--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰ সৈতে কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে।

ডিজিটেল ডেস্ক : ৰাজনৈতিক মহলক আচৰিত কৰি মহাৰাষ্ট্ৰত একনাথ সিন্দে নেতৃত্বাধীন শিৱ সেনাই ৰাজ থাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ (এম এন এছ) সৈতে এখন পৌৰ নিগমত নির্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে।


উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ থাকৰেৰ এম এন এছে উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱ সেনাৰ সৈতে বৃহন মুম্বাই পৌৰ নিগমৰ (বি এম চি) নির্বাচনত একেলগে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও বিজেপি আৰু একনাথ সিন্দেৰ শিৱ সেনাৰ মিত্রজোঁটেহে বি এম চিত অধিক সফলতা লাভ কৰিছিল। 


শেহতীয়া তথ্য অনুসৰি, একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰ সৈতে কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনোত্তৰ মিত্ৰতা কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, কল্যাণ ডমবিভলী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ৫৩খন, শিৱ সেনা (সিন্দে)ই ৫০খন আসন লাভ কৰিছিল। কিন্তু পৌৰ নিগমখনত সংখ্যাগৰিষ্ঠতাৰ বাবে ৬২খন আসন লাগে। 


ইফালে দুয়োটা দলকে মেয়ৰ পদটো লাগে। এই পৰিপ্ৰেক্ষিতত পৌৰ নিগমখনৰ ক্ষমতা দখলৰ বাবে একনাথ সিন্দেৰ শিৱ সেনাই এম এন এছৰে নির্বাচনোত্তৰ মিত্ৰতা কৰাৰ দিশত আগবাঢ়িছে। এই ক্ষেত্রত দুয়োটা দলৰ নেতাৰ মাজত বৈঠকো হৈছে বুলি জানিব পৰা গৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ