--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চাৰিজন আৰোহি সহ বাহনখন জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে জব্দ কৰা ' তিয়াগো ' বাহনখনৰ নম্বৰ হল AS 03 AE 8143 ।

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ সমীপত আৰু কুকুৰাকটা পাহাৰৰ সমীপত আৰক্ষীৰ গুলিচালনাৰ ঘটনা পোহৰলৈ আহিছে ।


সমজিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে আৰক্ষীৰ নিৰ্দেশ নামানি এখন সন্দেহজনক বাহনে পলায়ন কৰাত আৰক্ষীয়ে শূণ্যলৈ গুলি কৰি বাহনখন ৰখোৱাৰ চেষ্টা কৰে । তাৰ পাছতো বাহনখনে পলায়ন কৰাত আৰক্ষীয়ে খেদি যায় আৰু নগাওঁ জিলাৰ সীমামূৰীয়া বাগৰিত বাহনখন ধৰিবলৈ সক্ষম হয় ।


চাৰিজন আৰোহি সহ বাহনখন জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে জব্দ কৰা ' তিয়াগো ' বাহনখনৰ নম্বৰ হল AS 03 AE 8143 । আনহাতে আৰক্ষীৰ হাতত ধৃত বাহনৰ আৰোহী কেইজন হল বাবুল আলি , চাইদুৰ ৰহমান, নাজিৰ আলি আৰু বুতু আলি । চাৰিও জনৰ ঘৰ যোৰহাটত । আৰক্ষীৰ নিৰ্দেশ নামানি দলটোৱে কিয় পলায়ন কৰিছিল এই কথা আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব ।


আৰক্ষীৰ ফালৰ পৰা এই ঘটনা সংক্ৰান্তত দুটা গুলি ফুটুৱা হৈছিল যদিও স্থানীয় লোকৰ মন্তব্য মতে গুলি ফুটিছিল তিনি জাঁই । জখলাবন্ধা থানাৰ সমীপত এক জাঁই আৰু বাহনখন খেদি গৈ থাকোতে কুকুৰাকটা পাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আৰক্ষীয়ে চলাইছিল আন দুই জাঁই গুলী ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ