--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰেক্ষাপটত আৱিৰ্ভাৱ নতুন চৰিত্ৰ সঞ্জয় বাৰ্মা ।ঘাতক সোনমৰ ২৫ দিনত ১১৯ বাৰ ফোন সঞ্জয়ক । নিশা ১২ বজাত আৰম্ভ হয় ফোনত বাৰ্তালাপ,নিশা ২ বজাত ফোনৰ সংযোগ হয় বিচ্ছিন্ন ।

ডিজিটেল ডেস্কঃ উত্তৰ পুব প্ৰান্তৰ অন্যতম পৰ্যটনস্থলী মেঘালয়ৰ চেৰাপুঞ্জী চোহৰা ৷


ইয়াতেই সমঘটিত হৈছিল এটা ভয়ংকৰ হত্যাকাণ্ড, যাক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছিল উত্তেজনা ৷১১ মে’ত সম্পন্ন হৈছিল ৰাজা আৰু সোণমৰ বিয়া তাৰপাছতে পুৰ্বৰ প্ৰেমিকৰ সৈতে মিলি আৰম্ভ হৈছিল স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পৰিকল্পনা ।


প্ৰথমে এবাৰ ইন্ধোৰতে হত্যাৰ পৰিকল্পনা কৰা হৈছিল যদিও সফল নহল পত্নী সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা । তাৰ পাছতে আৰম্ভ কৰা হ'ল অন্য পৰিকল্পনা ।



প্ৰথমে হনীমুনলৈ আহিবলৈ অমান্তি হৈছিল ৰাজা ৰঘুবংশী । ৰাজাক সোনমে নিৰ্দেশ দিছিল সোণৰ আ অলংকাৰ পৰিধান কৰাৰ ।বিমানেৰে গুৱাহাটীলৈ আহিল নৱ-বিবাহিত দম্পতী,দৰ্শন কৰিলে কামাখ্যা তাৰ পাছত মেঘালয়লৈ যাত্ৰা ।পাছে পাছে ৰে’লেৰে আহি গুৱাহাটী পালেহি ভাড়া কৰা হত্যাকাৰী । হত্যাকাৰী গৈ উপস্থিত হ’ল চোহৰাৰ সেই পাৰ্কিং প্লটত । ৰাজাক লৈ পাৰ্কিং প্লটত উপস্থিত হ’ল পত্নী সোনম ৰঘুবংশী ।


বিশালে প্ৰথমে প্ৰহাৰ কৰিলে ৰাজাক ।পত্নীৰ সন্মুখতে আকাশ আন্দৰৰ চোকা দাৰ ঘাপত ঢলি পৰিল ৰাজা ৰঘুবংশী ।চিৰদিনলৈ চকু মুদিলে ৰাজাই,পাহাৰৰ তললৈ পেলাই দিছিল ৰাজাৰ মৃত শৰীৰ ।


আৰম্ভ হ’ল তদন্ত । ২ জুনত উদ্ধাৰ ৰাজাৰ ক্ষত-বিক্ষত মৃতদেহ, কিন্তু সন্ধান নাছিল সোনমৰ । ৮ জুনত গ্ৰেপ্তাৰ সোনম আৰু তেওঁৰ অন্য সহযোগীসকল । আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি স্বামীহন্তা সোনম ৰঘুবংশীৰ । সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুছৱাহাই আছিল মাষ্টাৰমাইণ্ড । ৰাজাক হত্যাৰ পৰিকল্পনা ৰাজা-সোনমৰ বিয়াৰ ১১ দিন পূৰ্বেই হৈছিল । দুখন দাৰে একাধিকবাৰ আঘাত কৰিছিল ৰাজাক ।তেজ লগা ছাৰ্ট খুলি পেলাই দিছিল ঘাতক আকাশে ।


এই সমগ্ৰ ঘটনাত এতিয়া সঞ্জয় বৰ্মা নামৰ এজন ব্যক্তিৰ নামো পোহৰলৈ আহিছে। জানিব পৰা মতে, সোণমে এইজন সঞ্জয় বৰ্মাৰ লগত কেইবাবাৰো কথা পাতিছিল। কিন্তু এই সঞ্জয় বৰ্মা কোন সেয়া সোণমৰ পৰিয়ালৰ লোকেও নাজানে।


প্ৰেক্ষাপটত আৱিৰ্ভাৱ নতুন চৰিত্ৰ সঞ্জয় বাৰ্মা ।ঘাতক সোনমৰ ২৫ দিনত ১১৯ বাৰ ফোন সঞ্জয়ক । নিশা ১২ বজাত আৰম্ভ হয় ফোনত বাৰ্তালাপ,নিশা ২ বজাত ফোনৰ সংযোগ হয় বিচ্ছিন্ন । নিশাৰ ফোনতে হত্যাৰ ষড়যন্ত্ৰ ৰচনা ঘাতক সোনমৰ । ৰাজা ৰঘুবংশীৰ হত্যাৰ পাছত ছুইটচ অফ নম্বৰটোৰ । ঘণ্টাই ঘণ্টাই কথা পতা সঞ্জয় ঘাতক ৰাজৰে ছদ্মনাম ।


আজি সোনম ৰঘুবংশী হত্যাকাণ্ড জডিত ৫ জনক মেঘালয়ৰ CJM আদালতত হাজিৰ কৰোৱা হয় । প্ৰথমে স্বাস্থ্য পৰিক্ষা কৰি কোৰ্টত হাজিৰ কৰোৱা হয় । পুনৰ মেঘালয় আৰক্ষীয়ে আৰু ৫ দিনৰ জিম্মাত বিচাৰিব পাৰে অভিযুক্ত সোনম,ৰাজ, আনন্দ, বিশাল আৰু আকাশক ।


অৱশেষত সোনম ৰঘুবংশী আৰু ৰাজ কুচৱাহাক দুদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ, বাকি আনন্দ ,বিশাল আৰু আকাশক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক