--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ২০২২ চনত ৰাছিয়াই ইউক্রেইনত আক্রমণ চলোৱাৰ কেইসপ্তাহমানৰ পাছতেই খাৰকিভত ৰুছ বাহিনীয়ে কৰা বিমান আক্রমণত বোহদান লেভশ্বিকভ নামৰ শিশুটিৰ সৈনিক পিতৃ নিহত হৈছিল।

ডিজিটেল ডেস্ক : প্রতিনিয়ত যুদ্ধৰ আতংক, মৃত্যুৰ বিভীষিকা, প্রিয়জনক হেৰুওৱাৰ বেদনাদায়ক পৰিৱেশৰ মাজত দিন পাৰ কৰিছে ইউক্রেইনৰ নাগৰিকে। ২০২২ চনৰ পূৰ্বে এই ইউক্রেইন আছিল বিশ্বৰ অন্যতম সমৃদ্ধিশালী দেশ। কিন্তু যোৱা চাৰি বছৰে ৰাছিয়াৰ বিধ্বংসী আক্রমণত ইউক্রেইনৰ বহু মহানগৰ-চহৰ পৰিণত হৈছে ধ্বংসস্তূপত। 


২০২২ চনত ৰাছিয়াই ইউক্রেইনত আক্রমণ চলোৱাৰ কেইসপ্তাহমানৰ পাছতেই খাৰকিভত ৰুছ বাহিনীয়ে কৰা বিমান আক্রমণত বোহদান লেভশ্বিকভ নামৰ শিশুটিৰ সৈনিক পিতৃ নিহত হৈছিল। বোহদান হৈছে প্রায় চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে হোৱা ভুক্তভোগী শিশুবোৰৰ অন্যতম উদাহৰণ। 


শিশু বোহদানৰ মাতৃ এতিয়া জৰায়ুৰ কেঞ্চাৰত আক্রান্ত হৈছে। ৰাছিয়াই দখল কৰা ইউক্রেইনী চহৰ বালাকিয়াত এই দুর্ভগীয়া শিশুটো বাস কৰি আছে। অৱশ্যে, ইউক্রেইনে পাছত এই চহৰখন পুনৰ নিজৰ অধীনলৈ আনিবলৈ সক্ষম হয় যদিও প্রতিদিনে চহৰবাসীয়ে ৰুছ আক্ৰমণৰ আশংকা কৰি অনিদ্রা-অনাহাৰে দিন পাৰ কৰিছে। এয়া হৈছে এটা উদাহৰণ। ইউক্রেইনত প্রতিদিনে সংঘটিত কছ আক্ৰমণৰ বাবে অনির্দিষ্টকালীন লকডাউন হৈ পৰিছে। বিদ্যালয় বন্ধ, চৰকাৰী-ব্যক্তিগত কার্যালয় বন্ধ, দোকান-পোহাৰ বন্ধ এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ইউক্রেইনৰ মহানগৰ-চহৰ-গাঁওসমূহত। 



কেৱল শুনা যায় যুদ্ধৰ চাইৰেনৰ শব্দ, বোমা বিস্ফোৰণৰ শব্দ আৰু আৰ্তজনৰ চিৎকাৰ। ইউক্রেইনত এতিয়া শিশু-শিক্ষার্থী স্কুল-কলেজলৈ যাব নোৱাৰে, অনলাইন শ্রেণীৰে পাঠদান কৰা হয় শিক্ষার্থীক। 


বিশেষকৈ ৰাজধানী কীভ আৰু খাৰকিভ অঞ্চলত কছ বাহিনীয়ে প্রায় দৈনিক আক্রমণ চলায়। এসময়ত প্রাণৱন্ত হৈ থকা কীভ আৰু খাৰকিভত এতিয়া মৰিশালিৰ নিস্তব্ধতা। অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ইউক্রেইনী নাগৰিকে এতিয়া হাহাকাৰ কৰে। দোকান-পোহাৰ বন্ধ, অত্যাৱশ্যকীয় সামগ্ৰীৰো পর্যাপ্ত যোগান নাই। পুৱা ১১ বজাৰ পৰা নিশা ১১ বজালৈকে কিছু কিছু ৰেস্তোৰাঁ খোলা থাকে যদিও মাজনিশা ৰুছ বাহিনীৰ ড্র'ন আৰু ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ আশংকাত প্ৰায়বোৰ হোটেল-ৰেস্তোৰাঁই বন্ধ থাকে। 


খাৰকিভত এতিয়ালৈকে ৮ শতাধিক শিক্ষা প্রতিষ্ঠান কছ আক্রমণত ধ্বংস হৈছে। কিছুমান ঠাইত আণ্ডাৰগ্ৰাউণ্ড বিদ্যালয় খোলা হৈছে যদিও শিক্ষার্থীৰ উপস্থিতিৰ সংখ্যা প্রায় নায়েই। প্রতিদিনে হোৱা ৰুছ আক্ৰমণৰ বাবে এতিয়া ইউক্রেইনৰ প্ৰায়বোৰ মহানগৰ-চহৰত অঘোষিত অনির্দিষ্টকালীন লকডাউন পৰিস্থিতি হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ