--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ অংশ হিচাপে আগন্তুক জুলাই মাহটোক 'সম্পূর্ণ সেৱা মাহ' হিচাপে লৈ পৰিবহণৰ সকলো সেৱা সহজতে উপলব্ধ আৰু থিতাতে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ডিজিটেল ডেস্কঃ পথৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি যান-বাহনৰ যাৱতীয় নথি-পত্র সঠিক আৰু যান্ত্রিক সকলো দিশ সক্ষম কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে পদক্ষেপ গ্রহণ কৰি আহিছে।



ইয়াৰ অংশ হিচাপে আগন্তুক জুলাই মাহটোক 'সম্পূর্ণ সেৱা মাহ' হিচাপে লৈ পৰিবহণৰ সকলো সেৱা সহজতে উপলব্ধ আৰু থিতাতে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, সম্পূর্ণ সেৱা মাহৰ কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, চিকিৎসক-অধিবক্তা, সাংবাদিক আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ পৰিবহণৰ লগত জড়িত যিকোনো সমস্যাৰ তাৎক্ষণিক সমাধান আৰু নথি-পত্রসমূহ সঠিক কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব।


জুলাই মাহত যিহেতু গৰমৰ বন্ধ, সেয়ে এই সময়ছোৱাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ আৰু ইয়াৰ সমপৰ্যায়ৰ ছাত্র-ছাত্রীক হোন্ডা ছেফটি ড্রাইভিং এডুকেশ্যন চেণ্টাৰৰ সহযোগত বিশেষ চিমুলেটৰৰ দ্বাৰা বাহন চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে উলিয়াই ল'ব পৰাকৈ পাৰদৰ্শী কৰি তোলা হ'ব। ঘৰত বহিয়েই পৰিবহণৰ লগত জড়তি ৫৭টাতকৈ অধিক সংস্পর্শবিহীন সেৱা লাভ কৰিব। ফ'নযোগে নিজৰ সমস্যা সন্দৰ্ভত অৱগত কৰিলে গৰাকীৰ ঘৰ অথবা কাৰ্যালয় আদিত উপস্থিত হৈ তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণৰ সহায়কাৰী বিষয়া-কর্মীৰ দলে।


পহিলা জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 'সম্পূৰ্ণ সেৱা মাহ'ৰ সময়ছোৱাত বেতকুছিস্থিত পৰিবহণ বিষয়া কাৰ্যালয়ৰ চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্রাইভিং এডুকেশ্যন চেণ্টাৰত প্রতিটো খোলা দিনত পুৱা ৯ বজাত উপস্থিত হৈ জয়ন্ত কুমাৰ দাস (৯৮৫৯২ ৭৩১৫৫)ৰ লগত যোগাযোগ কৰি বাহন চালনাৰ প্ৰশিক্ষণ গ্রহণ কৰিবলৈ ছাত্র-ছাত্রীসকলক আহ্বান জনোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান