--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • ৰাজ্যখনৰ আৰক্ষী বিভাগটোৰ মুৰব্বী হৰমিত সিং (আই পি এছ) সভাপতি আৰু ড° তপন দাস সাধাৰণ সম্পাদক হৈ থকা ৰাজ্যিক ক্রীড়া সন্থাটোৰ ভিতৰ চ'ৰাত এতিয়া অৰাজক পৰিস্থিতি বিৰাজমান।

ডিজিটেল ডেস্ক : অসম চাইক্লিং সন্থাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ শেহতীয়া কর্মকাণ্ডই লজ্জানত কৰিছে সচেতন ৰাইজক। 


ৰাজ্যখনৰ আৰক্ষী বিভাগটোৰ মুৰব্বী হৰমিত সিং (আই পি এছ) সভাপতি আৰু ড° তপন দাস সাধাৰণ সম্পাদক হৈ থকা ৰাজ্যিক ক্রীড়া সন্থাটোৰ ভিতৰ চ'ৰাত এতিয়া অৰাজক পৰিস্থিতি বিৰাজমান। খেল-খেলুৱৈৰ প্ৰতি গুৰুত্ব, দায়িত্ব আৰু দায়বদ্ধতা প্রকাশ নকৰাকৈয়ে তেওঁলোকে চলাই গৈছে কার্যকাল। যাৰ ফলত শেহতীয়াকৈ ওড়িশাৰ চম্বলপুৰত যোৱা ২-৬ ডিচেম্বৰত অনুষ্ঠিত ৩০সংখ্যক ৰাষ্ট্ৰীয় ৰ'ড চাইক্লিং চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিবলৈ যোৱা অসমৰ খেলুৱৈয়ে ভাৰালৈ লোৱা চাইকেলেৰে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা কাৰ্যই নজিৰ সৃষ্টি কৰে। 


ভাৰতীয় চাইক্লিং ফেডাৰেশ্যনে (চি এফ আই) ছাব-জুনিয়ৰ, জুনিয়ৰ, য়ুথ, অনূর্ধ্ব-২৩ আৰু পুৰুষ-মহিলা শাখা সামৰি আয়োজন কৰা ৰাষ্ট্ৰীয় প্রতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ গৈছিল অসমৰ ২০জনীয়া দল এটাই। প্রতিযোগিতাখনত অসম দলৰ কোনো খেলুৱৈয়ে পদকৰ মুখ নেদেখিলে। অৱশ্যে সফলতানো আহিব কেনেকৈ? অসম দলক প্রতিনিধিত্ব কৰা খেলুৱৈয়ে ক'ত কেনেদৰে অনুশীলন চলাইছিল, খেলুৱৈসকলৰ প্রয়োজনীয় ক্রীড়া সঁজুলি কেনেদৰে যা-যোগাৰ কৰিছে! সেই খবৰসমূহ ৰাখিবলৈ সময় ওলাইছিলনে অসম চাইক্লিং সন্থাৰ বিয়াগোম বিষয়ববীয়াসকলৰ? কাৰণ যিকোনো ৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পূৰ্বে শক্তিশালী অসম দল এটা গঠনৰ বাবে যাৱতীয় প্রস্তুতি, প্রশিক্ষণ, অনুশীলনৰ প্ৰয়োজন। সেই কথা সকলোৰে জ্ঞাত। তাৰ বিপৰীতে কাৰ্যত দায়িত্ববাহী অসম চাইক্লিং সন্থাই সেই দিশত একোৱেই নকৰিলে। আগতেও কৰা নাই। জোঁৰ পুৰি হাত পোৱা অৱস্থাত কেৱল যেন ফেডাৰেশ্যনৰ স্বীকৃতি বৰ্তাই ৰখা তাগিদাতহে দল প্ৰেৰণ কৰিবলৈ খদমদম লগায়। যাৰ ফলত অসম দলে সদ্যসমাপ্ত ৰাষ্ট্ৰীয় প্রতিযোগিতাখনত শোচনীয় প্ৰদৰ্শন দাঙি ধৰে। অৱশ্যে তাৰ মাজতো অসমৰ ৰূপজ্যোতি কাকতী, চয়নিকা গগৈয়ে (এন এৰ আৰ) নিজা ইভেণ্টত সপ্তম স্থান, মেঘালী দলে নৱম, টিংকল গগৈয়ে সপ্তদশ আৰু দেবানুজ শইকীয়াই ৩৬সংখ্যক স্থান অর্জন কৰিবলৈ সক্ষম হয়। 


পৰিতাপৰ বিষয়টো হ'ল অসম দলৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় প্রতিযোগিতালৈ যোৱাৰ বেলিকা ৰাজ্যিক চাইক্লিং সন্থাটোৰ পৰা সহায়-সাহযোগিতাৰ নামত ফুটা কঢ়ি এটাও নাপালে। অহা-যোৱা, থকা-খোৱা সকলো কৰিব লগা হ'ল গাঁঠিৰ ধন ভাঙি। আনহে নালাগে, কাব্যনীল নামৰ অসমৰ চাইক্লিষ্টগৰাকীয়ে প্রতিযোগিতালৈ বুলি চাইকেল ভাৰাত লৈ যাবলগীয়া অৱস্থা হ'ল। খেলুৱৈয়ে সকলোবিলাক যদি নিজা প্রচেষ্টাতে কৰিব লাগে তেন্তে ৰাজ্যিক চাইক্লিং সন্থাটোৰণো কি কাম। বিষয়টোক লৈ অসমৰ চাইক্লিং ক্রীড়াক্ষেত্ৰত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?