--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • চাৰিজন আৰোহি সহ বাহনখন জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে জব্দ কৰা ' তিয়াগো ' বাহনখনৰ নম্বৰ হল AS 03 AE 8143 ।

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ সমীপত আৰু কুকুৰাকটা পাহাৰৰ সমীপত আৰক্ষীৰ গুলিচালনাৰ ঘটনা পোহৰলৈ আহিছে ।


সমজিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে আৰক্ষীৰ নিৰ্দেশ নামানি এখন সন্দেহজনক বাহনে পলায়ন কৰাত আৰক্ষীয়ে শূণ্যলৈ গুলি কৰি বাহনখন ৰখোৱাৰ চেষ্টা কৰে । তাৰ পাছতো বাহনখনে পলায়ন কৰাত আৰক্ষীয়ে খেদি যায় আৰু নগাওঁ জিলাৰ সীমামূৰীয়া বাগৰিত বাহনখন ধৰিবলৈ সক্ষম হয় ।


চাৰিজন আৰোহি সহ বাহনখন জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে জব্দ কৰা ' তিয়াগো ' বাহনখনৰ নম্বৰ হল AS 03 AE 8143 । আনহাতে আৰক্ষীৰ হাতত ধৃত বাহনৰ আৰোহী কেইজন হল বাবুল আলি , চাইদুৰ ৰহমান, নাজিৰ আলি আৰু বুতু আলি । চাৰিও জনৰ ঘৰ যোৰহাটত । আৰক্ষীৰ নিৰ্দেশ নামানি দলটোৱে কিয় পলায়ন কৰিছিল এই কথা আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব ।


আৰক্ষীৰ ফালৰ পৰা এই ঘটনা সংক্ৰান্তত দুটা গুলি ফুটুৱা হৈছিল যদিও স্থানীয় লোকৰ মন্তব্য মতে গুলি ফুটিছিল তিনি জাঁই । জখলাবন্ধা থানাৰ সমীপত এক জাঁই আৰু বাহনখন খেদি গৈ থাকোতে কুকুৰাকটা পাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত আৰক্ষীয়ে চলাইছিল আন দুই জাঁই গুলী ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি