--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সূৰ্যপাহাৰৰ বনভূমি দখল কৰি ৩০০-ৰো অধিক সন্দেহজনক লোকে স্থায়ী ঘৰ সাজি বসতি স্থাপন কৰিছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ তালুতে এইবাৰ ব্ৰহ্মখোঁট। গুৱাহাটীৰ সূৰ্যপাহাৰৰ নাম সলনি কৰি কুদৰতপুৰ কৰা হ'ল। আনকি সূর্য মন্দিৰৰ সমীপতে একাংশ সন্দেহজনক নাগৰিকে সাজিলে মাদ্রাছা-মছজিদো।


যিসময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে সেই সময়তে খোদ গুৱাহাটী মহানগীৰৰ আদিংগিৰিৰ সূৰ্যপাহাৰত একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰিছে। এসময়ৰ সেউজ পাহাৰখন কাটি গাঁও স্থাপন কৰিছে এইসকল লোকে।


জানিব পৰা মতে, সূৰ্যপাহাৰৰ বনভূমি দখল কৰি ৩০০-ৰো অধিক সন্দেহজনক লোকে স্থায়ী ঘৰ সাজি বসতি স্থাপন কৰিছে।


তেওঁলোকক ক'ৰ পৰা আহিছে বুলি সুধিলে তেওঁলোকে বৰপেটা, নগৰবেৰাৰ পৰা অহা বুলি উল্লেখ কৰে। সকলোতকৈ ডাঙৰ কথা যে সূৰ্যপাহাৰত স্থাপন কৰা হৈছে মছজিদ আৰু মাদ্রাছাও। এতিয়া নিতৌ সূৰ্যপাহাৰৰ পৰা ভাঁহি আহে আজানৰ শব্দ। যাৰ ফলত পাহাৰখনত থকা সূর্য মন্দিৰটো একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে। মাদ্ৰাছাখন সুদূৰ হাইলাকান্দিৰ পৰা অহা হজৰত শ্বেইখ আলাউদ্দিন ৰতনপুৰী নামৰ লোকজনে পৰিচালনা কৰি আছে। স্থানীয় লোকে প্রকাশ কৰা মতে, পাহাৰখনলৈ আজিকালি বহুতো অচিনাক্ত লোকৰ সমাগম হয়।


উক্ত লোকসকলে গুৱাহাটী মহনগৰীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলিও শংকা কৰি স্থানীয় ৰাইজে সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰাৰ লগতে ঐতিহ্যমণ্ডিত সূর্য মন্দিৰটো সুন্দৰকৈ গঢ়ি তোলাৰ বাবে দাবী জনাইছে।


ইফালে, বুধবাৰে সূৰ্যপাহাৰত হোৱা এই দখলৰ কথা সংবাদ মাধ্যমে প্রকাশ কৰাৰ পাছতেই উক্ত স্থানত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া ৰাজা বৈশ্যই পৰিস্থিতিৰ বুজ লয়। বৈশ্যই উক্ত অঞ্চলত দুশ ঘৰৰো অধিক লোক আছে বুলি উল্লেখ কৰি প্রশাসনে শীঘ্রেই এই অঞ্চলটোত উচ্ছেদ চলাব বুলি প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট