--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বৰ বজাৰত দেখা পোৱা উত্থানৰ প্ৰভাৱ কালি ভাৰতীয় শ্বেয়াৰ বজাৰতো পৰে। ইয়াৰ ফলত সূচকাংকৰ উত্থান হয়।

ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত কালি দীর্ঘদিনৰ পাছত সূচকাংকৰ বৃহৎ হাৰত উত্থান দেখিবলৈ পোৱা যায় আৰু সৰ্বকালৰ অভিলেখ গঢ়াৰ দিশত আগবাঢ়ে। 


বিশ্বৰ বজাৰত দেখা পোৱা উত্থানৰ প্ৰভাৱ কালি ভাৰতীয় শ্বেয়াৰ বজাৰতো পৰে। ইয়াৰ ফলত সূচকাংকৰ উত্থান হয়। বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি ১০২৩ পইন্ট ঊর্ধ্বগামী হৈ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ১০২৩ পইন্ট হয়গৈ। ছেনছেক্স কালি ১.২১% ঊর্ধ্বগামী হয়। 


আনহাতে নিফটি ৩২১ পইন্ট ঊর্ধ্বগামী হৈ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ২৬,২০৫ পইন্ট হয়গৈ। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২৮টাৰে মূল্য বৃদ্ধি পায়। বাজাজ ফিনছার্ভ, বাজাজ ফাইনেন্স আৰু ৰিলায়েন্সকে ধৰি মুঠ ২২টা শ্বেয়াৰৰ মূল্য ১% তকৈ অধিক পায়। নিফটিৰ ৫০টা শ্বেয়াৰৰ ৪৪টাৰ মূল্য ঊর্ধ্বগামী হয়। 


ইফালে ছেনছেক্সৰ ঊর্ধ্বমুখী গতিয়ে বিনিয়োগকাৰীৰ প্ৰায় ৬ লাখ কোটি টকাৰ লাভৰ মুখ দেখুৱায়। বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন মঙলবাৰে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত আছিল ৪৬৯ লাখ কোটি টকা। কালি বজাৰ মূলধন ৪৭৫ লাখ কোটি টকালৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ছেনছেক্স ১৫৩ দিনৰ পাছত ১০০০তকৈ অধিক পইন্ট ঊর্ধ্বমুখী হয়। ইয়াৰ আগতে যোৱা ২৬ জুনত ছেনছেক্স এহেজাৰতকৈ অধিক পইন্ট ঊর্ধ্বগামী হৈছিল। 


নাটকো ফাৰ্মাৰ শ্বেয়াৰৰ মূল্য কালি প্রায় ১২% বৃদ্ধি পাই ৯৩২ টকা হয়গৈ। আনহাতে এম এম ডি চিৰ শ্বেয়াৰ মূল্য ৯.৩২%, পি জি ইলেক্ট্র'প্লাছৰ ৬.৫% আৰু ৰিলায়েন্স পাৱাৰৰ শ্বেয়াৰৰ মূল্য ৬% বৃদ্ধি পায়। কালি শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থানৰ মূলতে হ'ল বিশ্বৰ শ্বেয়াৰ বজাৰত হোৱা উত্থান। কালি কোৰিয়াৰ কম্পি ১.৬২%, হংকঙৰ হেংছেং ০.২৫% আৰু জাপানৰ নিক্কেই ১.৯৪% ওপৰলৈ উঠে। আনহাতে মঙলবাৰে আমেৰিকাৰ শ্বেয়াৰ বজাৰত ডাউ জোন্স ১.৪৩%, নেছডেক কম্প 'জিট ০.৬৭% আৰু এছ এণ্ড পি ০.৯১% ঊর্ধ্বগামী হয়। 


উল্লেখযোগ্য যে ছেনছেক্সে কালি সর্বকালৰ অভিলেখ গঢ়াৰ বাবে মাত্র ৩০০ পইণ্টত পাছ পৰি ৰয়। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰৰ শীর্ষস্থানীয় ১০টা কোম্পানীৰ ভিতৰত ৯টাৰ কালি বজাৰ মূলধন ১.৩৮ লাখ কোটি টকা বৃদ্ধি পায়। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূলধন সর্বাধিক ৩৯,৭০০ কোটি টকা বৃদ্ধি পায়। এয়াৰটেলৰ বজাৰ মূলধন বৃদ্ধি পায় ৩৪,৬০০ কোটি টকা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভুৱা কৃষকে সৰকালে প্ৰধানমন্ত্ৰীৰ অভিলাষী আঁচনিৰ ৫৬৭ কোটি টকা
ছট্টিশগড়ত ৪১ মাওবাদী সদস্যৰ অস্ত্ৰ-সম্বৰণ
দেশৰ বৈচিত্র্যৰ মাজত সংবিধানখনে একতাৰ আদর্শ দেখুৱাই আহিছেঃ মমতা বেনাৰ্জী
শ্বেয়াৰ বজাৰৰ উত্থান, ৬ লাখ কোটি টকা লাভ বিনিয়োগকাৰীৰ
UPI পেমেণ্টত প্ৰাথমিক বেংক একাউণ্ট ব্যৱহাৰে বৃদ্ধি কৰে ডিজিটেল জালিয়াতিৰ আশংকা : গোপাল ভিট্টাল
কাৰাগাৰত ইমৰান খানক 'হত্যা'ৰ বাতৰিক লৈ উত্তাল পাকিস্তান
পানীত তিয়াই থোৱা কিচমিচৰ আছে অনেক চমৎকাৰী গুণ! আপুনি বাৰু এনেকৈ খায়নে?
বাংলাদেশত ভূমিকম্পত ৬জনৰ মৃত্যু; অসম,পশ্চিমবংগকো গ'ল জোকাৰি
হাছিনাক ভাৰতৰ পৰা প্ৰত্যর্পণৰ বাবে সহায় ল'ব ইণ্টাৰপলৰ
দিল্লী বিস্ফোৰণৰ গোচৰত বিস্ফোৰক তথ্য ; আটা প্ৰস্তুত কৰা মেচিনেৰে তৈয়াৰ কৰা হৈছিল বোমা
ভাৰতীয় মহিলাক জিহাদী প্ৰশিক্ষণৰ বাবে জৈছৰ অনলাইন পাঠ্যক্রম, পোহৰলৈ আহিছে পাকিস্তানী সন্ত্রাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ
তিতাবৰৰ ভগনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ; এপে'ৰ খুন্দাত মৃত্যু এজন লোকৰ
জলবায়ু পৰিৱৰ্তনে বিপদ মাতিছে অসমলৈ, ২৭৩ দিনৰ ভিতৰত ১১৩ দিনেই সম্মুখীন হৈছে চৰম দুৰ্যোগৰ
হঠাৎ কেনেকৈ দুৰ্ঘটনাগ্ৰস্ত হ’ল তেজছ যুঁজাৰু বিমান ?