--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মোদীৰ আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব, ভাৰতীয় মূলৰ লোকৰ সৈতে গভীৰ সম্পৰ্ক আৰু কভিড-১৯ মহামাৰীৰ সময়ত মোদীৰ মানৱীয় প্ৰচেষ্টাৰ বাবে দেশখনে মোদীক এই সন্মানেৰে সন্মানিত কৰে

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে ট্ৰিনিডাড-টবেগোৰ সর্বোচ্চ অসামৰিক সন্মান 'দি অৰ্ডাৰ অব্ দ্য ৰিপাব্লিক অব্ ট্রিনিডাড এণ্ড টবেগো'ৰে সন্মানিত কৰা হয়।


মোদীৰ আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব, ভাৰতীয় মূলৰ লোকৰ সৈতে গভীৰ সম্পৰ্ক আৰু কভিড-১৯ মহামাৰীৰ সময়ত মোদীৰ মানৱীয় প্ৰচেষ্টাৰ বাবে দেশখনে মোদীক এই সন্মানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে পাঁচ দেশৰ ভ্ৰমণসূচীৰে যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণৰ দ্বিতীয় কাৰ্যসূচীত বৃহস্পতিবাৰে নিশা ট্রিনিডাড-টবেগোত উপস্থিত হয়। প্রধানমন্ত্রী মোদীক ভাৰতীয় মূলৰ লোকসকলে এক লোক-সংগীতৰ অনুষ্ঠানেৰে আদৰণি জনায়।


প্রধানমন্ত্রী মোদীয়ে দুদিনীয়া ভ্রমণসূচীৰে প'ৰ্ট অব্ স্পেইনৰ পিয়ার্ক' আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ এক ব্যঞ্জনাত্মক লোক-সংগীত ভোজপুৰী চৌতালেৰে ভাৰতীয় মূলৰ লোকসকলে আদৰণি জনায়। বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰ আৰু কেইবাজনো মন্ত্ৰীয়ে আদৰণি জনায়। তেওঁক অধিক সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনোৱা হয় তথা আনুষ্ঠানিক গার্ড অব অনাৰ দিয়া হয়। প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় মূলৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণো দিয়ে। এই অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰ, মন্ত্ৰী আৰু সাংসদসকল উপস্থিত থাকে। এই সমাৱেশত দেশখনৰ প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰে মোদীৰ নেতৃত্বক প্রশংসা কৰে। তেওঁ মোদীক 'ভাৰতৰ প্ৰশাসন সংস্কাৰ কৰা পৰিৱৰ্তনৰ শক্তি' বুলি অভিহিত কৰে। তেওঁ আৰু কয় যে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ দূৰদৃষ্টিসম্পন্ন আৰু ভৱিষ্যদর্শী পদক্ষেপেৰে ভাৰতীয় অৰ্থনীতিৰ আধুনিকীকৰণ কৰিলে। ইফালে, প্রধানমন্ত্রী মোদীয়ে বিশ্বেশ্বৰক 'বিহাৰৰ জীয়াৰী' বুলি কয়।


তেওঁ কয়, 'ট্রিনিডাড-টবেগোৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰৰ উপৰিপুৰুষসকল বিহাৰৰ বক্সাৰত বাস কৰিছিল। কমলা ডাঙৰীয়ানীয়ে নিজেও তালৈ গৈছে। তেওঁক মানুহে বিহাৰৰ জীয়াৰী বুলি বিবেচনা কৰে।' মোদীয়ে আৰু কয় যে বিশ্বৰ বিভিন্ন ঠাইলৈ প্রব্রজিত হোৱা গিৰমিটীয়া সম্প্ৰদায়ৰ ভাৰতত থকা গাঁও-নগৰ তথা তেওঁলোকৰ উপৰিপুৰুষ ক'ৰ পৰা প্ৰব্ৰজন কৰিছিল সেই বিষয়ে এক তথ্য ভাণ্ডাৰ সৃষ্টিৰ কামত চৰকাৰে সক্রিয়ভাৱে কাম কৰি আছে। তদুপৰি ট্ৰিনিডাড- টবেগোত থকা ভাৰতীয় মূলৰ লোকৰ বাবে ষষ্ঠ পুৰুষলৈ অভাৰছীজ চিটিজেন অব্ ইণ্ডিয়া (অ'চি আই) দিয়া হ'ব বুলি মোদীয়ে ঘোষণা কৰে। তেওঁ আৰু কয় যে ইয়াৰ ফলত কোনো বাধা নথকাকৈ ভাৰতীয় মূলৰ লোকে ভাৰতত কাম কৰিব আৰু বাস কৰিব পাৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ