--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • আমাৰ নেটৱৰ্কত সংঘটিত যিকোনো অপৰাধ বা জালিয়াতিয়ে এয়াৰটেলত গভীৰভাৱে আঘাত কৰে ৷ সেয়ে গ্ৰাহকৰ সুৰক্ষা সদায় আমাৰ বাবে সৰ্বোচ্ছ অগ্ৰাধিকাৰ হৈ থাকিব৷ উন্নত এআইৰ সৈতে আমি স্পেম কল আৰু বাৰ্তাৰ বাবে তাৎক্ষণিক সতৰ্কবাণীৰ পথ প্ৰদৰ্শন কৰাৰ লগতে ভুলবশতঃ ক্লিক কৰিলেও জালিয়াতি লিংকসমূহ ব্লক কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিলো ৷

ডিজিটেল ডেস্ক : ডিজিটেল কেলেঙ্কাৰী আৰু জালিয়াতিৰ জৰিয়তে বৃদ্ধি পোৱা বিপদৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতী এয়াৰটেলৰ ভাইচ চেয়াৰমেন তথা এম ডি গোপাল ভিট্টালে এয়াৰটেলৰ গ্ৰাহকসকলক উদ্দেশ্যি এক সুৰক্ষামূলক বাৰ্তা লিখিছে৷ 


বিশেষকৈ ভুৱা পাৰ্চেল ডেলিভাৰী ফোন, ফিছিং লিংক আৰু ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ দৰে ভাবুকি ক্ৰমান্বয়ে বাঢ়ি অহাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এয়াৰটেলৰ ব্যৱহাৰকাৰীসকলক সুৰক্ষিত কৰি ৰখাৰ বাবে এই বাৰ্তাৰ জৰিয়তে তেওঁলোকৰ প্ৰতিশ্ৰুতি দৃঢ়তাৰে উল্লেখ কৰিছে৷ পত্ৰখনত তেওঁ এয়াৰটেল পেমেণ্টছ বেংকৰ ছেফ ছেকেণ্ড একাউণ্ট মুকলি কৰাৰ কথা সদৰি কৰি ইয়াৰ জৰিয়তে গ্ৰাহকৰ কষ্টোপাৰ্জিত ধনক তেওঁলোকৰ প্ৰাথমিক বেংক একাউণ্টৰ পৰা পৃথক কৰি ৰাখি সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা হৈছে বুলি ঘোষণা কৰে ৷



গোপাল ভিট্টালে কয় যে, আমাৰ নেটৱৰ্কত সংঘটিত যিকোনো অপৰাধ বা জালিয়াতিয়ে এয়াৰটেলত গভীৰভাৱে আঘাত কৰে ৷ সেয়ে গ্ৰাহকৰ সুৰক্ষা সদায় আমাৰ বাবে সৰ্বোচ্ছ অগ্ৰাধিকাৰ হৈ থাকিব৷ উন্নত এআইৰ সৈতে আমি স্পেম কল আৰু বাৰ্তাৰ বাবে তাৎক্ষণিক সতৰ্কবাণীৰ পথ প্ৰদৰ্শন কৰাৰ লগতে ভুলবশতঃ ক্লিক কৰিলেও জালিয়াতি লিংকসমূহ ব্লক কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছিলো ৷ কিন্তু আজিৰ ডিজিটেল পেমেণ্টৰ পৰিৱেশত প্ৰাথমিক বেংক একাউণ্টক ইউপিআই বা পেমেণ্ট এপৰ সৈতে সংযোগ কৰিলেই সঞ্চয়ৰ সুবিধা লাভ কৰিব পাৰি ৷ 


এইক্ষেত্ৰত এয়াৰটেলৰ ছেফ ছেকেণ্ড একাউণ্টে সুৰক্ষিত হৈ থাকিবলৈ গ্ৰাহকক এটা সহজ আৰু সুৰক্ষিত উপায় প্ৰদান কৰে বুলি তেওঁ উল্লেখ কৰে৷


বাৰ্তাটোত তেওঁ উল্লেখ কৰি কয় যে, ছেফ ছেকেণ্ড একাউণ্টটো মূলতঃ ধন পৰিশোধৰ বাবে আৰু সুত উপাৰ্জন কৰাৰ সময়ত ইয়াত কেৱল ন্যূনতম বেলেঞ্চৰহে প্ৰয়োজন হয়৷ যিহেতু এয়াৰটেল পেমেণ্টছ বেংকে ঋণ প্ৰদান নকৰে, গতিকে গ্ৰাহকসকলে একাউণ্টত বৃহৎ পৰিমাণৰ ধন জমা ৰখাৰ প্ৰয়োজন নাই বুলি তেওঁ কয়৷ আনহাতে এয়াৰটেল থেংকচ এপৰ জৰিয়তে ইয়াক খোলাটো দ্ৰুত আৰু সুবিধাজনক বুলি সদৰি কৰি তেওঁ গ্ৰাহকক পেমেণ্টছ বেংক টেবলৈ গৈ আধাৰ আৰু পান ভিত্তিক কেৱাইচি সম্পূৰ্ণ কৰাৰ পাছত এটা এমপিআইএন ছেট কৰি¸নিৰাপদে লেনদেন আৰম্ভ কৰিবলৈ একাউণ্টটোৰ বাবে ধন আগবঢ়াব পাৰিব বুলি জানিবলৈ দিয়ে৷



গ্ৰাহকে তেওঁলোকৰ প্ৰাথমিক বেংকৰ পৰা ধন স্থানান্তৰ কৰি বা যিকোনো এয়াৰটেল পেমেণ্টছ বেংকৰ খুচুৰা পইণ্টত নগদ ধন জমা কৰি ছেফ ছেকেণ্ড একাউণ্টটো টপ আপ কৰিব পাৰিব৷ এই অফাৰে লাখ লাখ লোকক নিৰৱচ্ছিন্নভাৱে ডিজিটেল পেমেণ্ট উপভোগ কৰাৰ সুবিধাৰ লগতে তেওঁলোকৰ বিত্তীয় ব্যৱস্থাক অকৰ্তৃত্বশীল প্ৰৱেশ আৰু প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব৷


উল্লেখযোগ্য যে, ভিট্টালে গ্ৰাহকসকলক কেইমিনিটমান সময় উলিয়াই ছেফ ছেকেণ্ড একাউণ্ট খুলিবলৈ আৰু তেওঁলোকৰ ধন সুৰক্ষিত কৰিবলৈ উৎসাহিত কৰিছো বুলি সদৰি কৰি এয়াৰটেলে গ্ৰাহকক সুৰক্ষিত আৰু ব্যৱহাৰ কৰিবলৈ সহজ বিত্তীয় সেৱাৰ জৰিয়তে শক্তিশালী কৰাৰ বাবে উৎসৰ্গিত হৈ আছে বুলি বাৰ্তাটোৰ জৰিয়তে উল্লেখ কৰে ৷ বিতং চৰ্ত আৰু নিয়মৰ বাবে এয়াৰটেলৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ