--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • লাহোৰ ইউনিভার্হিটি অব্ মেনেজমেন্ট ছায়েন্সেজ (এল ইউ এম এছ) নামৰ পাকিস্তানৰ এখন অগ্রণী বিশ্ববিদ্যালয়ে এক ঐতিহাসিক পদক্ষেপত আনুষ্ঠানিকভাৱে সংস্কৃতৰ শিক্ষা আৰম্ভ কৰাৰ বাবেই শ্রেণীকোঠাত শুনা গ'ল সংস্কৃতৰ শ্লোক।

ডিজিটেল ডেস্ক : এই সপ্তাহটোত পাকিস্তানৰ শৈক্ষিক ক্ষেত্ৰত দেখা গ'ল বিভাজনৰ সময়ৰ পৰা নেদেখা এক ঘটনা। মহাভাৰত আৰু গীতাৰ অংশকে ধৰি সংস্কৃতৰ শ্লোক শুনা গ'ল লাহোৰৰ এখন বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত। 


লাহোৰ ইউনিভার্হিটি অব্ মেনেজমেন্ট ছায়েন্সেজ (এল ইউ এম এছ) নামৰ পাকিস্তানৰ এখন অগ্রণী বিশ্ববিদ্যালয়ে এক ঐতিহাসিক পদক্ষেপত আনুষ্ঠানিকভাৱে সংস্কৃতৰ শিক্ষা আৰম্ভ কৰাৰ বাবেই শ্রেণীকোঠাত শুনা গ'ল সংস্কৃতৰ শ্লোক। শিক্ষার্থীসকলক টিভি ধাৰাবাহিক 'মহাভাৰত'ৰ শীর্ষক গীত (থীম ছং) 'হে কথা সংগ্ৰাম কী'ৰ উর্দু অনুবাদো পঢ়ুওৱা হয়। পাকিস্তানত সংস্কৃতৰ এই নৱজাগৰণ বা ৰেনেছাঁৰ আঁৰত আছে সংস্কৃত ভাষাৰ তিনি মহীয়া কর্মশালাত শিক্ষার্থী, বৃত্তিভোগী শিক্ষাৰ্থীৰ (স্কলাৰ) বিপুল সঁহাৰি। 


ই এতিয়া বিশ্ববিদ্যালয় সঠিক পাঠ্যক্রম হ'বলৈ গৈ আছে। ২০২৭ চনৰ ভিতৰত ইয়াক সম্পূর্ণ এবছৰীয়া পাঠ্যক্ৰম কৰাৰ পৰিকল্পনা কৰা হৈছে। সংস্কৃতৰ এই পুনৰুত্থানৰ মূল হৈছে ফৰমেন খ্ৰীষ্টান কলেজত সমাজবিদ্যা পঢ়ুওৱা অধ্যাপক শ্বহীদ ৰশ্বীদৰ প্ৰচেষ্টা। 'দ্য ট্রিবিউন' সংবাদ পত্ৰত প্ৰকাশ পোৱা এখন প্রতিবেদনত এই কথা প্রকাশ পাইছে। দক্ষিণ এছিয়া অঞ্চলৰ দর্শন, সাহিত্য আৰু আধ্যাত্মিক পৰম্পৰাক গঢ় দিয়া এটা ভাষাৰ (সংস্কৃত) নিষ্ঠাৱান অধ্যয়নৰ পুনৰুত্থানৰ দিশত এই পদক্ষেপক 'ক্ষুদ্র, কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ' আখ্যা দিয়ে অধ্যাপক ৰশ্বীদে। ৰশ্বীদে ট্রিবিউনক কয়, 'আমি কিয় এই ভাষা শিকা অনুচিত? এইটো হৈছে এনে এটা ভাষা, যি এই অঞ্চলক বান্ধি ৰাখিছে। পাণিনীৰ ঘৰ ইয়াতে আছিল। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত বহু লিখা হৈছিল। আমি ইয়াক আঁকোৱালি ল'ব লাগিব। এইটো ভাষা আমাৰো, ই কোনো ধৰ্মৰ সৈতে জড়িত নহয়।' 


উল্লেখযোগ্য যে সংস্কৃত বৈয়াকৰণিক পাণিনী বাস কৰিছিল গান্ধাৰত, যিখন হৈছে বৰ্তমানৰ পাখতুনখাৱা প্ৰদেশ। ৰম্বীদে কয় যে শিক্ষার্থীসকলে প্রথমতে সংস্কৃতক লৈ ভয় খাইছিল, কিন্তু অতি সোনকালেই আঁকোৱালি ল'লে। এল ইউ এম এছত প্রথম সপ্তাহৰ ঘটনা বৰ্ণনা কৰি অধ্যাপকজনে কয়, 'যেতিয়া মই 'সুভাষিত' (সংস্কৃতৰ সৰু, স্মৰণীয়, জ্ঞানদায়ী শ্লোক) শিকাইছিলোঁ, তেতিয়া উর্দু কিমান গভীৰভাৱে সংস্কৃতৰ দ্বাৰা প্ৰভাৱান্বিত সেই কথা জানি শিক্ষার্থীসকল আচৰিত হৈছিল। কিছুৱে অনকি এই কথাও জনা নাছিল যে হিন্দী আৰু সংস্কৃত বেলেগ।' ইফালে, বিশ্ববিদ্যালয়খনৰ গুৰমণি কেন্দ্ৰৰ সঞ্চালক ড° আলী ওচমান কাচমীয়ে জনায় যে পাকিস্তানৰ পঞ্জাব বিশ্ববিদ্যালয়ত সংস্কৃতৰ বিস্তৃত দস্তাবেজ আছে, কিন্তু দশক দশক ধৰি সেইবোৰ অপঠিত হৈ আছে। কাচমীয়ে আৰু কয়, '১০-১৫ বছৰত আমি পাকিস্তানত গীতা আৰু মহাভাৰতৰ পণ্ডিত জন্ম হোৱা দেখিবলৈ পাম।' উল্লেখযোগ্য যে এল ইউ এম এছখন হৈছে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ ব্যক্তিগত খণ্ডৰ এখন অগ্রণী বিশ্ববিদ্যালয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ