--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অৱশ্যে এই ক্ষেত্ৰত প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অফ নম্বৰ লাভ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় সংৰক্ষিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ জয় বুলি কোৱা হৈছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি এটা ঐতিহাসিক ৰায়ত এই বুলি কয় যে সংৰক্ষিত শ্ৰেণীৰ (এছ চি, এছ টি, অ' বি চি আৰু অর্থনৈতিকভাৱে দুর্বল শ্রেণী) প্রার্থী সাধাৰণ শ্ৰেণীৰ আসনত চাকৰি পোৱাৰ অধিকাৰ আছে।


অৱশ্যে এই ক্ষেত্ৰত প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অফ নম্বৰ লাভ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় সংৰক্ষিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ জয় বুলি কোৱা হৈছে। ইয়াৰ লগতে সাধাৰণ শ্ৰেণীৰ আসনৰ পৰিভাষাও উচ্চতম ন্যায়ালয়ে নতুনকৈ নির্ধাৰণ কৰিলে। 


এই গোচৰটো ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এক নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত। ৰাজস্থান উচ্চ ন্যায়ালয়ত খালী হোৱা কেইটামান পদৰ বাবে আৱেদন বিচৰা হৈছিল আৰু ইয়াত এই বুলি চর্ত বান্ধি দিয়া হৈছিল যে সাধাৰণ শ্ৰেণীৰ কাট অব মার্ক লাভ কৰিলেও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ পদত নিযুক্তি দিয়া নহ'ব। এই প্রসংগত উচ্চ ন্যায়ালয়ে এই বুলি যুক্তি দিছিল যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ আসন দিলে তেওঁলোকক ডাবল বেনিফিট (দুই ধৰণৰ সুযোগ) দিয়াৰ দৰে হ'ব- প্রথমে সংৰক্ষণ আৰু দ্বিতীয়তে সাধাৰণ শ্ৰেণীৰ পদ। 


ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ আগষ্টিন জি মছীহক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এই যুক্তি খাৰিজ কৰি কয় যে মেধাক সন্মান জনোৱা উচিত। উচ্চতম ন্যায়ালয়ে কালি এই কথা স্পষ্ট কৰি দিয়ে যে সংৰক্ষিত শ্ৰেণীৰ কোনো এজন প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অব মার্ক লাভ কৰিলে তেওঁক সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰূপে গণ্য কৰা হ'ব। যদিহে চূড়ান্ত ফলত প্রার্থীজনে লাভ কৰা মুঠ নম্বৰ সাধাৰণ শ্ৰেণীৰ কাট অব মার্কতকৈ কম হয় তেতিয়া তেওঁক মূল সংৰক্ষিত শ্ৰেণীৰ ভিতৰত ধৰা হ'ব যাতে তেওঁ সংৰক্ষণৰ সুবিধা লাভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু