--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দিল্লী আৰক্ষীয়ে নিজৰ তৎপৰতা প্ৰদৰ্শন কৰি চিচিটিভি ফুটেজ আৰু কাৰিকৰী অনুসন্ধানৰ সহায়ত ঘটনাৰ মাত্ৰ ৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ উত্তৰ-বাহ্যিক জিলাৰ চিৰচপুৰ অঞ্চলত এজন ১৭ বছৰীয়া কিশোৰক নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


অৱশ্যে, দিল্লী আৰক্ষীয়ে নিজৰ তৎপৰতা প্ৰদৰ্শন কৰি চিচিটিভি ফুটেজ আৰু কাৰিকৰী অনুসন্ধানৰ সহায়ত ঘটনাৰ মাত্ৰ ৪ ঘণ্টাৰ ভিতৰতে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ সূত্ৰ অনুসৰি, এই মৰ্মান্তিক ঘটনাটো যোৱা ২১ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাত সংঘটিত হৈছিল। মৃত কিশোৰজনে তেওঁৰ বন্ধুসকলৰ সৈতে চিৰচপুৰৰ ৰাণা পাৰ্কত জুইৰ কাষত বহি আছিল। তেনে সময়তে ৬-৭ জনীয়া এটা দল তাত উপস্থিত হয় আৰু কোনো কাৰণ নোহোৱাকৈ কিশোৰজনৰ সৈতে বিবাদত লিপ্ত হয়। বিবাদ তীব্ৰতৰ হোৱাত আক্ৰমণকাৰীৰ দলটোৱে ছুৰী উলিয়াই লয়। কিশোৰজনে দুজনৰ আক্ৰমণৰ পৰা নিজকে বচাবলৈ সক্ষম হৈছিল যদিও তৃতীয়জন অভিযুক্তই তেওঁৰ বুকুত গভীৰভাৱে ছুৰীৰে আঘাত কৰে।

কিশোৰজনক লগে লগে বাবাচাহেব আম্বেদকাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।



ঘটনাৰ খবৰ পোৱাৰ লগে লগে দিল্লী আৰক্ষীৰ ক্ৰাইম টিম ঘটনাস্থলীত উপস্থিত হয়। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে অভিযুক্তৰ মোবাইল ফোনৰ টেকনিকেল চাৰ্ভিলেন্সৰ সহায় লোৱা হয়। আৰক্ষীয়ে সমগ্ৰ নিশা দিল্লীৰ বিভিন্ন ঠাইত তালাচী চলাই ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।


গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনৰ চিনাক্তকৰণ এনেধৰণৰ:

১. অজয় ওৰফে বিন্ধী

২. ছানী ওৰফে ভটুৰা

৩. সূৰজ

৪. ৰাজু ওৰফে বঙালী

৫. এজন নাবালক



আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা ছুৰীখন উদ্ধাৰ কৰিছে। অভিযুক্তৰ মাজৰ এজনৰ বিৰুদ্ধে পূৰ্বেও অপৰাধমূলক গোচৰ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সম্প্ৰতি আৰক্ষীয়ে এই জঘন্য কাণ্ডৰ সৈতে জড়িত আন লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ