--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৃহস্পতিবাৰে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিলে ইণ্ডিগ’ৰ ৬ই ২০০৬ বিমান। বিমানখন উৰণৰ কিছু সময়ৰ পাছতে এটা কাৰিকৰী দোষ লক্ষ্য কৰা হয়। ইয়াৰ লগে লগে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দিল্লী বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। বিমানখনত ১৮০ জন যাত্ৰী আছিল। সকলো যাত্ৰী সুৰক্ষিত।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ পৰা লেহলৈ উৰা মাৰিলে ইণ্ডিগ’ৰ ৬ই ২০০৬ বিমান। বিমানখন উৰণৰ কিছু সময়ৰ পাছতে এটা কাৰিকৰী দোষ লক্ষ্য কৰা হয়। ইয়াৰ লগে লগে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দিল্লী বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰে বিমানখন। বিমানখনত ১৮০ জন যাত্ৰী আছিল। সকলো যাত্ৰী সুৰক্ষিত।


বিমানখনৰ জৰুৰী অৱতৰণৰ পিছত এতিয়ালৈকে ইণ্ডিগ’ৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। বিমানখনত কি কি কাৰিকৰী দোষ ধৰা পৰিছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া নাই ইণ্ডিগ’ই।


ভুৱনেশ্বৰৰ পৰা কলকাতালৈ বিমানত কাৰিকৰী অসুবিধা


বুধবাৰে ভুৱনেশ্বৰৰ পৰা কলকাতা অভিমুখী ইণ্ডিগ’ৰ ৬ই ৬১০১ বিমানখনে উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ক সন্দেহযুক্ত কাৰিকৰী সমস্যাৰ বিষয়ে অৱগত কৰে। যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিমানখনক উৰণ বন্ধ কৰি পাৰ্কিং বেলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে এটিচিয়ে। লগে লগে বিমানখন ৰাণৱেৰ পৰা পিছলৈ টানি আনি সকলো যাত্ৰীক নিৰাপদে নমাই দিয়া হয়।



কোচি-দিল্লী বিমানৰ ভাবুকি


ইয়াৰ পূৰ্বে ১৭ জুন মঙলবাৰে কোচিৰ পৰা দিল্লীলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। বোমাৰ ভাবুকি পোৱাৰ পিছত বিমানখনে নাগপুৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। পুৱা ৯:৩১ বজাত কোচিৰ পৰা বিমানখন উৰণৰ কিছু সময়ৰ পাছতে বিমান সংস্থাটোৰ অফিচিয়েল আইডিত ইমেইলযোগে এই ভাবুকি প্ৰদান কৰা হয়। এই সময়ত বিমানখন মাস্কাটৰ পৰা কোচিত উপস্থিত হৈছিল। তাৰ পিছত নাগপুৰত জৰুৰীকালীন অৱতৰণ কৰা হ’ল। বিমানখনত ১৫৭ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল।


উৰণত অস্থিৰতা অনুভৱ কৰা হৈছিল


ইয়াৰ পূৰ্বে ১৬ জুনত গোৱাৰ পৰা লক্ষ্ণৌলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানে উৰণৰ কিছু সময়ৰ পিছতে বতৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে তীব্ৰ অশান্তিৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখন নিৰাপদে অৱতৰণ হোৱা বুলি নিশ্চিত কৰে বিমান সংস্থাটোৱে। প্ৰচণ্ড বতাহত আতংকিত হৈ পৰে বিমানখনত থকা যাত্ৰীসকল। বহুতে ভয় খাইছিল। অৱশ্যে এই জটিল সময়ত বিমানখন নিৰাপদে অৱতৰণ কৰিবলৈ সক্ষম হয় ক্ৰুৱে।


এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা


যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বিমানখন উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমান দুৰ্ঘটনাত ২৪২ জন যাত্ৰীৰ ভিতৰত মাত্ৰ ১ জন যাত্ৰীহে বাচিল। বাকী ২৪১জন যাত্ৰীৰ মৃত্যু হয়। লগতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা মেডিকেল কলেজৰ হোষ্টেলতো বিধ্বংসী ৰূপ ধাৰণ কৰে। বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। লগতে বহু লোক গুৰুতৰভাৱে আহত হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ