--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰুনজুন বৰাই দীৰ্ঘদিন বিদ্যালয় খনৰ ছাত্ৰী সকলৰ লগত মানসিক হাৰাশাস্তি আৰু শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্কঃ শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰত অতিষ্ঠ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী । এগৰাকী দানৱী শিক্ষয়িত্ৰীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ অপচেষ্টা চলাই দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে ।


এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত । বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰুনজুন বৰাই দীৰ্ঘদিন বিদ্যালয় খনৰ ছাত্ৰী সকলৰ লগত মানসিক হাৰাশাস্তি আৰু শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।



শিক্ষয়িত্ৰী ৰুনজুন বৰাই যোৱা ২৩ আগষ্টত সন্ধিয়া প্ৰায় ৭ বজাত বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে মাৰপিট কৰাৰ চেষ্টা চলায় শিক্ষয়িত্ৰীৰ উগ্ৰমূৰ্তিত ভীতিগ্ৰস্থ হৈ মুৰ্চা যায় ছাত্ৰী গৰাকী।


ছাত্ৰী গৰাকী সুস্থ হৈ উঠাৰ পাছত পুনৰাই শিক্ষয়িত্ৰী গৰাকীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱাত ছাত্ৰী গৰাকীয়ে ভয়তে বাথৰুমৰ দৰ্জা বন্ধ কৰি আত্মহত্যাৰ অপচেষ্টা চলায়। আনকি শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়ৰ অধীক্ষককো বিভিন্ন সময়ত বিদ্যালয় প্ৰধানকো দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে।


সমান্তৰালকৈ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি ছাত্ৰী সকলক নিজৰ কাম কৰোৱাৰো অভিযোগ শিক্ষয়িত্ৰী ৰুনজুন বৰাৰ বিৰুদ্ধে। পূৰ্বেও আন কেইবাগৰাকীও ছাত্ৰীক শাৰিৰীক -মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে এই গৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে।


এনে অভিযোগ তথ্য প্ৰমাণ সহ জিলা শিক্ষা বিষয়া, খণ্ড শিক্ষা বিষয়াক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ গ্ৰহণ কৰা নাই শিক্ষা বিভাগে । এই গৰাকী দানৱী শিক্ষয়িত্ৰীৰ বাবে এতিয়া দশম শ্ৰেণীৰ ছাত্ৰী সকলে বিদ্যালয় এৰি আশ্ৰয় লৈছে বিদ্যালয়ৰ নিকটৱৰ্তী অভিভাৱকৰ ঘৰত।


এই ক্ষেত্ৰত ছাত্ৰী গৰাকীৰ অভিভাৱকে শিক্ষয়িত্ৰী ৰুণজুন বৰাৰ বিৰুদ্ধে গৰৈমাৰী থানাত এখনি এজাহাৰ দাখিল কৰিছে। কিন্তু এইগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শিক্ষা বিভাগে, সেয়াও ৰহস্যৰ উৰ্দ্ধত!!


শিক্ষয়িত্ৰী ৰুনজুন বৰাৰ ওপৰত আছে নেকি বিভাগটোৰ কোনো বৰমুৰীয়াৰ আশীৰ্বাদ ?



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ