--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰ সৈতে কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ডেস্ক : ৰাজনৈতিক মহলক আচৰিত কৰি মহাৰাষ্ট্ৰত একনাথ সিন্দে নেতৃত্বাধীন শিৱ সেনাই ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) সৈতে এখন পৌৰ নিগমত নির্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে।


উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ থাকৰেৰ এম এন এছে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাৰ সৈতে বৃহন মুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত একেলগে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপি আৰু একনাথ সিন্দেৰ শিৱ সেনাৰ মিত্রজোঁটেহে বি এম চিত অধিক সফলতা লাভ কৰিছিল। 


শেহতীয়া তথ্য অনুসৰি, একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰ সৈতে কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৫৩খন, শিৱ সেনা (সিন্দে)ই ৫০খন আসন লাভ কৰিছিল। কিন্তু পৌৰ নিগমখনত সংখ্যাগৰিষ্ঠতাৰ বাবে ৬২খন আসন লাগে। 


ইফালে দুয়োটা দলকে মেয়ৰ পদটো লাগে। এই পৰিপ্ৰেক্ষিতত পৌৰ নিগমখনৰ ক্ষমতা দখলৰ বাবে একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰে নির্বাচনোত্তৰ মিত্ৰতা কৰাৰ দিশত আগবাঢ়িছে। এই ক্ষেত্রত দুয়োটা দলৰ নেতাৰ মাজত বৈঠকো হৈছে বুলি জানিব পৰা গৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু