--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সদৌ অসম ছাত্র সন্থাই কালি জিলাই জিলাই 'কা' বাতিল কৰাৰ লগতে অসমক 'কা' আৰু শেহতীয়া নির্দেশৰ আওতাৰ বাহিৰত ৰখা, বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত সত্যাগ্রহ কৰে।

ডিজিটেল ডেস্ক : কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে যোৱা ১ ছেপ্টেম্বৰত 'অনুপ্ৰৱেশকাৰী আৰু বিদেশী (ৰেহাই) নির্দেশ ২০২৫ জাৰি কৰি ভাৰতত বিদেশীৰ প্ৰৱেশৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা কাৰ্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে উত্তাল হ'ল সমগ্ৰ ৰাজ্য। 


চৰকাৰৰ অসম বিৰোধী স্থিতিৰ বাবে বৃহস্পতিবাৰে বিভিন্ন দল সংগঠনে ৰাজ্যজুৰি বিক্ষোভ প্রদর্শন কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু নির্দেশনাখনৰ প্ৰতিলিপি দাহ কৰে। হিন্দু বিদেশীক ৰঙা দলিচা পাৰি অসমলৈ মাতি বৰপীৰা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য বৃহস্পতিবাৰে প্ৰতিবাদমুখৰ হৈ পৰে। 


সদৌ অসম ছাত্র সন্থাই কালি জিলাই জিলাই 'কা' বাতিল কৰাৰ লগতে অসমক 'কা' আৰু শেহতীয়া নির্দেশৰ আওতাৰ বাহিৰত ৰখা, বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত সত্যাগ্রহ কৰে। 


পুৱা ৬ বজাৰ পৰা আছু কৰ্মীসকলে জিলা সদৰত এঘাৰ ঘণ্টীয়া অনশন আৰম্ভ কৰে। আনহাতে প্রতিখন জিলাতে প্রতিবাদকাৰীসকলে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ প্রতিলিপি দাহ কৰে। 


আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদেও কালি গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ আৰু 'কা' বাতিল কৰাৰ লগতে অসমৰ বিদেশী সমস্যা সমাধান কৰাৰ দাবীত জিলাই জিলাই বিক্ষোভ প্রদর্শন কৰে। প্রতিবাদকাৰীসকলে জিলা সদৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে কেন্দ্রীয় গৃহ মন্ত্রী আৰু গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰে। 


ইয়াৰ উপৰি সংগঠনটোৱে শেহতীয়া নির্দেশনা প্রত্যাহাৰ আৰু 'কা' বাতিলৰ দাবীত অহা ৬ ছেপ্টেম্বৰত পুনৰ ৰাজ্যজুৰি 'অগ্নিশিখা' কার্যসূচী ঘোষণা কৰে। আনহাতে অসমৰ বহুকেইটা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ অসম সম্মিলিত মর্চাই ২০২৪ চনলৈ অনুপ্ৰৱেশ কৰা বিদেশীক নাগৰিকত্ব প্রদান কৰা, খিলঞ্জীয়াক উচ্ছেদ কৰি পুঁজিপতিক ভূমি প্ৰদান কৰা আৰু মুখ্যমন্ত্রীকে ধৰি বিজেপি নেতা-মন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক কেলেংকাৰিৰ বিৰুদ্ধে মহানগৰীৰ চচলত বিক্ষোভ প্রদর্শন কৰে। শ শ প্রতিবাদকাৰীৰ বিক্ষোভত চচল উত্তাল হৈ পৰে। 


ইফালে কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়েও কালি ৰাজ্যজুৰি তীব্র বিক্ষোভ প্রদর্শন কৰে। 'কা' আৰু শেহতীয়া নিৰ্দেশনা বাতিল কৰাৰ দাবীত সংগঠন দুটাই আজি জিলাই জিলাই বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ