--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জন খাংকেঅ' নামৰ আৰক্ষী বিষয়াগৰাকীক তেওঁৰ পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰিছে আদালতে

ডিজিটেল ডেস্কঃ তিনিচুকীয়া সত্র ন্যায়াধীশ ৰশ্মিতা দাসৰ আদালতে আইন ৰক্ষাকাৰী এজন আৰক্ষীক নিজ পত্নীক হত্যাৰ ভাবুকি দিয়া আৰু অস্ত্র-শস্ত্র আইন ভংগ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি পৃথকে পৃথকে ৭ বছৰকৈ মুঠ ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিছে। জন খাংকেঅ' নামৰ আৰক্ষী বিষয়াগৰাকীক তেওঁৰ পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰিছে আদালতে।


জানিব পৰা মতে জন খাংকেঅ' তিনিচুকীয়া জিলাৰ ন-শদিয়া আৰক্ষী চকীৰ প্ৰভাৰী হৈ থাকোতে ২০২২ বৰ্ষৰ ২৩ এপ্ৰিলত তেওঁৰ পত্নী ভাস্বতী দাস খাংকেঅ'ই শদিয়া থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত উল্লেখ কৰিছিল যে তেওঁক বিয়া পতা ইতিমধ্যে দুবছৰ হৈছে। তেওঁৰ স্বামী জন খাংকেঅ'ই বিয়া পতাৰ প্ৰথম বছৰৰ পৰাই তেওঁৰ ওপৰত নিৰ্যাতন চলাই আহিছে। লগতে তেওঁৰ স্বামী পৰকীয়া প্রেমতো লিপ্ত।


এজাহাৰ দিয়াৰ দিনা দিনৰ প্ৰায় এক বজাত তেওঁলোকৰ চুবুৰীয়াৰ এগৰাকী মহিলা আহি কয় যে তেওঁৰ স্বামী প্রায়ে তেওঁলোকৰ ঘৰলৈ যায় আৰু তেওঁৰ নাতিনীয়েকক বিয়া পতাৰ কথা কৈ থাকে। মহিলাগৰাকীয়ে এই কথা ভাস্বতীক কোৱাৰ বিষয়ে জানিব পাৰি জন খাংকেঅ' খঙত টিঙিৰি তুলা হৈ আৰক্ষী চকীৰ পৰা এটা এ কে-৪৭ ৰাইফল আনি নিজ পত্নীৰ ফালে ঢোঁৱাই এক ৰাউণ্ড গুলীচালনা কৰে। ভাগ্যক্রমে গুলীয়ে পত্নীক আঘাত কৰাৰ সলনি বেৰত আঘাত কৰেগৈ। এই ঘটনাৰ সন্দৰ্ভত শদিয়া থানাত ৩৮/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন হয়। তদন্তৰ দায়িত্ব দিয়ে মহিলা উপ-পৰিদৰ্শক সংগীতা চৌধুৰীক।


উপ-পৰিদৰ্শকগৰাকীয়ে ঘটনাৰ তদন্ত সমাপ্ত কৰি চার্জশিট দাখিল কৰে। ইয়াৰ পাছতে তিনিচুকীয়া সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰৰ বিচাৰ চলে। কেইবাজনো সাক্ষী আৰু উপযুক্ত প্ৰমাণৰ ভিত্তিত জন খাংকেঅ'ক দোষী সাব্যস্ত কৰা হয়। আজি আদালতে তেওঁক দুটা গোচৰৰ বাবে দোষী সাব্যস্ত কৰি পৃথকে পৃথকে ৭ বছৰকৈ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে জৰিমনাও বিহিছে। জৰিমনা অনাদায়ে অতিৰিক্তভাৱে কাৰাবাস খাটিব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন