--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৩ চনতে গ্রহণ কৰা এক সিদ্ধান্তৰ ভিত্তিত পৌৰ নিগমে এই অভিযান পুনৰ আৰম্ভ কৰে। পৌৰ নিগমৰ এম আই চি বৈঠকৰ সিদ্ধান্ত মর্মে বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে আছিল কঠোৰ নিৰ্দেশনা।

ডিজিটেল ডেস্কঃ পুনৰ বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে গুৱাহাটী মহানগৰত পৌৰ নিগমৰ অভিযান আৰম্ভ হৈছে। পৌৰ নিগমৰ এনফ'চমেন্ট বিভাগে আজি লঘু যান-বাহন আইন ভংগ কৰি তীব্র গতিত চলা বহুসংখ্যক ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাই বেটাৰীসমূহ জব্দ কৰে।


২০২৩ চনতে গ্রহণ কৰা এক সিদ্ধান্তৰ ভিত্তিত পৌৰ নিগমে এই অভিযান পুনৰ আৰম্ভ কৰে। পৌৰ নিগমৰ এম আই চি বৈঠকৰ সিদ্ধান্ত মর্মে বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে আছিল কঠোৰ নিৰ্দেশনা। ইয়াৰ পাছত সময়ে সময়ে এই ৰিক্সাসমূহৰ বিৰুদ্ধে অভিযান চলিছিল যদিও এইবাৰ অধিক কঠোৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।


উল্লেখযোগ্য যে, মহানগৰৰ চিটিবাছ, শ্বেয়াৰ টেক্সি, চলাচল কৰি থকা মূল পথতে বিপজ্জনকভাবে বেটাৰী চালিত ৰিক্সা চলাচল কৰি আছে। মহানগৰৰ বিভিন্ন পথত চলাচল কৰি থকা এইসমূহ ৰিক্সাৰ বাবে পথত যান-জট সৃষ্টি হোৱাৰ লগতে সময়ে সময়ে দুর্ঘটনা সংঘটিত হৈ আহিছে অবৈধভাৱে চলাচল কৰা এই সমূহ বেটাৰী চালিত ৰিক্সাৰ বাবেই পথত সমস্যা বৃদ্ধি পোৱাৰ লগতে জীৱনৰ নিৰাপত্তা নথকা এইসমূহ ৰিক্সাৰ বাবে ভয়ানক বিপদৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।


বর্তমান মহানগৰৰ পথসমূহত সহস্রাধিক বেটাৰী চালিত ৰিক্সা দৈনিক চলাচল কৰে। বিশেষকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত এম অংগমুথুৰ দিনতেই মহানগৰৰ পথত অবৈধভাবে চলি থকা বেটেৰিচালিত ৰিক্সাসমূহ পৰিবহণ বিভাগৰ নিয়ম মতে দাঁতি-কাষৰীয়া এলেকাত চলাচল কৰাৰ নির্দেশ জাৰি কৰিছিল। কিন্তু তাৰ পাছতো এইসমূহ ৰিক্সাৰ গৰাকীয়ে আজি পর্যন্ত প্রশাসনৰ নিয়ম উলংঘা কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল