--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • বৃহস্পতিবাৰে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিলে ইণ্ডিগ’ৰ ৬ই ২০০৬ বিমান। বিমানখন উৰণৰ কিছু সময়ৰ পাছতে এটা কাৰিকৰী দোষ লক্ষ্য কৰা হয়। ইয়াৰ লগে লগে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দিল্লী বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। বিমানখনত ১৮০ জন যাত্ৰী আছিল। সকলো যাত্ৰী সুৰক্ষিত।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিলে ইণ্ডিগ’ৰ ৬ই ২০০৬ বিমান। বিমানখন উৰণৰ কিছু সময়ৰ পাছতে এটা কাৰিকৰী দোষ লক্ষ্য কৰা হয়। ইয়াৰ লগে লগে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দিল্লী বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। বিমানখনত ১৮০ জন যাত্ৰী আছিল। সকলো যাত্ৰী সুৰক্ষিত।


বিমানখনৰ জৰুৰী অৱতৰণৰ পিছত এতিয়ালৈকে ইণ্ডিগ’ৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। বিমানখনত কি কি কাৰিকৰী দোষ ধৰা পৰিছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া নাই ইণ্ডিগ’ই।


ভুৱনেশ্বৰৰ পৰা কলকাতালৈ বিমানত কাৰিকৰী অসুবিধা


বুধবাৰে ভুৱনেশ্বৰৰ পৰা কলকাতা অভিমুখী ইণ্ডিগ’ৰ ৬ই ৬১০১ বিমানখনে উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ক সন্দেহযুক্ত কাৰিকৰী সমস্যাৰ বিষয়ে অৱগত কৰে। যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিমানখনক উৰণ বন্ধ কৰি পাৰ্কিং বেলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে এটিচিয়ে। লগে লগে বিমানখন ৰাণৱেৰ পৰা পিছলৈ টানি আনি সকলো যাত্ৰীক নিৰাপদে নমাই দিয়া হয়।



কোচি-দিল্লী বিমানৰ ভাবুকি


ইয়াৰ পূৰ্বে ১৭ জুন মঙলবাৰে কোচিৰ পৰা দিল্লীলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। বোমাৰ ভাবুকি পোৱাৰ পিছত বিমানখনে নাগপুৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। পুৱা ৯:৩১ বজাত কোচিৰ পৰা বিমানখন উৰণৰ কিছু সময়ৰ পাছতে বিমান সংস্থাটোৰ অফিচিয়েল আইডিত ইমেইলযোগে এই ভাবুকি প্ৰদান কৰা হয়। এই সময়ত বিমানখন মাস্কাটৰ পৰা কোচিত উপস্থিত হৈছিল। তাৰ পিছত নাগপুৰত জৰুৰীকালীন অৱতৰণ কৰা হ’ল। বিমানখনত ১৫৭ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল।


উৰণত অস্থিৰতা অনুভৱ কৰা হৈছিল


ইয়াৰ পূৰ্বে ১৬ জুনত গোৱাৰ পৰা লক্ষ্ণৌলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানে উৰণৰ কিছু সময়ৰ পিছতে বতৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে তীব্ৰ অশান্তিৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখন নিৰাপদে অৱতৰণ হোৱা বুলি নিশ্চিত কৰে বিমান সংস্থাটোৱে। প্ৰচণ্ড বতাহত আতংকিত হৈ পৰে বিমানখনত থকা যাত্ৰীসকল। বহুতে ভয় খাইছিল। অৱশ্যে এই জটিল সময়ত বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয় ক্ৰুৱে।


এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা


যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বিমানখন উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমান দুৰ্ঘটনাত ২৪২ জন যাত্ৰীৰ ভিতৰত মাত্ৰ ১ জন যাত্ৰীহে বাচিল। বাকী ২৪১জন যাত্ৰীৰ মৃত্যু হয়। লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মেডিকেল কলেজৰ হোষ্টেলতো বিধ্বংসী ৰূপ ধাৰণ কৰে। বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। লগতে বহু লোক গুৰুতৰভাৱে আহত হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি