--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আণৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন আৰু গৃহীত কৰিবৰ বাবে এতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিন এসপ্তাহ বঢ়াই দিয়া হৈছে

ডিজিটেল ডেস্ক : কেন্দ্রীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ঘোষণা কৰে যে সংসদৰ বর্ষাকালীন অধিৱেশন ২১ জুলাইত আৰম্ভ হ'ব আৰু ২১ আগষ্টলৈ চলিব। ৰিজিজুৱে বুধবাৰে কয় যে স্বাধীনতা দিৱস উদযাপনৰ বাবে ১৩ আৰু ১৪ আগষ্টত সংসদৰ অধিৱেশন অনুষ্ঠিত নহ'ব।


তিনি মাহৰ বিৰতিৰ পাছত ২১ জুলাইৰ পুৱা ১১ বজাত দুয়োখন সদনৰে কাম-কাজ আৰম্ভ হ'ব। ইয়াৰ আগতে ৰিজিজুৱে জনাইছিল যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত সংসদীয় পৰিক্ৰমা বিভাগৰ কেবিনেট সমিতিয়ে সংসদৰ বর্ষাকালীন অধিৱেশনৰ দিনৰ প্ৰস্তাৱ কৰিছিল।


আগতে কৰা ঘোষণা মতে সংসদৰ বর্ষাকালীন অধিৱেশন ১২ আগষ্টত অন্ত পৰাৰ কথা আছিল। কিন্তু আণৱিক খণ্ডত ব্যক্তিগত খণ্ডৰ প্ৰৱেশকে ধৰি কেইবাখনো গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন আৰু গৃহীত কৰিবৰ বাবে এতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিন এসপ্তাহ বঢ়াই দিয়া হৈছে। ইফালে সংসদৰ বর্ষাকালীন অধিৱেশনৰ আগত বৃহস্পতিবাৰে লোক সভাৰ অধ্যক্ষ ওম বিৰলাই সকলো দলকে সংসদৰ কাম-কাজত ব্যাঘাত জন্মোৱা কার্য হ্রাস কৰিবলৈ আহ্বান জনায়।


হাৰিয়ানাৰ গুৰুগ্ৰামত অনুষ্ঠিত নগৰীয়া স্থানীয় প্রশাসনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সন্মিলনত অংশগ্ৰহণ কৰি বিৰলাই আৰু কয়, 'এয়া হৈছে পৰিৱৰ্তনৰ সময়। যদি আমি গণতন্ত্রক শক্তিশালী কৰিব লাগে আৰু গণতান্ত্রিক প্রতিষ্ঠানক জবাবদিহি কৰিব লাগে, তেন্তে আমি নিশ্চিত কৰিব লাগিব যাতে সংসদৰ কাম-কাজ সঠিক ধৰণে হয়।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক