীক হত্যাৰ ভাবুকি দিয়া আৰু অস্ত্র-শস্ত্র আইন ভংগ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি পৃথকে পৃথকে ৭ বছৰকৈ মুঠ ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে। জন খাংকেঅ' নামৰ আৰক্ষী বিষয়াগৰাকীক তেওঁৰ পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰিছে আদালতে।


জানিব পৰা মতে জন খাংকেঅ' তিনিচুকীয়া জিলাৰ ন-শদিয়া আৰক্ষী চকীৰ প্ৰভাৰী হৈ থাকোতে ২০২২ বৰ্ষৰ ২৩ এপ্ৰিলত তেওঁৰ পত্নী ভাস্বতী দাস খাংকেঅ'ই শদিয়া থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰিছিল যে তেওঁক বিয়া পতা ইতিমধ্যে দুবছৰ হৈছে। তেওঁৰ স্বামী জন খাংকেঅ'ই বিয়া পতাৰ প্ৰথম বছৰৰ পৰাই তেওঁৰ ওপৰত নিৰ্যাতন চলাই আহিছে। লগতে তেওঁৰ স্বামী পৰকীয়া প্রেমতো লিপ্ত।


এজাহাৰ দিয়াৰ দিনা দিনৰ প্ৰায় এক বজাত তেওঁলোকৰ চুবুৰীয়াৰ এগৰাকী মহিলা আহি কয় যে তেওঁৰ স্বামী প্রায়ে তেওঁলোকৰ ঘৰলৈ যায় আৰু তেওঁৰ নাতিনীয়েকক বিয়া পতাৰ কথা কৈ থাকে। মহিলাগৰাকীয়ে এই কথা ভাস্বতীক কোৱাৰ বিষয়ে জানিব পাৰি জন খাংকেঅ' খঙত টিঙিৰি তুলা হৈ আৰক্ষী চকীৰ পৰা এটা এ কে-৪৭ ৰাইফল আনি নিজ পত্নীৰ ফালে ঢোঁৱাই এক ৰাউণ্ড গুলীচালনা কৰে। ভাগ্যক্রমে গুলীয়ে পত্নীক আঘাত কৰাৰ সলনি বেৰত আঘাত কৰেগৈ। এই ঘটনাৰ সন্দৰ্ভত শদিয়া থানাত ৩৮/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন হয়। তদন্তৰ দায়িত্ব দিয়ে মহিলা উপ-পৰিদৰ্শক সংগীতা চৌধুৰীক।


উপ-পৰিদৰ্শকগৰাকীয়ে ঘটনাৰ তদন্ত সমাপ্ত কৰি চার্জশিট দাখিল কৰে। ইয়াৰ পাছতে তিনিচুকীয়া সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰৰ বিচাৰ চলে। কেইবাজনো সাক্ষী আৰু উপযুক্ত প্ৰমাণৰ ভিত্তিত জন খাংকেঅ'ক দোষী সাব্যস্ত কৰা হয়। আজি আদালতে তেওঁক দুটা গোচৰৰ বাবে দোষী সাব্যস্ত কৰি পৃথকে পৃথকে ৭ বছৰকৈ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে জৰিমনাও বিহিছে। জৰিমনা অনাদায়ে অতিৰিক্তভাৱে কাৰাবাস খাটিব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ