--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আণৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন আৰু গৃহীত কৰিবৰ বাবে এতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিন এসপ্তাহ বঢ়াই দিয়া হৈছে

ডিজিটেল ডেস্ক : কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ঘোষণা কৰে যে সংসদৰ বর্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ'ব আৰু ২১ আগষ্টলৈ চলিব। ৰিজিজুৱে বুধবাৰে কয় যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহ'ব।


তিনি মাহৰ বিৰতিৰ পাছত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োখন সদনৰে কাম-কাজ আৰম্ভ হ'ব। ইয়াৰ আগতে ৰিজিজুৱে জনাইছিল যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতিয়ে সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিনৰ প্ৰস্তাৱ কৰিছিল।


আগতে কৰা ঘোষণা মতে সংসদৰ বর্ষাকালীন অধিৱেশন ১২ আগষ্টত অন্ত পৰাৰ কথা আছিল। কিন্তু আণৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন আৰু গৃহীত কৰিবৰ বাবে এতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিন এসপ্তাহ বঢ়াই দিয়া হৈছে। ইফালে সংসদৰ বর্ষাকালীন অধিৱেশনৰ আগত বৃহস্পতিবাৰে লোক সভাৰ অধ্যক্ষ ওম বিৰলাই সকলো দলকে সংসদৰ কাম-কাজত ব্যাঘাত জন্মোৱা কার্য হ্রাস কৰিবলৈ আহ্বান জনায়।


হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত নগৰীয়া স্থানীয় প্রশাসনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সন্মিলনত অংশগ্ৰহণ কৰি বিৰলাই আৰু কয়, 'এয়া হৈছে পৰিৱৰ্তনৰ সময়। যদি আমি গণতন্ত্রক শক্তিশালী কৰিব লাগে আৰু গণতান্ত্রিক প্রতিষ্ঠানক জবাবদিহি কৰিব লাগে, তেন্তে আমি নিশ্চিত কৰিব লাগিব যাতে সংসদৰ কাম-কাজ সঠিক ধৰণে হয়।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ