--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনতে গ্রহণ কৰা এক সিদ্ধান্তৰ ভিত্তিত পৌৰ নিগমে এই অভিযান পুনৰ আৰম্ভ কৰে। পৌৰ নিগমৰ এম আই চি বৈঠকৰ সিদ্ধান্ত মর্মে বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে আছিল কঠোৰ নিৰ্দেশনা।

ডিজিটেল ডেস্কঃ পুনৰ বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে গুৱাহাটী মহানগৰত পৌৰ নিগমৰ অভিযান আৰম্ভ হৈছে। পৌৰ নিগমৰ এনফ'চমেন্ট বিভাগে আজি লঘু যান-বাহন আইন ভংগ কৰি তীব্র গতিত চলা বহুসংখ্যক ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই বেটাৰীসমূহ জব্দ কৰে।


২০২৩ চনতে গ্রহণ কৰা এক সিদ্ধান্তৰ ভিত্তিত পৌৰ নিগমে এই অভিযান পুনৰ আৰম্ভ কৰে। পৌৰ নিগমৰ এম আই চি বৈঠকৰ সিদ্ধান্ত মর্মে বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে আছিল কঠোৰ নিৰ্দেশনা। ইয়াৰ পাছত সময়ে সময়ে এই ৰিক্সাসমূহৰ বিৰুদ্ধে অভিযান চলিছিল যদিও এইবাৰ অধিক কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।


উল্লেখযোগ্য যে, মহানগৰৰ চিটিবাছ, শ্বেয়াৰ টেক্সি, চলাচল কৰি থকা মূল পথতে বিপজ্জনকভাবে বেটাৰী চালিত ৰিক্সা চলাচল কৰি আছে। মহানগৰৰ বিভিন্ন পথত চলাচল কৰি থকা এইসমূহ ৰিক্সাৰ বাবে পথত যান-জট সৃষ্টি হোৱাৰ লগতে সময়ে সময়ে দুর্ঘটনা সংঘটিত হৈ আহিছে অবৈধভাৱে চলাচল কৰা এই সমূহ বেটাৰী চালিত ৰিক্সাৰ বাবেই পথত সমস্যা বৃদ্ধি পোৱাৰ লগতে জীৱনৰ নিৰাপত্তা নথকা এইসমূহ ৰিক্সাৰ বাবে ভয়ানক বিপদৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।


বর্তমান মহানগৰৰ পথসমূহত সহস্রাধিক বেটাৰী চালিত ৰিক্সা দৈনিক চলাচল কৰে। বিশেষকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৰ দিনতেই মহানগৰৰ পথত অবৈধভাবে চলি থকা বেটেৰিচালিত ৰিক্সাসমূহ পৰিবহণ বিভাগৰ নিয়ম মতে দাঁতি-কাষৰীয়া এলেকাত চলাচল কৰাৰ নির্দেশ জাৰি কৰিছিল। কিন্তু তাৰ পাছতো এইসমূহ ৰিক্সাৰ গৰাকীয়ে আজি পর্যন্ত প্রশাসনৰ নিয়ম উলংঘা কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ