--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্বৰ বজাৰত দেখা পোৱা উত্থানৰ প্ৰভাৱ কালি ভাৰতীয় শ্বেয়াৰ বজাৰতো পৰে। ইয়াৰ ফলত সূচকাংকৰ উত্থান হয়।

ডিজিটেল ডেস্ক : ভাৰতীয় শ্বেয়াৰ বজাৰত কালি দীর্ঘদিনৰ পাছত সূচকাংকৰ বৃহৎ হাৰত উত্থান দেখিবলৈ পোৱা যায় আৰু সৰ্বকালৰ অভিলেখ গঢ়াৰ দিশত আগবাঢ়ে। 


বিশ্বৰ বজাৰত দেখা পোৱা উত্থানৰ প্ৰভাৱ কালি ভাৰতীয় শ্বেয়াৰ বজাৰতো পৰে। ইয়াৰ ফলত সূচকাংকৰ উত্থান হয়। বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি ১০২৩ পইন্ট ঊর্ধ্বগামী হৈ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ১০২৩ পইন্ট হয়গৈ। ছেনছেক্স কালি ১.২১% ঊর্ধ্বগামী হয়। 


আনহাতে নিফটি ৩২১ পইন্ট ঊর্ধ্বগামী হৈ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ২৬,২০৫ পইন্ট হয়গৈ। ছেনছেক্সৰ তালিকাভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ২৮টাৰে মূল্য বৃদ্ধি পায়। বাজাজ ফিনছার্ভ, বাজাজ ফাইনেন্স আৰু ৰিলায়েন্সকে ধৰি মুঠ ২২টা শ্বেয়াৰৰ মূল্য ১% তকৈ অধিক পায়। নিফটিৰ ৫০টা শ্বেয়াৰৰ ৪৪টাৰ মূল্য ঊর্ধ্বগামী হয়। 


ইফালে ছেনছেক্সৰ ঊর্ধ্বমুখী গতিয়ে বিনিয়োগকাৰীৰ প্ৰায় ৬ লাখ কোটি টকাৰ লাভৰ মুখ দেখুৱায়। বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন মঙলবাৰে বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত আছিল ৪৬৯ লাখ কোটি টকা। কালি বজাৰ মূলধন ৪৭৫ লাখ কোটি টকালৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ছেনছেক্স ১৫৩ দিনৰ পাছত ১০০০তকৈ অধিক পইন্ট ঊর্ধ্বমুখী হয়। ইয়াৰ আগতে যোৱা ২৬ জুনত ছেনছেক্স এহেজাৰতকৈ অধিক পইন্ট ঊর্ধ্বগামী হৈছিল। 


নাটকো ফাৰ্মাৰ শ্বেয়াৰৰ মূল্য কালি প্রায় ১২% বৃদ্ধি পাই ৯৩২ টকা হয়গৈ। আনহাতে এম এম ডি চিৰ শ্বেয়াৰ মূল্য ৯.৩২%, পি জি ইলেক্ট্র'প্লাছৰ ৬.৫% আৰু ৰিলায়েন্স পাৱাৰৰ শ্বেয়াৰৰ মূল্য ৬% বৃদ্ধি পায়। কালি শ্বেয়াৰ বজাৰত সূচকাংকৰ উত্থানৰ মূলতে হ'ল বিশ্বৰ শ্বেয়াৰ বজাৰত হোৱা উত্থান। কালি কোৰিয়াৰ কম্পি ১.৬২%, হংকঙৰ হেংছেং ০.২৫% আৰু জাপানৰ নিক্কেই ১.৯৪% ওপৰলৈ উঠে। আনহাতে মঙলবাৰে আমেৰিকাৰ শ্বেয়াৰ বজাৰত ডাউ জোন্স ১.৪৩%, নেছডেক কম্প 'জিট ০.৬৭% আৰু এছ এণ্ড পি ০.৯১% ঊর্ধ্বগামী হয়। 


উল্লেখযোগ্য যে ছেনছেক্সে কালি সর্বকালৰ অভিলেখ গঢ়াৰ বাবে মাত্র ৩০০ পইণ্টত পাছ পৰি ৰয়। উল্লেখযোগ্য যে শ্বেয়াৰ বজাৰৰ শীর্ষস্থানীয় ১০টা কোম্পানীৰ ভিতৰত ৯টাৰ কালি বজাৰ মূলধন ১.৩৮ লাখ কোটি টকা বৃদ্ধি পায়। ইয়াৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূলধন সর্বাধিক ৩৯,৭০০ কোটি টকা বৃদ্ধি পায়। এয়াৰটেলৰ বজাৰ মূলধন বৃদ্ধি পায় ৩৪,৬০০ কোটি টকা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ