--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহাকাশ আস্থানৰ পৰা পৃথক হোৱাৰ পাছত লাহে লাহে পৃথিৱী অভিমুখে আগবাঢ়িব। যানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত উচ্চ তাপমাত্ৰা আৰু ঘৰ্ষণৰ সন্মুখীন হ'ব

ডিজিটেল ডেস্ক :ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা ১৫ জুলাইত পৃথিৱীত উপস্থিত হ'ব।


কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে দেওবাৰে এক্সিয়ম-৪ মিছনৰ সম্পর্কে জনাই কয় যে শুভাংশু আৰু আন মহাকাশচাৰীকেইজনক পৃথিৱীলৈ ঘূৰাই আনিব লগা মহাকাশযানখনে আজি বিয়লি ৪-৩০ বজাত মহাকাশ আস্থানটো এৰিলে (আনডকিং কৰিলে)।


সিঙে লগতে জনায় যে ১৫ জুলাইৰ বিয়লি ৩ বজাত মহাকাশচাৰী দলটোৱে পৃথিৱীত অৱতৰণ কৰিব। উল্লেখযোগ্য যে আজি বিয়লি ৪-৩০ বজাত শুভাংশু শুল্কা আৰু তেওঁৰ সতীর্থ মহাকাশচাৰীকেইজনক লৈ স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখন লাহে লাহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা পৃথক হ'ব। এই প্রক্রিয়াটো স্বয়ংক্রিয় যদিও ইয়াত থকা মহাকাশচাৰীকেইজনে প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি থাকে।


মহাকাশ আস্থানৰ পৰা পৃথক হোৱাৰ পাছত লাহে লাহে পৃথিৱী অভিমুখে আগবাঢ়িব। যানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত উচ্চ তাপমাত্ৰা আৰু ঘৰ্ষণৰ সন্মুখীন হ'ব। সেই সময়ত যানখনৰ গতি হ'ব প্রতি ঘণ্টাত ২৮ হাজাৰ কিল'মিটাৰ। পৃথিৱীত অৱতৰণ কৰিবলৈ আগবঢ়াৰ সময়ত লাহে লাগে গতিবেগ হ্রাস পাব। বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত প্রথমে সৰু আৰু পাছত মূল পেৰাছুট খোল খায় আৰু ইয়াৰ ফলত যানখনৰ গতি হ্রাস পাবলৈ ধৰে।


যানখনে ভাৰতীয় সময়মতে, ১৫ জুলাইৰ বিয়লি ৩ বজাত আমেৰিকাৰ কেলিফর্নিয়া উপকূলৰ কাষৰ সমুদ্ৰত অৱতৰণ কৰিব। ড্রেগন যানখনে ৫৮০ পাউণ্ডততৈ অধিক বৈজ্ঞানিক সঁজুলি তথা গৱেষণাৰ তথ্য লৈ পৃথিৱীলৈ উভতিব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি এই ১৮ দিনীয়া অভিযানটোৰ সময়ত ৬০টাতকৈ অধিক বৈজ্ঞানিক গৱেষণা কৰা হয়। পৃথিৱীলৈ উভতি অহাৰ পাছত শুভাংশু শুক্লা আৰু আন মহাকাশচাৰীকেইজন প্রায় এসপ্তাহ নাছাৰ নিৰীক্ষণত থাকিব।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক