--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গীত-মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্রতি ৰাইজক সজাগ কৰিছিল। ১৯৪৮ চনৰ পৰা চাৰিবছৰ আত্মগোপন কৰি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল

ডিজিটেল ডেস্ক : কৃষক, বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্রতিবাদী কণ্ঠ হৈ বাক্সা জিলাৰ বৰমাৰ দীঘেলীত আত্মগোপন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই দিনৰ স্মৃতি আজিও সোঁৱৰে গাঁওবাসীয়ে।


২০ জুনত সমগ্র অসমে পালন কৰে ৰাভা দিৱস। অবিভক্ত কামৰূপ জিলাৰ দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণু ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল।


গীত-মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্রতি ৰাইজক সজাগ কৰিছিল। ১৯৪৮ চনৰ পৰা চাৰিবছৰ আত্মগোপন কৰি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল। দীঘেলীত সেই সময়ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেওঁক সংগ দিছিল। মদন মেধি, চমিৰউদ্দিন আহমেদ, ৰতি স্বর্গীয়াৰী আদিয়ে আগভাগ লৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই দীঘেলী অঞ্চলৰ ৰাইজৰ হৈ যুঁজ দিছিল। তেওঁ দীঘেলী অঞ্চলত এটা মিলিটেন্ট বাহিনী গঢ়ি তুলিছিল। সেই সময়ত টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমি-বাৰী সংক্রান্তীয় কাৰণতেই জ্বলাই দিয়া হৈছিল।


বৃহত্তৰ দীঘেলী অঞ্চলত চলিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ একনায়কত্ববাদ। তেওঁৰ কথা আছিল শিলৰ ৰেখা। কোনো ব্যক্তিয়ে তেওঁৰ কথা অৱজ্ঞা কৰা নাছিল। আত্মগোপন কৰা সময়ত গণসংগীত আৰু ফুটবলৰ যোগেদি তেওঁ ডেকা-বুঢ়া সকলোকে একত্রিত কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই চেষ্টা কৰিছিল আৰু সফল হৈছিল। বিষ্ণু ৰাভা আছিল মুক্তিৰ পথৰ পথিক। তাহানিৰ লোকৰ বসতিস্থল দীঘেলীৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে বুলি দোহাৰি কৃষকৰ বাবে, সাধাৰণ জনতাৰ বাবে আকৌ বিষ্ণু ৰাভাৰ দৰে সত্তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। প্ৰতিবছৰে দীঘেলীবাসী ৰাইজে ৰাভা দিৱস পালন কৰে যদিও আজিও ৰাভাৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্রহণ কৰা নহ'ল। তাকেই লৈ দুখ প্রকাশ কৰে গাঁওবাসীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ