--°C
Loading...
Advertisement
Listen to Article
6 min read
80%

In Short

  • বৃহস্পতিবাৰে নিশা ৯-৩০ বজাত হাদীৰ মৃত্যু হোৱা বুলি ইনকিলাব মঞ্চই ঘোষণা কৰাৰ পাছতে ঢাকাত ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটে।

ডিজিটেল ডেস্ক: হিংসাৰ জুয়ে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বাংলাদেশত। বৃহস্পতিবাৰে মাজনিশাৰ পৰা দেশখনৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। 


আনকি সাংবাদিক, সংবাদ প্রতিষ্ঠানৰ লগতে ভাৰতীয় উচ্চায়োগতো চলিছে উন্মত্ত লোকৰ আক্ৰমণ। ৰাজধানী ঢাকাৰ উপৰি দেশখনৰ আন নগৰ তথা মহানগৰসমূহতো সংঘটিত হৈছে হিংসাত্মক ঘটনা। ৰাজধানী ঢাকাৰ পথত লাখ লাখ লোকে কৰা হিংসাত্মক কাৰ্যৰ পৰিণতিত ভালেমান চৰকাৰী কাৰ্যালয় জুইত জাহ যায়। 


দেশখনৰ যুৱ নেতা তথা যোৱা বছৰ হোৱা ছাত্র আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ভাৰত-বিৰোধী ইনকিলাব মঞ্চৰ নেতা ওছমান হাদীৰ হত্যাক লৈ দেশখনক হিংসাৰ জুয়ে আৱৰি ধৰে। কেইবাটাও সংবাদ প্রতিষ্ঠানত আক্রমণ কৰে উত্তেজিত লোকে। ইয়াৰ উপৰি যোৱা বছৰ আগষ্টত দেশখনৰ পৰা পলায়ন কৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগৰ কাৰ্যালয়ৰ লগতে বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবৰ ৰহমানৰ পৈত্রিক বাসগৃহত পুনৰ অগ্নিসংযোগ কৰা হয়। 


বাসভৱনটোৰ আংশিক ক্ষতিসাধন হয়। ইয়াৰ মাজতে একাংশ সংগঠন তথা ৰাজনৈতিক নেতাই ভাৰত-বিৰোধী প্ৰচাৰ অভিযান চলায়। ঢাকাত থকা ভাৰতীয় কূটনীতিবিদসকলৰ বাসভৱনত আক্ৰমণৰ চেষ্টা কৰে। পৰিস্থিতিয়ে শোচনীয় ৰূপ লোৱাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰে। চট্টগ্রামত থকা ভাৰতীয় সহায়ক উচ্চায়ুক্তৰ বাসভৱনত প্রতিবাদকাৰীয়ে আক্রমণ কৰে। প্ৰতিবাদকাৰীয়ে বাসভৱনটোলৈ শিলগুটি দলিয়াই ক্ষতিসাধন কৰে। 


অৱশ্যে এই ঘটনাত বাসভৱনটোত থকা কোনো লোক হতাহত হোৱা নাই। অৱশ্যে বাসভৱনৰ বাহিৰত দুজন আৰক্ষী বিষয়াকে ধৰি চাৰিজন লোক নিহত হয় আৰু এই ঘটনাত জড়িত থকাৰ অভিযোগত ১২জন লোকক গ্ৰেপ্তাৰ কৰা হয়। 


চট্টগ্রামৰ আৰক্ষী বিষয়াই ভাৰতীয় কূটনীতিবিদজনক নিৰাপত্তাৰ আশ্বাস দিয়ে। ইফালে দেশখনত হিংসাত্মক ঘটনা ঘটি থকাৰ সময়তে এজন হিন্দু লোকক নৃশংসভাৱে হত্যা কৰা হয়। ইয়াৰ পাছত মৃতদেহটো গছত বান্ধি জ্বলাই দিয়া হয়। মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৱৰ্তী চৰকাৰে হিংসাক গৰিহণা দিয়াৰ লগতে জনসাধাৰণক শান্তিৰ বাবে আহ্বান জনাইছে। ইয়াৰ লগতে মৈমনসিং জিলাত হিন্দু ব্যক্তিজনক হত্যা কৰাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি মহম্মদ ইউনুছে কয় যে বাংলাদেশত এনেধৰণৰ হিংসাৰ কোনো স্থান নাই। 


দেশখনৰ পৰিস্থিতি যোৱা বছৰ ছাত্ৰ আন্দোলনৰ সময়ৰ পৰিস্থিতিলৈ গতি কৰাও পৰিলক্ষিত হৈছে। ৰাজধানী ঢাকাৰ শ্বাহবাগ চ'ক হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে। প্ৰতিবাদকাৰীয়ে হাদীৰ হত্যাৰ ন্যায় বিচৰাৰ লগতে মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৰ্বৰ্তী চৰকাৰক অপসাৰণ কৰি দেশত এক বিপ্লবী চৰকাৰ গঠনৰ দাবী কৰে। প্ৰতিবাদকাৰীয়ে ভাৰত-বিৰোধী শ্ল'গানো দিয়ে। 


প্রতিবাদকাৰীয়ে এইবুলি দাবী কৰে যে দেশখনৰ বৰ্তমানৰ চৰকাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাত ব্যৰ্থ হৈছে। কালি দুপৰীয়া শ্বাহবাগ ৰণক্ষেত্ৰলৈ পৰিণত হয় আৰু ঢাকাৰ পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। কালি নিশা প্রতিবাদকাৰীয়ে বাংলাদেশৰ আগশাৰীৰ বাতৰি প্ৰতিষ্ঠান প্রথম আলো আৰু ডেইলী ষ্টাৰৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে। 


ইফালে ইনকিলাব মঞ্চই সামাজিক মাধ্যমত দিয়া এটা ৰহস্যজনক প'ষ্টত জনসাধাৰণক শান্তিৰ বাবে আৱেদন জনায়। প'ষ্টটোত কোৱা হৈছে, 'একাংশই বিনাশৰ জৰিয়তে বাংলাদেশক এখন বিফল ৰাষ্ট্ৰ কৰিবলৈ বিচাৰিছে। আপোনালোকে এই কথা বুজি পাওক যে ৩২ আৰু ৩৬ একে নহয়।' ইফালে খুলনাত এজন সাংবাদিকক গুলীয়াই হত্যা কৰা হয়। এই ঘটনাত আন এজন লোক আহত হয়। 


উল্লেখযোগ্য যে উছমান হাদীৰ মৃতদেহ কালি বিয়লি ছিংগাপুৰৰ পৰা বাংলাদেশলৈ অনা হয়। ইনকিলাব মঞ্চই জনোৱা মতে, হাদীৰ শেষকৃত্য কাইলৈ ঢাকাৰ মাণিক মিয়া এভিনিউত সম্পন্ন কৰা হ'ব। উল্লেখ্য যে হাদীক যোৱা ১২ ডিচেম্বৰত গুলীয়াই হত্যা কৰা হৈছিল। পাছত তেওঁক সংকটজনক অৱস্থাত ছিংগাপুৰলৈ নিয়া হয় উন্নত চিকিৎসাৰ বাবে আৰু তাতে তেওঁৰ মৃত্যু হয়। ইয়াৰ পাছত এই হত্যাকাণ্ডত জড়িত মূল অভিযুক্ত ফৈজল কৰিমে ভাৰতলৈ পলায়ন কৰা বুলি দাবী কৰা হৈছে। হত্যাকাৰীক ভাৰতলৈ পলায়নত সহায় কৰা বুলি অভিযোগ কৰা ছিবিয়ান ডিয়ু আৰু সঞ্জয় ছিচিমে আদালতত এই কথা স্বীকাৰ কৰা বুলিও দাবী কৰা হৈছে। 


উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা ৯-৩০ বজাত হাদীৰ মৃত্যু হোৱা বুলি ইনকিলাব মঞ্চই ঘোষণা কৰাৰ পাছতে ঢাকাত ব্যাপক হাৰত হিংসাত্মক ঘটনা ঘটে। বিভিন্ন স্থানত অগ্নিসংযোগ কৰাৰ লগতে লুটপাতো চলোৱা হয়। শ্বেখ হাছিনা-বিৰোধী আন্দোলনৰ অন্যতন নেতা হাদী ইনকিলাব মঞ্চৰো প্ৰতিষ্ঠাপক নেতা। হাদী ঘোৰ ভাৰত-বিৰোধী বুলিও জনা যায়। 


হাদীয়ে অলপতে বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰ তৈয়াৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। ইফালে, ১৯৬৮ চনত স্থাপন কৰা বাংলাদেশৰ আগশাৰীৰ সাংস্কৃতিক সংগঠন উদিচি শিল্প গোষ্ঠীৰ ঢাকাত থকা কাৰ্যালয়ত প্রতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement