--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সূৰ্যপাহাৰৰ বনভূমি দখল কৰি ৩০০-ৰো অধিক সন্দেহজনক লোকে স্থায়ী ঘৰ সাজি বসতি স্থাপন কৰিছে।

ডিজিটেল ডেস্ক : অসমীয়াৰ তালুতে এইবাৰ ব্ৰহ্মখোঁট। গুৱাহাটীৰ সূৰ্যপাহাৰৰ নাম সলনি কৰি কুদৰতপুৰ কৰা হ'ল। আনকি সূর্য মন্দিৰৰ সমীপতে একাংশ সন্দেহজনক নাগৰিকে সাজিলে মাদ্রাছা-মছজিদো।


যিসময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি আছে সেই সময়তে খোদ গুৱাহাটী মহানগীৰৰ আদিংগিৰিৰ সূৰ্যপাহাৰত একাংশ সন্দেহজনক লোকে বসতি স্থাপন কৰিছে। এসময়ৰ সেউজ পাহাৰখন কাটি গাঁও স্থাপন কৰিছে এইসকল লোকে।


জানিব পৰা মতে, সূৰ্যপাহাৰৰ বনভূমি দখল কৰি ৩০০-ৰো অধিক সন্দেহজনক লোকে স্থায়ী ঘৰ সাজি বসতি স্থাপন কৰিছে।


তেওঁলোকক ক'ৰ পৰা আহিছে বুলি সুধিলে তেওঁলোকে বৰপেটা, নগৰবেৰাৰ পৰা অহা বুলি উল্লেখ কৰে। সকলোতকৈ ডাঙৰ কথা যে সূৰ্যপাহাৰত স্থাপন কৰা হৈছে মছজিদ আৰু মাদ্রাছাও। এতিয়া নিতৌ সূৰ্যপাহাৰৰ পৰা ভাঁহি আহে আজানৰ শব্দ। যাৰ ফলত পাহাৰখনত থকা সূর্য মন্দিৰটো একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰিছে। মাদ্ৰাছাখন সুদূৰ হাইলাকান্দিৰ পৰা অহা হজৰত শ্বেইখ আলাউদ্দিন ৰতনপুৰী নামৰ লোকজনে পৰিচালনা কৰি আছে। স্থানীয় লোকে প্রকাশ কৰা মতে, পাহাৰখনলৈ আজিকালি বহুতো অচিনাক্ত লোকৰ সমাগম হয়।


উক্ত লোকসকলে গুৱাহাটী মহনগৰীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলিও শংকা কৰি স্থানীয় ৰাইজে সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰাৰ লগতে ঐতিহ্যমণ্ডিত সূর্য মন্দিৰটো সুন্দৰকৈ গঢ়ি তোলাৰ বাবে দাবী জনাইছে।


ইফালে, বুধবাৰে সূৰ্যপাহাৰত হোৱা এই দখলৰ কথা সংবাদ মাধ্যমে প্রকাশ কৰাৰ পাছতেই উক্ত স্থানত উপস্থিত হৈ ৰাজহ চক্ৰ বিষয়া ৰাজা বৈশ্যই পৰিস্থিতিৰ বুজ লয়। বৈশ্যই উক্ত অঞ্চলত দুশ ঘৰৰো অধিক লোক আছে বুলি উল্লেখ কৰি প্রশাসনে শীঘ্রেই এই অঞ্চলটোত উচ্ছেদ চলাব বুলি প্রকাশ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ