--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মোদীৰ আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব, ভাৰতীয় মূলৰ লোকৰ সৈতে গভীৰ সম্পৰ্ক আৰু কভিড-১৯ মহামাৰীৰ সময়ত মোদীৰ মানৱীয় প্ৰচেষ্টাৰ বাবে দেশখনে মোদীক এই সন্মানেৰে সন্মানিত কৰে

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুকুৰবাৰে ট্ৰিনিডাড-টবেগোৰ সর্বোচ্চ অসামৰিক সন্মান 'দি অৰ্ডাৰ অব্ দ্য ৰিপাব্লিক অব্ ট্রিনিডাড এণ্ড টবেগো'ৰে সন্মানিত কৰা হয়।


মোদীৰ আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব, ভাৰতীয় মূলৰ লোকৰ সৈতে গভীৰ সম্পৰ্ক আৰু কভিড-১৯ মহামাৰীৰ সময়ত মোদীৰ মানৱীয় প্ৰচেষ্টাৰ বাবে দেশখনে মোদীক এই সন্মানেৰে সন্মানিত কৰে। উল্লেখযোগ্য যে পাঁচ দেশৰ ভ্ৰমণসূচীৰে যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণৰ দ্বিতীয় কাৰ্যসূচীত বৃহস্পতিবাৰে নিশা ট্রিনিডাড-টবেগোত উপস্থিত হয়। প্রধানমন্ত্রী মোদীক ভাৰতীয় মূলৰ লোকসকলে এক লোক-সংগীতৰ অনুষ্ঠানেৰে আদৰণি জনায়।


প্রধানমন্ত্রী মোদীয়ে দুদিনীয়া ভ্রমণসূচীৰে প'ৰ্ট অব্ স্পেইনৰ পিয়ার্ক' আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ এক ব্যঞ্জনাত্মক লোক-সংগীত ভোজপুৰী চৌতালেৰে ভাৰতীয় মূলৰ লোকসকলে আদৰণি জনায়। বিমান বন্দৰত প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰ আৰু কেইবাজনো মন্ত্ৰীয়ে আদৰণি জনায়। তেওঁক অধিক সাংস্কৃতিক অনুষ্ঠানেৰে আদৰণি জনোৱা হয় তথা আনুষ্ঠানিক গার্ড অব অনাৰ দিয়া হয়। প্রধানমন্ত্রী মোদীয়ে ভাৰতীয় মূলৰ লোকৰ এক বৃহৎ সমাৱেশত ভাষণো দিয়ে। এই অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰ, মন্ত্ৰী আৰু সাংসদসকল উপস্থিত থাকে। এই সমাৱেশত দেশখনৰ প্ৰধানমন্ত্ৰী বিশ্বেশ্বৰে মোদীৰ নেতৃত্বক প্রশংসা কৰে। তেওঁ মোদীক 'ভাৰতৰ প্ৰশাসন সংস্কাৰ কৰা পৰিৱৰ্তনৰ শক্তি' বুলি অভিহিত কৰে। তেওঁ আৰু কয় যে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ দূৰদৃষ্টিসম্পন্ন আৰু ভৱিষ্যদর্শী পদক্ষেপেৰে ভাৰতীয় অৰ্থনীতিৰ আধুনিকীকৰণ কৰিলে। ইফালে, প্রধানমন্ত্রী মোদীয়ে বিশ্বেশ্বৰক 'বিহাৰৰ জীয়াৰী' বুলি কয়।


তেওঁ কয়, 'ট্রিনিডাড-টবেগোৰ প্ৰধানমন্ত্ৰী কমলা প্রসাদ বিশ্বেশ্বৰৰ উপৰিপুৰুষসকল বিহাৰৰ বক্সাৰত বাস কৰিছিল। কমলা ডাঙৰীয়ানীয়ে নিজেও তালৈ গৈছে। তেওঁক মানুহে বিহাৰৰ জীয়াৰী বুলি বিবেচনা কৰে।' মোদীয়ে আৰু কয় যে বিশ্বৰ বিভিন্ন ঠাইলৈ প্রব্রজিত হোৱা গিৰমিটীয়া সম্প্ৰদায়ৰ ভাৰতত থকা গাঁও-নগৰ তথা তেওঁলোকৰ উপৰিপুৰুষ ক'ৰ পৰা প্ৰব্ৰজন কৰিছিল সেই বিষয়ে এক তথ্য ভাণ্ডাৰ সৃষ্টিৰ কামত চৰকাৰে সক্রিয়ভাৱে কাম কৰি আছে। তদুপৰি ট্ৰিনিডাড- টবেগোত থকা ভাৰতীয় মূলৰ লোকৰ বাবে ষষ্ঠ পুৰুষলৈ অভাৰছীজ চিটিজেন অব্ ইণ্ডিয়া (অ'চি আই) দিয়া হ'ব বুলি মোদীয়ে ঘোষণা কৰে। তেওঁ আৰু কয় যে ইয়াৰ ফলত কোনো বাধা নথকাকৈ ভাৰতীয় মূলৰ লোকে ভাৰতত কাম কৰিব আৰু বাস কৰিব পাৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক