--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গীত-মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্রতি ৰাইজক সজাগ কৰিছিল। ১৯৪৮ চনৰ পৰা চাৰিবছৰ আত্মগোপন কৰি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল

ডিজিটেল ডেস্ক : কৃষক, বনুৱাৰ মুক্তিৰ মন্ত্ৰ লৈ সমাজবাদী চিন্তাৰে প্রতিবাদী কণ্ঠ হৈ বাক্সা জিলাৰ বৰমাৰ দীঘেলীত আত্মগোপন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই দিনৰ স্মৃতি আজিও সোঁৱৰে গাঁওবাসীয়ে।


২০ জুনত সমগ্র অসমে পালন কৰে ৰাভা দিৱস। অবিভক্ত কামৰূপ জিলাৰ দীঘেলী অঞ্চলৰ জমিদাৰী প্ৰথা তথা কৃষকৰ সমস্যা সমাধান আৰু মুক্তিৰ বাবে বিষ্ণু ৰাভাৰ নেতৃত্বত আন্দোলন গঢ় লৈ উঠিছিল।


গীত-মাতৰ জৰিয়তে তেওঁ আন্দোলনৰ প্রতি ৰাইজক সজাগ কৰিছিল। ১৯৪৮ চনৰ পৰা চাৰিবছৰ আত্মগোপন কৰি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা বৰমাৰ দীঘেলী গাঁৱলৈ আহিছিল। দীঘেলীত সেই সময়ত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে তেওঁক সংগ দিছিল। মদন মেধি, চমিৰউদ্দিন আহমেদ, ৰতি স্বর্গীয়াৰী আদিয়ে আগভাগ লৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই দীঘেলী অঞ্চলৰ ৰাইজৰ হৈ যুঁজ দিছিল। তেওঁ দীঘেলী অঞ্চলত এটা মিলিটেন্ট বাহিনী গঢ়ি তুলিছিল। সেই সময়ত টিহু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূমি-বাৰী সংক্রান্তীয় কাৰণতেই জ্বলাই দিয়া হৈছিল।


বৃহত্তৰ দীঘেলী অঞ্চলত চলিছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ একনায়কত্ববাদ। তেওঁৰ কথা আছিল শিলৰ ৰেখা। কোনো ব্যক্তিয়ে তেওঁৰ কথা অৱজ্ঞা কৰা নাছিল। আত্মগোপন কৰা সময়ত গণসংগীত আৰু ফুটবলৰ যোগেদি তেওঁ ডেকা-বুঢ়া সকলোকে একত্রিত কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই চেষ্টা কৰিছিল আৰু সফল হৈছিল। বিষ্ণু ৰাভা আছিল মুক্তিৰ পথৰ পথিক। তাহানিৰ লোকৰ বসতিস্থল দীঘেলীৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা আছে বুলি দোহাৰি কৃষকৰ বাবে, সাধাৰণ জনতাৰ বাবে আকৌ বিষ্ণু ৰাভাৰ দৰে সত্তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। প্ৰতিবছৰে দীঘেলীবাসী ৰাইজে ৰাভা দিৱস পালন কৰে যদিও আজিও ৰাভাৰ স্মৃতি যুগমীয়া কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্রহণ কৰা নহ'ল। তাকেই লৈ দুখ প্রকাশ কৰে গাঁওবাসীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন