--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • টেষ্ট শৃংখলা ২-০ ব্যৱধানত হেৰুওৱাৰ পাছত এদিনীয়া ছিৰিজ ১-১ ব্যৱধানত ড্র হৈ আছে। আজিৰ খেলত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰদৰ্শনৰ ওপৰত ভাৰতীয় দলৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব।

ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি ইয়াত অনুষ্ঠিত হ'ব তৃতীয় তথা নির্ণায়ক এদিনীয়া। টেষ্টৰ পাছত এইবাৰ এদিনীয়া শৃংখলাত পৰাজয় ৰোধৰ লক্ষ্যৰে নামিব ভাৰতীয় দলে। 


টেষ্ট শৃংখলা ২-০ ব্যৱধানত হেৰুওৱাৰ পাছত এদিনীয়া ছিৰিজ ১-১ ব্যৱধানত ড্র হৈ আছে। আজিৰ খেলত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰদৰ্শনৰ ওপৰত ভাৰতীয় দলৰ ভাগ্য বহুখিনি নিৰ্ভৰ কৰিব। 


প্রথম দুখন এদিনীয়াত কোহলীয়ে শতৰান অর্জন কৰিছিল। আনহাতে, ৰোহিতে প্রথম খেলত অর্ধ-শতৰান কৰিছিল। আজি ৰোহিত আৰু কোহলীয়ে ধাৰাবাহিক প্ৰদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিব। কোহলীয়ে নিজৰ শেহতীয়া তিনিটা ইনিংছত দুটা শতৰান আৰু এটা অর্ধ-শতক অৰ্জন কৰিছিল। আনহাতে, ৰোহিতে নিজৰ অন্তিম ৪খন খেলত ১টা শতৰান আৰু দুটা অর্ধ-শতৰানৰ ইনিংছ খেলিছিল। 


ইফালে, ঋতুৰাজ গাইকোৱাডে দ্বিতীয় এদিনীয়াত নিজৰ কেৰিয়াৰৰ প্ৰথমটো শতৰান কৰিছিল। আনহাতে, যশস্বী জয়ছোৱালে নিজৰ আৰু দলৰ বাবে এক বৃহৎ স্ক'ৰ গঢ়াৰ চেষ্টা চলাব। ইফালে, ভাৰতে ৱাশ্বিংটন সুন্দৰক জিৰণি দি তিলক বার্মাক মূল একাদশত স্থান দিব পাৰে যাতে মিডল অর্ডাৰত শক্তি বৃদ্ধি কৰিব খোজে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ