--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুটিনৰ বৰ্ষ শেষৰ সংবাদমেলত পুটিনে ঘোষণা কৰে যে ৰুছ বাহিনীয়ে 'সম্পূর্ণভাৱে ৰণকৌশলগত নিয়ন্ত্রণ লাভ কৰিছে' আৰু বছৰটোৰ শেষলৈ আৰু সফল হ'ব।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শুকুৰবাৰে কয় যে মস্কোৰ সেনা বাহিনীয়ে ইউক্রেইনৰ যুদ্ধক্ষেত্রত অগ্রগতি লাভ কৰিছে। তেওঁ আৰু কয় যে ৰাছিয়াই সামৰিক লক্ষ্যত উপনীত হ'ব। 


পুটিনৰ বৰ্ষ শেষৰ সংবাদমেলত পুটিনে ঘোষণা কৰে যে ৰুছ বাহিনীয়ে 'সম্পূর্ণভাৱে ৰণকৌশলগত নিয়ন্ত্রণ লাভ কৰিছে' আৰু বছৰটোৰ শেষলৈ আৰু সফল হ'ব। ৰাছিয়াৰ বৃহত্তৰ তথা সুসজ্জিত সেনাই শেহতীয়া মাহবোৰত ইউক্রেইনত মন্থৰ কিন্তু দৃঢ় প্রগতি কৰিছে। 


উল্লেখযোগ্য যে বর্ষ শেষৰ এই সংবাদমেল দেশজুৰি প্ৰচাৰ হয় আৰু ৰাষ্ট্ৰপতিক প্রশ্ন সুধিব পাৰে। এই সংবাদমেলক পুটিনে তেওঁৰ ক্ষমতা দৃঢ় কৰা তথা দেশে-বিদেশে তেওঁৰ দৃষ্টিভংগী প্ৰচাৰৰ আহিলা হিচাপে লয়। উল্লেখযোগ্য যে ৰাছিয়া-ইউক্রেইনৰ প্ৰায় চাৰি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ব্যাপক কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে। 


পুটিনে ট্রাম্পৰ শান্তি প্রচেষ্টা সন্দর্ভত কৈছিল যে ৰাছিয়া তেনে শান্তিপূর্ণ সমাধানৰ বাবে প্রস্তুত, য'ত 'সংঘাত'ৰ মূল কাৰণৰ সমাধান হ'ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে চাৰিটা প্রধান অঞ্চলৰ তেওঁৰ বাহিনীয়ে দখল কৰা সকলো ঠাই বিচাৰে। তদুপৰি ২০১৪ চনত অবৈধভাৱে সংলগ্ন কৰা ক্রিমিয়া উপদ্বীপক ৰাছিয়াৰ অঞ্চলৰূপে স্বীকৃতি দিয়াটো বিচাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ