--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আছুৱে হাতত লৈছে 'প্ৰত্যাশা' নামেৰে এক প্ৰকল্প ।প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা অসমৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা।

ডিজিটেল ডেস্কঃ উজানবজাৰৰ শ্বহিদ ভৱনত আছু কেন্দ্ৰীয় সমিতিৰ সংবাদমেল।সংবাদমেল সম্বোধন মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ।অসমৰ পৰা প্ৰশাসনিক বিষয়া সৃষ্টিৰ উদ্দেশ্যে আছুৰ বিশেষ উদ্যোগ।


অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আছুৱে হাতত লৈছে 'প্ৰত্যাশা' নামেৰে এক প্ৰকল্প ।প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা অসমৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আছুৱে।


বিগত সময়ত UPSC পৰীক্ষাত অসমৰ ফলাফল আশাব্যঞ্জক নহয়। সেয়ে অসমৰ পৰা নিৰ্বাচিত ২৫ গৰাকী পৰীক্ষাৰ্থীক সমৰ্থন আগবঢ়াব আছুৱে। এই ২৫ গৰাকী পৰীক্ষাৰ্থীক তেওঁলোকৰ পছন্দৰ যিকোনো প্ৰতিষ্ঠানত অনলাইন বা অফলাইন প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত আছুৱে সকলো ব্যয় বহন কৰিব।


প্ৰাৰম্ভিক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ইচ্ছ্যুক পৰীক্ষাৰ্থীসকলে www.aasu.org.in ত গৈ আবেদন কৰিব পাৰিব।২৯ জুন পৰ্যন্ত আবেদন প্ৰক্ৰিয়া অব্যাহত থাকিব। জুলাইৰ প্ৰথম সপ্তাহতে নিৰ্বাচিত ২৫ গৰাকী পৰীক্ষাৰ্থীক এই সমৰ্থন আগবঢ়াব আছুৱে।


আনহাতে দ্বিতীয় পদক্ষেপ হিচাপে প্ৰতিবছৰে অসমৰ পৰা ২৬ গৰাকী আৰু উত্তৰ-পূবৰ আন ৰাজ্যৰ পৰা দুগৰাকীকৈ সৰ্বমুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণৰ বাবে দিল্লীলৈ প্ৰেৰণৰ সিদ্ধান্ত আছুৰ।দিল্লীত প্ৰশিক্ষণৰ সময়ত সদৌ অসমীয়া ছাত্ৰ সন্থাই সমন্বয় ৰক্ষা কৰিৰ এই প্ৰকল্পৰ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ