--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সদৌ অসম ছাত্র সন্থাই কালি জিলাই জিলাই 'কা' বাতিল কৰাৰ লগতে অসমক 'কা' আৰু শেহতীয়া নির্দেশৰ আওতাৰ বাহিৰত ৰখা, বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত সত্যাগ্রহ কৰে।

ডিজিটেল ডেস্ক : কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে যোৱা ১ ছেপ্টেম্বৰত 'অনুপ্ৰৱেশকাৰী আৰু বিদেশী (ৰেহাই) নির্দেশ ২০২৫ জাৰি কৰি ভাৰতত বিদেশীৰ প্ৰৱেশৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা কাৰ্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হ'ল সমগ্ৰ ৰাজ্য। 


চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বাবে বৃহস্পতিবাৰে বিভিন্ন দল সংগঠনে ৰাজ্যজুৰি বিক্ষোভ প্রদর্শন কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু নির্দেশনাখনৰ প্ৰতিলিপি দাহ কৰে। হিন্দু বিদেশীক ৰঙা দলিচা পাৰি অসমলৈ মাতি বৰপীৰা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰে। 


সদৌ অসম ছাত্র সন্থাই কালি জিলাই জিলাই 'কা' বাতিল কৰাৰ লগতে অসমক 'কা' আৰু শেহতীয়া নির্দেশৰ আওতাৰ বাহিৰত ৰখা, বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত সত্যাগ্রহ কৰে। 


পুৱা ৬ বজাৰ পৰা আছু কৰ্মীসকলে জিলা সদৰত এঘাৰ ঘণ্টীয়া অনশন আৰম্ভ কৰে। আনহাতে প্রতিখন জিলাতে প্রতিবাদকাৰীসকলে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ প্রতিলিপি দাহ কৰে। 


আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও কালি গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ আৰু 'কা' বাতিল কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধান কৰাৰ দাবীত জিলাই জিলাই বিক্ষোভ প্রদর্শন কৰে। প্রতিবাদকাৰীসকলে জিলা সদৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে কেন্দ্রীয় গৃহ মন্ত্রী আৰু গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰে। 


ইয়াৰ উপৰি সংগঠনটোৱে শেহতীয়া নির্দেশনা প্রত্যাহাৰ আৰু 'কা' বাতিলৰ দাবীত অহা ৬ ছেপ্টেম্বৰত পুনৰ ৰাজ্যজুৰি 'অগ্নিশিখা' কার্যসূচী ঘোষণা কৰে। আনহাতে অসমৰ বহুকেইটা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ অসম সম্মিলিত মর্চাই ২০২৪ চনলৈ অনুপ্ৰৱেশ কৰা বিদেশীক নাগৰিকত্ব প্রদান কৰা, খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক ভূমি প্ৰদান কৰা আৰু মুখ্যমন্ত্রীকে ধৰি বিজেপি নেতা-মন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক কেলেংকাৰিৰ বিৰুদ্ধে মহানগৰীৰ চচলত বিক্ষোভ প্রদর্শন কৰে। শ শ প্রতিবাদকাৰীৰ বিক্ষোভত চচল উত্তাল হৈ পৰে। 


ইফালে কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়েও কালি ৰাজ্যজুৰি তীব্র বিক্ষোভ প্রদর্শন কৰে। 'কা' আৰু শেহতীয়া নিৰ্দেশনা বাতিল কৰাৰ দাবীত সংগঠন দুটাই আজি জিলাই জিলাই বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান