--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ অংশ হিচাপে আগন্তুক জুলাই মাহটোক 'সম্পূর্ণ সেৱা মাহ' হিচাপে লৈ পৰিবহণৰ সকলো সেৱা সহজতে উপলব্ধ আৰু থিতাতে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ডিজিটেল ডেস্কঃ পথৰ গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি যান-বাহনৰ যাৱতীয় নথি-পত্র সঠিক আৰু যান্ত্রিক সকলো দিশ সক্ষম কৰি ৰখাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিত পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে পদক্ষেপ গ্রহণ কৰি আহিছে।



ইয়াৰ অংশ হিচাপে আগন্তুক জুলাই মাহটোক 'সম্পূর্ণ সেৱা মাহ' হিচাপে লৈ পৰিবহণৰ সকলো সেৱা সহজতে উপলব্ধ আৰু থিতাতে সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, সম্পূর্ণ সেৱা মাহৰ কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্রী, চিকিৎসক-অধিবক্তা, সাংবাদিক আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ পৰিবহণৰ লগত জড়িত যিকোনো সমস্যাৰ তাৎক্ষণিক সমাধান আৰু নথি-পত্রসমূহ সঠিক কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব।


জুলাই মাহত যিহেতু গৰমৰ বন্ধ, সেয়ে এই সময়ছোৱাত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ আৰু ইয়াৰ সমপৰ্যায়ৰ ছাত্র-ছাত্রীক হোন্ডা ছেফটি ড্রাইভিং এডুকেশ্যন চেণ্টাৰৰ সহযোগত বিশেষ চিমুলেটৰৰ দ্বাৰা বাহন চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন নিজে উলিয়াই ল'ব পৰাকৈ পাৰদৰ্শী কৰি তোলা হ'ব। ঘৰত বহিয়েই পৰিবহণৰ লগত জড়তি ৫৭টাতকৈ অধিক সংস্পর্শবিহীন সেৱা লাভ কৰিব। ফ'নযোগে নিজৰ সমস্যা সন্দৰ্ভত অৱগত কৰিলে গৰাকীৰ ঘৰ অথবা কাৰ্যালয় আদিত উপস্থিত হৈ তাৎক্ষণিকভাৱে সমাধানৰ ব্যৱস্থা কৰিব পৰিবহণৰ সহায়কাৰী বিষয়া-কর্মীৰ দলে।


পহিলা জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 'সম্পূৰ্ণ সেৱা মাহ'ৰ সময়ছোৱাত বেতকুছিস্থিত পৰিবহণ বিষয়া কাৰ্যালয়ৰ চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্রাইভিং এডুকেশ্যন চেণ্টাৰত প্রতিটো খোলা দিনত পুৱা ৯ বজাত উপস্থিত হৈ জয়ন্ত কুমাৰ দাস (৯৮৫৯২ ৭৩১৫৫)ৰ লগত যোগাযোগ কৰি বাহন চালনাৰ প্ৰশিক্ষণ গ্রহণ কৰিবলৈ ছাত্র-ছাত্রীসকলক আহ্বান জনোৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ