--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰুনজুন বৰাই দীৰ্ঘদিন বিদ্যালয় খনৰ ছাত্ৰী সকলৰ লগত মানসিক হাৰাশাস্তি আৰু শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্কঃ শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰত অতিষ্ঠ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী । এগৰাকী দানৱী শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ অপচেষ্টা চলাই দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ।


এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰুনজুন বৰাই দীৰ্ঘদিন বিদ্যালয় খনৰ ছাত্ৰী সকলৰ লগত মানসিক হাৰাশাস্তি আৰু শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।



শিক্ষয়িত্ৰী ৰুনজুন বৰাই যোৱা ২৩ আগষ্টত সন্ধিয়া প্ৰায় ৭ বজাত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰাৰ চেষ্টা চলায় শিক্ষয়িত্ৰীৰ উগ্ৰমূৰ্তিত ভীতিগ্ৰস্থ হৈ মুৰ্চা যায় ছাত্ৰী গৰাকী।


ছাত্ৰী গৰাকী সুস্থ হৈ উঠাৰ পাছত পুনৰাই শিক্ষয়িত্ৰী গৰাকীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাত ছাত্ৰী গৰাকীয়ে ভয়তে বাথৰুমৰ দৰ্জা বন্ধ কৰি আত্মহত্যাৰ অপচেষ্টা চলায়। আনকি শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়ৰ অধীক্ষককো বিভিন্ন সময়ত বিদ্যালয় প্ৰধানকো দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে।


সমান্তৰালকৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি ছাত্ৰী সকলক নিজৰ কাম কৰোৱাৰো অভিযোগ শিক্ষয়িত্ৰী ৰুনজুন বৰাৰ বিৰুদ্ধে। পূৰ্বেও আন কেইবাগৰাকীও ছাত্ৰীক শাৰিৰীক -মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে এই গৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে।


এনে অভিযোগ তথ্য প্ৰমাণ সহ জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়াক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰা নাই শিক্ষা বিভাগে । এই গৰাকী দানৱী শিক্ষয়িত্ৰীৰ বাবে এতিয়া দশম শ্ৰেণীৰ ছাত্ৰী সকলে বিদ্যালয় এৰি আশ্ৰয় লৈছে বিদ্যালয়ৰ নিকটৱৰ্তী অভিভাৱকৰ ঘৰত।


এই ক্ষেত্ৰত ছাত্ৰী গৰাকীৰ অভিভাৱকে শিক্ষয়িত্ৰী ৰুণজুন বৰাৰ বিৰুদ্ধে গৰৈমাৰী থানাত এখনি এজাহাৰ দাখিল কৰিছে। কিন্তু এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শিক্ষা বিভাগে, সেয়াও ৰহস্যৰ উৰ্দ্ধত!!


শিক্ষয়িত্ৰী ৰুনজুন বৰাৰ ওপৰত আছে নেকি বিভাগটোৰ কোনো বৰমুৰীয়াৰ আশীৰ্বাদ ?



FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি