--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৱশেষত প্রতীকাৰ পদক লাভৰ স্বপ্ন পূৰ হোৱাৰ পথত আগবাঢ়িছে। সেই অনুসৰি আন্তর্জাতিক ক্রিকেট সংস্থাই ভাৰতৰ অলৰাউণ্ডাৰ প্রতীকাক পদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ডিজিটেল ডেস্ক : বিশ্ব কাপ বিজয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য আছিল প্রতীকা ৰাৱাল। কিন্তু ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ পাছত যোৱা ২ নৱেম্বৰৰ নিশা পদক নাপালে প্রতীকাই। 


অৱশেষত প্রতীকাৰ পদক লাভৰ স্বপ্ন পূৰ হোৱাৰ পথত আগবাঢ়িছে। সেই অনুসৰি আন্তর্জাতিক ক্রিকেট সংস্থাই ভাৰতৰ অলৰাউণ্ডাৰ প্রতীকাক পদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেইদিনমানৰ পাছতে প্রতীকাই লাভ কৰিব বিশ্ব চেম্পিয়নৰ পদক। 


সদ্য সমাপ্ত মহিলাৰ এদিনীয়া বিশ্ব কাপৰ গ্রুপ লীগন অন্তিমখন মেচত বাংলাদেশব বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত প্রতীকাই ভৰিব গোৰোহাত আঘাত পাইছিল। সেই আঘাতৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে ছেমি ফাইনেলৰ আগেয়ে প্রতিযোগিতাৰ পৰা বাহিৰ হৈছিল। তেওঁৰ সলনি ভাৰতীয় দললৈ আহিছিল শ্বেফালী বার্মা। ফাইনেলব বাবে ১৫জনীয়া ভাৰতীয় দলত নথকাৰ কাৰণে প্রতীকাক পদক দিয়া নহ'ল। 


আই চি চিৰ নিয়ম অনুসৰি বিশ্ব কাপ বিজয়ী দলৰ ১৫গৰাকী ক্রিকেটাৰে পদক লাভ কৰে। হুইল চেয়াৰত বহি সতীর্থৰ সৈতে বিশ্ব কাপ জয়ৰ আনন্দোৎসৱত যোগদান কৰাৰ পাছতো ২ নৱেম্বৰৰ নিশা প্রতীকাক স্বর্ণপদক দিয়া নহ'ল। 


উল্লেখযোগ্য যে বিশ্ব কাপত প্রতীকাই (৩০৮) চতুর্থ সর্বাধিক ৰান গোটায়। নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অর্জন কৰি অন্তিম-৪টা দলত ভাৰতৰ স্থান নিশ্চিত কৰিছিল প্রতীকাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে