--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩,১০,০৩১ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকললৈ চাইকেল প্ৰদান অনুষ্ঠান।


ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত এখন বিশেষ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী শুভাৰম্ভ কৰে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩,১০,০৩১ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব। ডিব্ৰুগড় জিলাৰ সকলো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক আজি মুখ্যমন্ত্ৰীয়ে এই আঁচনি জৰিয়তে প্ৰদান কৰে চাইকেল। 


উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মহন, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনকে ধৰি কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। মুখ্য অতিথি হিচাপে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- 'ৰাজ্যত বিদ্যালয় বৰ্হিভূত ছাত্ৰ ছাত্ৰীৰ হাৰ দশম আৰু দ্বাদশ শ্ৰেণীলৈকে বেছি। 

ৰাজ্যৰ প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা ৪০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায়। আৰ্থিক দুৰৱস্থাত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় এৰিবলৈ বাধ্য হয়। যাৰ ফলত সমাজৰ ক্ষতি হয়, অভিভাৱকৰ ক্ষতি হয়, অসমৰ ক্ষতি হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছো। বিনামূলীয়া কিতাপ, ইউনিফৰ্ম, মধ্যাহ্ন ভোজন, চাইকেল, জলপানী আদি দিয়াৰ ব্যৱস্থা কৰিছো। 


তেওঁ লগতে কয় "মেট্ৰিক পৰীক্ষাৰ বাবে বিনামূলীয়া ফ্ৰম ফিলাপ, কলেজত বিনামূলীয়া নামভৰ্তি, ছাত্ৰীক মাহে এহেজাৰ টকা, মেধাৱী ছাত্ৰীলৈ স্কুটি আদি দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেইদিনমানৰ পাছত ছাত্ৰসকলৰ বাবে বাবু আঁচনি ৰূপায়ণ কৰা হব। বিদ্যালয়ৰ আন্ত:গাঠনি উন্নীতকৰণ কৰা হৈছে। নতুন বিদ্যালয়, কলেজ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।' 


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় - 

''তোমালোকৰ যেনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কিবা কথা ক'লে ভয় লাগে, তেনেকৈ প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আমাৰো ভয় লাগে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন