--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুটিনৰ বৰ্ষ শেষৰ সংবাদমেলত পুটিনে ঘোষণা কৰে যে ৰুছ বাহিনীয়ে 'সম্পূর্ণভাৱে ৰণকৌশলগত নিয়ন্ত্রণ লাভ কৰিছে' আৰু বছৰটোৰ শেষলৈ আৰু সফল হ'ব।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শুকুৰবাৰে কয় যে মস্কোৰ সেনা বাহিনীয়ে ইউক্রেইনৰ যুদ্ধক্ষেত্রত অগ্রগতি লাভ কৰিছে। তেওঁ আৰু কয় যে ৰাছিয়াই সামৰিক লক্ষ্যত উপনীত হ'ব। 


পুটিনৰ বৰ্ষ শেষৰ সংবাদমেলত পুটিনে ঘোষণা কৰে যে ৰুছ বাহিনীয়ে 'সম্পূর্ণভাৱে ৰণকৌশলগত নিয়ন্ত্রণ লাভ কৰিছে' আৰু বছৰটোৰ শেষলৈ আৰু সফল হ'ব। ৰাছিয়াৰ বৃহত্তৰ তথা সুসজ্জিত সেনাই শেহতীয়া মাহবোৰত ইউক্রেইনত মন্থৰ কিন্তু দৃঢ় প্রগতি কৰিছে। 


উল্লেখযোগ্য যে বর্ষ শেষৰ এই সংবাদমেল দেশজুৰি প্ৰচাৰ হয় আৰু ৰাষ্ট্ৰপতিক প্রশ্ন সুধিব পাৰে। এই সংবাদমেলক পুটিনে তেওঁৰ ক্ষমতা দৃঢ় কৰা তথা দেশে-বিদেশে তেওঁৰ দৃষ্টিভংগী প্ৰচাৰৰ আহিলা হিচাপে লয়। উল্লেখযোগ্য যে ৰাছিয়া-ইউক্রেইনৰ প্ৰায় চাৰি বছৰীয়া যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ব্যাপক কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে। 


পুটিনে ট্রাম্পৰ শান্তি প্রচেষ্টা সন্দর্ভত কৈছিল যে ৰাছিয়া তেনে শান্তিপূর্ণ সমাধানৰ বাবে প্রস্তুত, য'ত 'সংঘাত'ৰ মূল কাৰণৰ সমাধান হ'ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে চাৰিটা প্রধান অঞ্চলৰ তেওঁৰ বাহিনীয়ে দখল কৰা সকলো ঠাই বিচাৰে। তদুপৰি ২০১৪ চনত অবৈধভাৱে সংলগ্ন কৰা ক্রিমিয়া উপদ্বীপক ৰাছিয়াৰ অঞ্চলৰূপে স্বীকৃতি দিয়াটো বিচাৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু