--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৱশেষত প্রতীকাৰ পদক লাভৰ স্বপ্ন পূৰ হোৱাৰ পথত আগবাঢ়িছে। সেই অনুসৰি আন্তর্জাতিক ক্রিকেট সংস্থাই ভাৰতৰ অলৰাউণ্ডাৰ প্রতীকাক পদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ডিজিটেল ডেস্ক : বিশ্ব কাপ বিজয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য আছিল প্রতীকা ৰাৱাল। কিন্তু ভাৰত বিশ্ব চেম্পিয়ন হোৱাৰ পাছত যোৱা ২ নৱেম্বৰৰ নিশা পদক নাপালে প্রতীকাই। 


অৱশেষত প্রতীকাৰ পদক লাভৰ স্বপ্ন পূৰ হোৱাৰ পথত আগবাঢ়িছে। সেই অনুসৰি আন্তর্জাতিক ক্রিকেট সংস্থাই ভাৰতৰ অলৰাউণ্ডাৰ প্রতীকাক পদক দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেইদিনমানৰ পাছতে প্রতীকাই লাভ কৰিব বিশ্ব চেম্পিয়নৰ পদক। 


সদ্য সমাপ্ত মহিলাৰ এদিনীয়া বিশ্ব কাপৰ গ্রুপ লীগন অন্তিমখন মেচত বাংলাদেশব বিৰুদ্ধে ফিল্ডিং কৰি থকাৰ সময়ত প্রতীকাই ভৰিব গোৰোহাত আঘাত পাইছিল। সেই আঘাতৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকীয়ে ছেমি ফাইনেলৰ আগেয়ে প্রতিযোগিতাৰ পৰা বাহিৰ হৈছিল। তেওঁৰ সলনি ভাৰতীয় দললৈ আহিছিল শ্বেফালী বার্মা। ফাইনেলব বাবে ১৫জনীয়া ভাৰতীয় দলত নথকাৰ কাৰণে প্রতীকাক পদক দিয়া নহ'ল। 


আই চি চিৰ নিয়ম অনুসৰি বিশ্ব কাপ বিজয়ী দলৰ ১৫গৰাকী ক্রিকেটাৰে পদক লাভ কৰে। হুইল চেয়াৰত বহি সতীর্থৰ সৈতে বিশ্ব কাপ জয়ৰ আনন্দোৎসৱত যোগদান কৰাৰ পাছতো ২ নৱেম্বৰৰ নিশা প্রতীকাক স্বর্ণপদক দিয়া নহ'ল। 


উল্লেখযোগ্য যে বিশ্ব কাপত প্রতীকাই (৩০৮) চতুর্থ সর্বাধিক ৰান গোটায়। নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অর্জন কৰি অন্তিম-৪টা দলত ভাৰতৰ স্থান নিশ্চিত কৰিছিল প্রতীকাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক