--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰেক্ষাপটত আৱিৰ্ভাৱ নতুন চৰিত্ৰ সঞ্জয় বাৰ্মা ।ঘাতক সোনমৰ ২৫ দিনত ১১৯ বাৰ ফোন সঞ্জয়ক । নিশা ১২ বজাত আৰম্ভ হয় ফোনত বাৰ্তালাপ,নিশা ২ বজাত ফোনৰ সংযোগ হয় বিচ্ছিন্ন ।

ডিজিটেল ডেস্কঃ উত্তৰ পুব প্ৰান্তৰ অন্যতম পৰ্যটনস্থলী মেঘালয়ৰ চেৰাপুঞ্জী চোহৰা ৷


ইয়াতেই সমঘটিত হৈছিল এটা ভয়ংকৰ হত্যাকাণ্ড, যাক লৈ সমগ্ৰ দেশত সৃষ্টি হৈছিল উত্তেজনা ৷১১ মে’ত সম্পন্ন হৈছিল ৰাজা আৰু সোণমৰ বিয়া তাৰপাছতে পুৰ্বৰ প্ৰেমিকৰ সৈতে মিলি আৰম্ভ হৈছিল স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পৰিকল্পনা ।


প্ৰথমে এবাৰ ইন্ধোৰতে হত্যাৰ পৰিকল্পনা কৰা হৈছিল যদিও সফল নহল পত্নী সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা । তাৰ পাছতে আৰম্ভ কৰা হ'ল অন্য পৰিকল্পনা ।



প্ৰথমে হনীমুনলৈ আহিবলৈ অমান্তি হৈছিল ৰাজা ৰঘুবংশী । ৰাজাক সোনমে নিৰ্দেশ দিছিল সোণৰ আ অলংকাৰ পৰিধান কৰাৰ ।বিমানেৰে গুৱাহাটীলৈ আহিল নৱ-বিবাহিত দম্পতী,দৰ্শন কৰিলে কামাখ্যা তাৰ পাছত মেঘালয়লৈ যাত্ৰা ।পাছে পাছে ৰে’লেৰে আহি গুৱাহাটী পালেহি ভাড়া কৰা হত্যাকাৰী । হত্যাকাৰী গৈ উপস্থিত হ’ল চোহৰাৰ সেই পাৰ্কিং প্লটত । ৰাজাক লৈ পাৰ্কিং প্লটত উপস্থিত হ’ল পত্নী সোনম ৰঘুবংশী ।


বিশালে প্ৰথমে প্ৰহাৰ কৰিলে ৰাজাক ।পত্নীৰ সন্মুখতে আকাশ আন্দৰৰ চোকা দাৰ ঘাপত ঢলি পৰিল ৰাজা ৰঘুবংশী ।চিৰদিনলৈ চকু মুদিলে ৰাজাই,পাহাৰৰ তললৈ পেলাই দিছিল ৰাজাৰ মৃত শৰীৰ ।


আৰম্ভ হ’ল তদন্ত । ২ জুনত উদ্ধাৰ ৰাজাৰ ক্ষত-বিক্ষত মৃতদেহ, কিন্তু সন্ধান নাছিল সোনমৰ । ৮ জুনত গ্ৰেপ্তাৰ সোনম আৰু তেওঁৰ অন্য সহযোগীসকল । আৰক্ষীৰ আগত বিস্ফোৰক স্বীকাৰোক্তি স্বামীহন্তা সোনম ৰঘুবংশীৰ । সোনম আৰু সোনমৰ প্ৰেমিক ৰাজ কুছৱাহাই আছিল মাষ্টাৰমাইণ্ড । ৰাজাক হত্যাৰ পৰিকল্পনা ৰাজা-সোনমৰ বিয়াৰ ১১ দিন পূৰ্বেই হৈছিল । দুখন দাৰে একাধিকবাৰ আঘাত কৰিছিল ৰাজাক ।তেজ লগা ছাৰ্ট খুলি পেলাই দিছিল ঘাতক আকাশে ।


এই সমগ্ৰ ঘটনাত এতিয়া সঞ্জয় বৰ্মা নামৰ এজন ব্যক্তিৰ নামো পোহৰলৈ আহিছে। জানিব পৰা মতে, সোণমে এইজন সঞ্জয় বৰ্মাৰ লগত কেইবাবাৰো কথা পাতিছিল। কিন্তু এই সঞ্জয় বৰ্মা কোন সেয়া সোণমৰ পৰিয়ালৰ লোকেও নাজানে।


প্ৰেক্ষাপটত আৱিৰ্ভাৱ নতুন চৰিত্ৰ সঞ্জয় বাৰ্মা ।ঘাতক সোনমৰ ২৫ দিনত ১১৯ বাৰ ফোন সঞ্জয়ক । নিশা ১২ বজাত আৰম্ভ হয় ফোনত বাৰ্তালাপ,নিশা ২ বজাত ফোনৰ সংযোগ হয় বিচ্ছিন্ন । নিশাৰ ফোনতে হত্যাৰ ষড়যন্ত্ৰ ৰচনা ঘাতক সোনমৰ । ৰাজা ৰঘুবংশীৰ হত্যাৰ পাছত ছুইটচ অফ নম্বৰটোৰ । ঘণ্টাই ঘণ্টাই কথা পতা সঞ্জয় ঘাতক ৰাজৰে ছদ্মনাম ।


আজি সোনম ৰঘুবংশী হত্যাকাণ্ড জডিত ৫ জনক মেঘালয়ৰ CJM আদালতত হাজিৰ কৰোৱা হয় । প্ৰথমে স্বাস্থ্য পৰিক্ষা কৰি কোৰ্টত হাজিৰ কৰোৱা হয় । পুনৰ মেঘালয় আৰক্ষীয়ে আৰু ৫ দিনৰ জিম্মাত বিচাৰিব পাৰে অভিযুক্ত সোনম,ৰাজ, আনন্দ, বিশাল আৰু আকাশক ।


অৱশেষত সোনম ৰঘুবংশী আৰু ৰাজ কুচৱাহাক দুদিনৰ আৰক্ষী জিম্মাত প্ৰেৰণ, বাকি আনন্দ ,বিশাল আৰু আকাশক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ