--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আছুৱে হাতত লৈছে 'প্ৰত্যাশা' নামেৰে এক প্ৰকল্প ।প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা অসমৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা।

ডিজিটেল ডেস্কঃ উজানবজাৰৰ শ্বহিদ ভৱনত আছু কেন্দ্ৰীয় সমিতিৰ সংবাদমেল।সংবাদমেল সম্বোধন মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ।অসমৰ পৰা প্ৰশাসনিক বিষয়া সৃষ্টিৰ উদ্দেশ্যে আছুৰ বিশেষ উদ্যোগ।


অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আছুৱে হাতত লৈছে 'প্ৰত্যাশা' নামেৰে এক প্ৰকল্প ।প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা অসমৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আছুৱে।


বিগত সময়ত UPSC পৰীক্ষাত অসমৰ ফলাফল আশাব্যঞ্জক নহয়। সেয়ে অসমৰ পৰা নিৰ্বাচিত ২৫ গৰাকী পৰীক্ষাৰ্থীক সমৰ্থন আগবঢ়াব আছুৱে। এই ২৫ গৰাকী পৰীক্ষাৰ্থীক তেওঁলোকৰ পছন্দৰ যিকোনো প্ৰতিষ্ঠানত অনলাইন বা অফলাইন প্ৰশিক্ষণ গ্ৰহণৰ ক্ষেত্ৰত আছুৱে সকলো ব্যয় বহন কৰিব।


প্ৰাৰম্ভিক পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ইচ্ছ্যুক পৰীক্ষাৰ্থীসকলে www.aasu.org.in ত গৈ আবেদন কৰিব পাৰিব।২৯ জুন পৰ্যন্ত আবেদন প্ৰক্ৰিয়া অব্যাহত থাকিব। জুলাইৰ প্ৰথম সপ্তাহতে নিৰ্বাচিত ২৫ গৰাকী পৰীক্ষাৰ্থীক এই সমৰ্থন আগবঢ়াব আছুৱে।


আনহাতে দ্বিতীয় পদক্ষেপ হিচাপে প্ৰতিবছৰে অসমৰ পৰা ২৬ গৰাকী আৰু উত্তৰ-পূবৰ আন ৰাজ্যৰ পৰা দুগৰাকীকৈ সৰ্বমুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণৰ বাবে দিল্লীলৈ প্ৰেৰণৰ সিদ্ধান্ত আছুৰ।দিল্লীত প্ৰশিক্ষণৰ সময়ত সদৌ অসমীয়া ছাত্ৰ সন্থাই সমন্বয় ৰক্ষা কৰিৰ এই প্ৰকল্পৰ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান