--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০০৩ চনত মুক্তি লাভ কৰি দৰ্শকক আৱেগিক কৰি তোলা চালমান খানৰ এই মহাকাব্যিক প্ৰেমকাহিনী অহা ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে পুনৰ দেশৰ বিভিন্ন ছবিগৃহত মুক্তি দিয়া হ’ব।

ডিজিটেল ডেস্ক: বলীউডত বৰ্তমান পুৰণি কাল্ট ক্লাছিক ছবিসমূহ পুনৰ মুক্তি দিয়াৰ এক জোৱাৰ উঠিছে। 'লেয়লা মজ্নু', 'ৰেহনা হে তেৰে দিল মে'ৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ সেই তালিকাত সংযোজন হ’বলৈ গৈছে আন এক অবিস্মৰণীয় নাম— 'তেৰে নাম' (Tere Naam)। 


২০০৩ চনত মুক্তি লাভ কৰি দৰ্শকক আৱেগিক কৰি তোলা চালমান খানৰ এই মহাকাব্যিক প্ৰেমকাহিনী অহা ২৭ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে পুনৰ দেশৰ বিভিন্ন ছবিগৃহত মুক্তি দিয়া হ’ব।


২৩ বছৰীয়া যাত্ৰাৰ এক বিশেষ উদযাপন


২০০৩ চনত মুক্তি পোৱা এই ছবিখনে ইতিমধ্যে ২৩ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। সেই সময়ত ছবিখনৰ 'ৰাধে' চৰিত্ৰটোৱে কেৱল জনপ্ৰিয়তাই নহয়, বৰঞ্চ এক ফেশ্বন ট্ৰেণ্ডৰো সৃষ্টি কৰিছিল। স্বৰ্গীয় সতীশ কৌশিকৰ দ্বাৰা পৰিচালিত এই ছবিখনে আজিও হিন্দী চিনেমাৰ শ্ৰেষ্ঠ ট্ৰেজিক লাভ ষ্ট'ৰীসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈ আছে।


ছ’চিয়েল মিডিয়াত 'ৰাধে'ৰ উন্মাদনা


পুনৰ মুক্তিৰ বাতৰিটোৱে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। অনুৰাগীসকলে তেওঁলোকৰ প্ৰিয় সংলাপ আৰু গীতসমূহ শ্বেয়াৰ কৰি নিজৰ উছাহ প্ৰকাশ কৰিছে।


সংগীত আৰু অভিনয়ৰ যাদু


হিমেশ ৰেশমিয়াৰ আৱহ সংগীত আৰু গীতসমূহ আজিও সংগীতপ্ৰেমীৰ মুখত শুনা যায়। 'লগন লগি', 'কিউ কিছি কো' আৰু শীৰ্ষ গীত 'তেৰে নাম'ৰ যাদুৱে ছবিগৃহত দৰ্শকক পুনৰ আকৰ্ষিত কৰিব বুলি নিশ্চিত ট্ৰেড এনালিষ্টসকল। উল্লেখ্য যে, ১২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখনে ২০০৩ চনত প্ৰায় ২৪.৫৪ কোটি টকা উপাৰ্জন কৰিছিল।


ছিকুৱেলৰ অনিশ্চয়তা


ছবিখনৰ দ্বিতীয় খণ্ড বা ছিকুৱেলক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল। চালমান খানে জনাইছিল যে পৰিচালক সতীশ কৌশিকৰ সৈতে এই সন্দৰ্ভত কথা-বতৰাও হৈছিল, কিন্তু ২০২৪ চনত কৌশিকৰ আকস্মিক বিয়োগৰ পিছত এই পৰিকল্পনা থমকি ৰয়। সেয়েহে, 'তেৰে নাম ২' নোহোৱাৰ পৰিপ্ৰেক্ষিতত মূল ছবিখন পুনৰ উপভোগ কৰিবলৈ অনুৰাগীসকল অধিক আগ্ৰহী হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ