--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দৈনিক জনমভূমিয়েই একমাত্র ব্যতিক্রম যাৰ বিক্ৰী দিনে দিনে বাঢ়ি গৈছে, এই অগ্রগতি জাতিৰ বাবে অতি শুভ লক্ষণ।

ডিজিটেল ডেস্কঃ 'ৰঙালী বিহু উপলক্ষে প্রকাশ হোৱা জনমভূমিৰ আলোচনীখন পুনৰ প্ৰকাশ কৰিবলগা হৈছিল পাঠকৰ অভাৱনীয় তাগিদাত। এইটো কেৱল জনমভূমিৰ বাবেই নহয়, গোটেই জাতিটোৰ বাবে সু-খবৰ যে অসমীয়া আলোচনীৰ পাঠক এনেধৰণে বৃদ্ধি পাইছে।' বৃহস্পতিবাৰে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনীৰ উন্মোচনী অনুষ্ঠানত এইদৰে কয় প্রাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে।


বৃহস্পতিবাৰে মহানগৰীৰ প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ কাৰ্যালয়ত আলোচনীখন চি এম ডি ড° সঞ্জীৱ নাৰায়ণৰ সৈতে উন্মোচন কৰি দিয়া ভাষণত তেওঁ লগতে এই বুলিও কয় যে বিগত বছৰসমূহত অসমীয়া কাকত গোষ্ঠীসমূহে বসন্ত আৰু শাৰদ সংখ্যা আলোচনী প্রকাশ কৰোঁতে যথেষ্ঠ কষ্টৰ সন্মুখীন হৈছে আৰু বহুতে প্রকাশ বন্ধ কৰি দিছে।


আনকি বাংলা ভাষাৰ পূজা সংখ্যাৰ আলোচনীসমূহো আগতে যি হাৰত বিক্ৰী হৈছিল এতিয়া তেনেদৰে বিক্ৰী নহয় বুলি উল্লেখ কৰি ৰাজগুৰুৱে কয় যে ইয়াৰ মাজত দৈনিক জনমভূমিয়েই একমাত্র ব্যতিক্রম যাৰ বিক্ৰী দিনে দিনে বাঢ়ি গৈছে, এই অগ্রগতি জাতিৰ বাবে অতি শুভ লক্ষণ। উল্লেখযোগ্য যে কালি দৈনিক জনমভূমিৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত শাৰদীয় সংখ্যা দৈনিক জনমভূমি প্রতিষ্ঠানটোৰ চি এম ডি ড° সঞ্জীৱ নাৰায়ণে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে যিকেইজন সাংবাদিক- সংবাদকর্মীৰ প্রচেষ্টাৰ ফলত আলোচনীখন প্রকাশ হ'ল তেওঁলোকক এখন গামোচাৰে সম্বর্ধনা জনায়। আলোচনীখন মুকলি কৰি ড°নাৰায়ণে কয় যে কেইবা দশক ধৰি চলি থকা দৈনিক জনমভূমিৰ আলোচনীখন আৰু বাতৰিকাকতখন ৰাইজে আদৰি লোৱাটো অত্যন্ত আশাৰ বতৰা। তেওঁ লগতে এইবুলিও কয় যে সঞ্জীৱ কুমাৰ ফুকনৰ সবল নেতৃত্বত দৈনিক জনমভূমিৰ চাৰিটা সংস্কৰণ আৰু বড়ো ভাষাৰ এটা পৃষ্ঠা প্রকাশ পোৱাটো পাঠকৰ মৰম আৰু আগ্রহৰ ফল। চি এম ডিজনে আলোচনীখন প্রকাশৰ ক্ষেত্ৰত কিশোৰ গোস্বামীয়ে ব্যক্তিগত সমস্যাকো অতিক্রম কৰি যি পৰিশ্ৰম কৰিলে তাৰ শলাগ লয়।


ড°নাৰায়ণে আলোচনীখন সম্পাদনা কৰা কিশোৰ গোস্বামীৰ লগতে আলোচনীখনৰ লগত জড়িত থকা হৰি চন্দ্ৰ বৈশ্য, সুমন দাস, গুণমণি কলিতা, সঞ্জীৱ ঠাকুৰীয়া আৰু গৌৰৱ বুঢ়াগোহাঁইক সম্বর্ধনা জনায়। অনুষ্ঠানটোত দৈনিক জনমভূমিৰ কার্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয় যে এই আলোচনীখনত ৮খন উপন্যাস, ২খন শিশু উপন্যাস, ১৯টা গল্প, ২টা অনুবাদ গল্প, ২খন কাব্য উপন্যাসৰ উপৰি অন্যান্য সাহিত্য সম্ভাৰৰ লগতে কেতবোৰ অভিনৱ সংযোজনো আছে। তেওঁ ৪০০ পৃষ্ঠাৰ এই আলোচনীখন পাঠকৰ বাবে অতি আকর্ষণীয় হ'ব বুলি উল্লেখ কৰি কয় যে এই আলোচনীখন দৈনিক জনমভূমিৰ চাৰিটা সংস্কৰণতে মুকলি কৰা হৈছে। চীফ ৰিপ'ৰ্টাৰ অমল গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত প্রাগ-জনমভূমিৰ মহাপ্রবন্ধক চন্দ্রশেখৰ শৰ্মা, প্রাগৰ কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞা, সহযোগী সম্পাদক খনীন্দ্র ডেকা, ৰেঙনিৰ চি ই অ' জিতেন্দ্র অসিত চুতীয়া, প্রাগ ডিজিটেলৰ মুৰব্বী বিষয়া সৌভিক ৰয় চৌধুৰীকে ধৰি প্ৰাগ জনমভূমিৰ বহুসংখ্যক সদস্য উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু