--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই আই এফ এফে আই এছ এলৰ বাবে ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল জমা দিয়াৰ দিন ৭ নৱেম্বৰ নির্ধাৰণ কৰিছিল, কিন্তু ৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ প্রস্তাৱৰ প্রতি সঁহাৰি জনাই কোনেও দাবী উত্থাপন নকৰিলে।

ডিজিটেল ডেস্ক : গভীৰ সংকটৰ সম্মুখীন হৈছে ভাৰতীয় ফুটবল। ভাৰতৰ আগশাৰীৰ ফুটবল প্রতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগৰ (আই এছ এল) বাবে ব্যৱসায়িক অংশীদাৰ বিচাৰি উলিওৱাত ব্যর্থ হৈছে সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন (এ আই এফ এফ)। 



ইয়াৰ ফলত ভাৰতৰ আগশাৰীৰ ফুটবল প্রতিযোগিতাখনৰ ভবিষ্যতৰ প্রতি গভীৰ সংকটৰ সৃষ্টি হৈছে। প্রতিযোগিতাখনৰ বাবে অংশীদাৰৰ সন্ধান উলিওৱাত ব্যর্থ হোৱাৰ পাছত এতিয়া পুঁজিৰ ব্যবস্থা কৰাব বাবে এ আই এফ এফে আন উপায়ৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈছে। 


এই আই এফ এফে আই এছ এলৰ বাবে ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল জমা দিয়াৰ দিন ৭ নৱেম্বৰ নির্ধাৰণ কৰিছিল, কিন্তু ৰাষ্ট্ৰীয় ফেডাৰেশ্যনৰ প্রস্তাৱৰ প্রতি সঁহাৰি জনাই কোনেও দাবী উত্থাপন নকৰিলে। 


উল্লেখযোগ্য যে আই এছ এলৰ বৰ্তমানৰ বাণিজ্যিক স্বত্ব বিলায়েঞ্চ গ্রুপব কোম্পানী ফুটবল স্পর্টছ ডেভেলপমেন্ট ইণ্ডিয়াৰ (এফ এছ ডি এল) হাতত আছে আৰু চুক্তিৰ ম্যাদ ৮ ডিচেম্বৰত অন্ত পৰিব। প্রথমতে কোম্পানীরে চুক্তিৰ ম্যাদ বৃদ্ধি কৰাত আগ্রহ দেখুৱাইছিল, কিন্তু পাছত পিহুহকি যায়। ইয়াৰ ফলত ভাৰতীয় ফুটবল ক্লাবসমূহৰ লগতে খেলুৱৈসকলৰ বাবে সংকটৰ সৃষ্টি হৈছে। আই এছ এলব জবিয়তে ক্লাব তথা খেলুৱৈসকলে মোটা অংকৰ ধন লাভ কবে। 


উল্লেখযোগ্য যে এ আই এফ এফব নতুন সংবিধানত উচ্চতম ন্যায়ালয়ে ছেপ্টেম্বৰত সম্মতি জনাইছিল। ইয়াৰ পাছত ফেডারেশানে অক্টোবৰত নিবিদা আহ্বান কৰে আৰু ইয়াৰ জৰিয়তে অহা ১৫ বছৰৰ বাবে আই এছ এলন বাণিজ্যিক অংশীদাৰ হোৱাৰ বাবে ৰিকুৱেষ্ট ফন প্রপ'জেল বিচাৰিছিল। ইয়াৰ পাছত ফেনক'ড, ৰাক গ্রুপ আৰু মনাকোস্থিত বাণিজ্যিক গোটে ইয়াৰ প্রতি আগ্রহ দেখুৱাই ফেডাৰেশ্যনৰ পৰা কিছুমান তথ্য বিচাৰিছিল। 


যোৱা সপ্তাহৰ শেষৰ ভিতৰত এ আই এফ এফে সকলো তথাৰ যোগান ধৰে যদিও কোনেও দাবী উত্থাপন নকৰিলে। সর্ভভাৰতীয় ফুটবল ফেডাৰেশ্যনে প্রডাকশ্যন, মার্কেটিং আৰু ব্রডকাষ্টিং স্বত্বসহ আন সুবিধাসমূহৰ লগতে ৩৭.৫ কোটি টকা বা ৰাজহৰ ৫% ভিতৰত যিটো অধিক সেয়া ফেডাৰেশ্যনক দিয়াৰ চৰ্ত ৰখা হৈছিল। কিন্তু ইমান বেছি ধনৰ বাবে কোনেও দাবী উত্থাপন নকৰিলে। এ আই এফ এফে এই কথা প্রকাশ কৰে। 


ফেডাৰেশ্যনে প্রকাশ কৰা মতে, এতিয়া বিড ইভালুৱেশ্যন কমিটীয়ে বিষয়টো পর্যালোচনা কৰি চোৱাৰ পাছত এই বিষয়ে সিদ্ধান্ত ল'ব। ইফালে এখন বাতৰি কাকতে প্রকাশ কৰা মতে, এ আই এফ এফে সকলো ক্ষমতা তথা নিয়ন্ত্রণ নিজৰ হাতত ৰাখিবলৈ নিয়ন্ত্রণো নিজৰ হাতত ৰাখিবলৈ বিচাৰিছে। ইয়াৰ ফলত আই এছ এলত ধন বিনিয়োগ কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। উল্লেখযোগ্য যে আই এছ এলৰ চলিত বছৰৰ ছিজন ১৩ ছেপ্টেম্বৰৰ পৰা আবম্ভ কৰাৰ কথা আছিল। এতিয়া ডিচেম্বৰলৈ পিছুবাই দিয়া হৈছে। কিন্তু তেতিয়াও প্রতিযোগিতাখন আৰম্ভ হোৱাক লৈ শংকাৰ সৃষ্টি হৈছে। ইফালে আই এছ এলৰ বাবে ব্যবসায়িক অংশীদাৰ নোপোৱা প্রভাব ক্লাবসমূহতো পৰাৰ সম্ভাৱনা প্রকট। ফলত খেলুৱৈৰ বেতনকে ধৰি অন্যান্য সা-সুবিধাসমূহ দিয়াত পলম হ'ব পাৰে আৰু আনকি কর্তন কৰাও হ'ব পাৰে। আনকি ক্লাবসমূহে দামী খেলুৱৈক দলৰ পৰা আঁতৰাবও পাৰে। 


ইয়াৰ প্রভাব আনকি ভাৰতৰ কেইবাখনো আন্তৰাষ্ট্ৰীয় প্রতিযোগিতাৰ প্রস্তুতিতো পৰাৰ আশংকা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ মহিলাৰ তিনিটা দল ক্রমে ১৭ বছৰ অনুর্ধ্ব, ২০ বছৰ অনুর্ধ্ব আৰু ছিনিয়ৰ মহিলা দলে প্রথমবাৰৰ বাবে মহাদেশীয় প্রতিযোগিতাত খেলাৰ যোগ্যতা অর্জন কৰে। ইয়াব লগতে ভাৰতীয় মহিলা লীগসব প্রতিও সংকট নামি অহাৰ আশংকা কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
যমুনামুখত মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা; ৰে'ল বিভাগৰ উৰণসেতু মুকলি
কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস ; বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা
আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ সংক্ৰমণ ; গাহৰি পালকক সজাগ হ'বলৈ আহ্বান বিশ্বনাথৰ পশু চিকিৎসা বিভাগৰ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান