--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহাকাশ আস্থানৰ পৰা পৃথক হোৱাৰ পাছত লাহে লাহে পৃথিৱী অভিমুখে আগবাঢ়িব। যানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত উচ্চ তাপমাত্ৰা আৰু ঘৰ্ষণৰ সন্মুখীন হ'ব

ডিজিটেল ডেস্ক :ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা ১৫ জুলাইত পৃথিৱীত উপস্থিত হ'ব।


কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে দেওবাৰে এক্সিয়ম-৪ মিছনৰ সম্পর্কে জনাই কয় যে শুভাংশু আৰু আন মহাকাশচাৰীকেইজনক পৃথিৱীলৈ ঘূৰাই আনিব লগা মহাকাশযানখনে আজি বিয়লি ৪-৩০ বজাত মহাকাশ আস্থানটো এৰিলে (আনডকিং কৰিলে)।


সিঙে লগতে জনায় যে ১৫ জুলাইৰ বিয়লি ৩ বজাত মহাকাশচাৰী দলটোৱে পৃথিৱীত অৱতৰণ কৰিব। উল্লেখযোগ্য যে আজি বিয়লি ৪-৩০ বজাত শুভাংশু শুল্কা আৰু তেওঁৰ সতীর্থ মহাকাশচাৰীকেইজনক লৈ স্পেচএক্সৰ ড্ৰেগন মহাকাশযানখন লাহে লাহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানৰ পৰা পৃথক হ'ব। এই প্রক্রিয়াটো স্বয়ংক্রিয় যদিও ইয়াত থকা মহাকাশচাৰীকেইজনে প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি থাকে।


মহাকাশ আস্থানৰ পৰা পৃথক হোৱাৰ পাছত লাহে লাহে পৃথিৱী অভিমুখে আগবাঢ়িব। যানখনে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত উচ্চ তাপমাত্ৰা আৰু ঘৰ্ষণৰ সন্মুখীন হ'ব। সেই সময়ত যানখনৰ গতি হ'ব প্রতি ঘণ্টাত ২৮ হাজাৰ কিল'মিটাৰ। পৃথিৱীত অৱতৰণ কৰিবলৈ আগবঢ়াৰ সময়ত লাহে লাগে গতিবেগ হ্রাস পাব। বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত প্রথমে সৰু আৰু পাছত মূল পেৰাছুট খোল খায় আৰু ইয়াৰ ফলত যানখনৰ গতি হ্রাস পাবলৈ ধৰে।


যানখনে ভাৰতীয় সময়মতে, ১৫ জুলাইৰ বিয়লি ৩ বজাত আমেৰিকাৰ কেলিফর্নিয়া উপকূলৰ কাষৰ সমুদ্ৰত অৱতৰণ কৰিব। ড্রেগন যানখনে ৫৮০ পাউণ্ডততৈ অধিক বৈজ্ঞানিক সঁজুলি তথা গৱেষণাৰ তথ্য লৈ পৃথিৱীলৈ উভতিব। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা অনুসৰি এই ১৮ দিনীয়া অভিযানটোৰ সময়ত ৬০টাতকৈ অধিক বৈজ্ঞানিক গৱেষণা কৰা হয়। পৃথিৱীলৈ উভতি অহাৰ পাছত শুভাংশু শুক্লা আৰু আন মহাকাশচাৰীকেইজন প্রায় এসপ্তাহ নাছাৰ নিৰীক্ষণত থাকিব।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক