--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩,১০,০৩১ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ চাইকেল প্ৰদান অনুষ্ঠান।


ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩,১০,০৩১ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব। ডিব্ৰুগড় জিলাৰ সকলো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আজি মুখ্যমন্ত্ৰীয়ে এই আঁচনি জৰিয়তে প্ৰদান কৰে চাইকেল। 


উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মহন, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। মুখ্য অতিথি হিচাপে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- 'ৰাজ্যত বিদ্যালয় বৰ্হিভূত ছাত্ৰ ছাত্ৰীৰ হাৰ দশম আৰু দ্বাদশ শ্ৰেণীলৈকে বেছি। 

ৰাজ্যৰ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা ৪০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায়। আৰ্থিক দুৰৱস্থাত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় এৰিবলৈ বাধ্য হয়। যাৰ ফলত সমাজৰ ক্ষতি হয়, অভিভাৱকৰ ক্ষতি হয়, অসমৰ ক্ষতি হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছো। বিনামূলীয়া কিতাপ, ইউনিফৰ্ম, মধ্যাহ্ন ভোজন, চাইকেল, জলপানী আদি দিয়াৰ ব্যৱস্থা কৰিছো। 


তেওঁ লগতে কয় "মেট্ৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া ফ্ৰম ফিলাপ, কলেজত বিনামূলীয়া নামভৰ্তি, ছাত্ৰীক মাহে এহেজাৰ টকা, মেধাৱী ছাত্ৰীলৈ স্কুটি আদি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেইদিনমানৰ পাছত ছাত্ৰসকলৰ বাবে বাবু আঁচনি ৰূপায়ণ কৰা হব। বিদ্যালয়ৰ আন্ত:গাঠনি উন্নীতকৰণ কৰা হৈছে। নতুন বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।' 


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় - 

''তোমালোকৰ যেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কিবা কথা ক'লে ভয় লাগে, তেনেকৈ প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আমাৰো ভয় লাগে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অভিযানত কাম কৰি আছে দেশৰ উদ্যোগপতিয়ে, দেশত ১২ লাখ কোটি বিনিয়োগ কৰিব আদানিয়ে
তিৰুপতি মন্দিৰত ৫৪ কোটিৰ শ্বল কেলেংকাৰি, ছিল্কৰ পৰিৱৰ্তে যোগান ধৰিছিল পলিয়েষ্টাৰ সামগ্ৰী
পুনৰ জনমত অসমক জন্ম ঠাই হিচাপে বাছি ল'ব ছনু নিগমে
চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ বিষয়ত ড° বসন্ত কুমাৰ গোস্বামী, অসমীয়াৰ লগতহে ইংৰাজী ব্যৱহাৰ কৰিব লাগে
শ্বহীদৰ প্ৰতি সন্মান জনাই উন্মোচিত হ’ল লেখক মলয় বৰুৱাৰ পঞ্চমখন গ্ৰন্থ ‘শ্বহীদ প্ৰণামো তোমাক’
দীপাৱলীক মানৱ জাতিৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্য ঘোষণা
জেমছ ৱেব মহাকাশ দূৰবীণৰ জৰিয়তে আৱিষ্কাৰ 'অলকানন্দা' তাৰকাৰাজ্য
আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস ; এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি
প্ৰসংগঃ গোৱা চিলিণ্ডাৰ বিস্ফোৰণ ; ক্লাবৰ মালিকক গ্ৰেপ্তাৰ, এতিয়ালৈকে ২৫ জন লোকৰ মৃত্যু
ছিপাঝাৰত ভাৰতীয় যুৱ মৰ্চাৰ শ্বহীদ প্ৰণামো অনুষ্ঠান ; শ্ৰদ্ধা নিবেদন অসম আন্দোলনৰ অমৰ শ্বহীদক
ইমৰান খানক 'মানসিকভাৱে অসুস্থ' আখ্যা পাকিস্তানী সেনাৰ
বিশ্ব জয় কৰি নিজ গৃহত উপস্থিত ভাৰতীয় দলৰ খেলুৱৈ চিমু দাস
বাংলাদেশ দখল কৰিব জামাত-এ-ইছলামীয়ে!
পাহৰণি গৰ্ভত Greetings Card ! যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা