ডিজিটেল ডেস্কঃ দেশৰ বন্যপ্ৰাণী সংৰক্ষণৰ ইতিহাসত এক নতুন অধ্যায় সূচনা কৰি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ এতিয়ালৈকে মুত এক দ্বিপাক্ষিক চুক্তিৰ আধাৰত এই পুনৰসংস্থাপন অভিযান চলাই থকাঠ ৮ টাকৈ বনৰীয়া ম’হ প্ৰেৰণ কৰা হৈছে।
অসম আৰু মধ্যপ্ৰদেশ চৰকাৰৰ মাজত স্বাক্ষৰিত এক দ্বিপাক্ষিক চুক্তিৰ আধাৰত এই পুনৰসংস্থাপন অভিযান চলাই থকা হৈছে।
অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত মাজত স্বাক্ষৰিত দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰেৰণ কৰা হয় ম'হকেইটা।
এই অভিযানৰ প্ৰথম স্তৰত ২৫ এপ্ৰিলৰ দিনা কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ পৰা ৪ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হৈছিল।তাৰ পিছত অগৰাতলি বনাঞ্চলৰ পৰা ৬ মে’ৰ পুৱা পুনৰ ৪ টা বনৰীয়া ম’হ প্ৰেৰণ কৰা হয় কানহালৈ।ইয়াকে লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মুঠ ৮ টা বনৰীয়া ম’হ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণ কৰা হ’ল ।
৬ মে’ৰ পুৱা অগৰাতলিৰ বনাঞ্চলৰ পৰা ৩ জনী মাইকী আৰু ১ টা মতা বনৰীয়া ম’হ প্ৰেৰণ কৰা হয়। কাজিৰঙাৰ পৰা ৮০/ ৯০ ঘন্টাৰ বাট অতিক্ৰম কৰি এই ম’হ কেইটা গৈ মধ্যপ্ৰদেশৰ কানহা বনাঞ্চলত উপস্থিত হ’বগৈ বুলি DFO অৰুণ ভিগ্নেশে প্ৰকাশ কৰে।অসম আৰু মধ্যপ্ৰদেশ বন বিভাগৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ আধাৰত কাজিৰঙাৰ পৰা মুঠ ৫০ টা বনৰীয়া ম’হ মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ প্ৰেৰণৰ কৰাৰ কথা।
এই চুক্তি মতে ৫০ টা ম’হৰ ভিতৰত দুটা পৰ্যায়ত কাজিৰঙাৰ পৰা এতিয়ালৈকে ৮ টাহে বনৰীয়া ম’হ প্ৰেৰণ কৰা হৈছে।পৰৱৰ্তী সময়ত বছৰত ২০ টাকৈ ম’হ কাজিৰঙাত কৰায়ত্ব কৰি মধ্যপ্ৰদেশলৈ প্ৰেৰণ কৰিব অসমৰ বন বিভাগে।কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশে জনোৱা মতে শেহতীয়াকৈ প্ৰেৰণ কৰা ৪ টা ম’হৰ পিছত বাৰিষাৰ বাবে সাময়িকভাৱে কাজিৰঙাত বন্ধ থাকিব ম’হ কৰায়ত্ব কৰাৰ অভিযান।
বুধাবাৰে প্ৰেৰণ কৰা ৪ টা ম’হক কৰায়ত্ব কৰি বিগত ২১ দিনৰ বাবে অগৰাতলি বনাঞ্চলত নিৰীক্ষণৰ বাবে ৰখা হৈছিল। উল্লেখ্য যে যোৱা ২৫ এপ্ৰিলত প্ৰেৰণ কৰা কাজিৰঙাৰ বনৰীয়া ম’হ কেইটা সম্প্ৰতি মধ্যপ্ৰদেশৰ কানহা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত নিৰীক্ষণত আছে। সম্প্ৰতি অসম আৰু মধ্যপ্ৰদেশৰ মাজত বন্যপ্ৰাণী হস্তান্তৰ কৰাৰ স্বাক্ষৰিত চুক্তি অনুসৰী অসমৰ পৰা ৫০ টা বনৰীয়া ম’হ, এহাল গঁড়, তিনিটা ৰজা ফেটী মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰাৰ বিনিময়ত মধ্যপ্ৰদেশে তিনিটা ঢেকীয়াপতীয়া বাঘ,৬ টা ঘড়িয়াল অসমক দিব ।