--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অৱশ্যে এই ক্ষেত্ৰত প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অফ নম্বৰ লাভ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় সংৰক্ষিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ জয় বুলি কোৱা হৈছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি এটা ঐতিহাসিক ৰায়ত এই বুলি কয় যে সংৰক্ষিত শ্ৰেণীৰ (এছ চি, এছ টি, অ' বি চি আৰু অর্থনৈতিকভাৱে দুর্বল শ্রেণী) প্রার্থী সাধাৰণ শ্ৰেণীৰ আসনত চাকৰি পোৱাৰ অধিকাৰ আছে।


অৱশ্যে এই ক্ষেত্ৰত প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অফ নম্বৰ লাভ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায় সংৰক্ষিত শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে বৃহৎ জয় বুলি কোৱা হৈছে। ইয়াৰ লগতে সাধাৰণ শ্ৰেণীৰ আসনৰ পৰিভাষাও উচ্চতম ন্যায়ালয়ে নতুনকৈ নির্ধাৰণ কৰিলে। 


এই গোচৰটো ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এক নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে জড়িত। ৰাজস্থান উচ্চ ন্যায়ালয়ত খালী হোৱা কেইটামান পদৰ বাবে আৱেদন বিচৰা হৈছিল আৰু ইয়াত এই বুলি চর্ত বান্ধি দিয়া হৈছিল যে সাধাৰণ শ্ৰেণীৰ কাট অব মার্ক লাভ কৰিলেও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ পদত নিযুক্তি দিয়া নহ'ব। এই প্রসংগত উচ্চ ন্যায়ালয়ে এই বুলি যুক্তি দিছিল যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ আসন দিলে তেওঁলোকক ডাবল বেনিফিট (দুই ধৰণৰ সুযোগ) দিয়াৰ দৰে হ'ব- প্রথমে সংৰক্ষণ আৰু দ্বিতীয়তে সাধাৰণ শ্ৰেণীৰ পদ। 


ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ আগষ্টিন জি মছীহক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এই যুক্তি খাৰিজ কৰি কয় যে মেধাক সন্মান জনোৱা উচিত। উচ্চতম ন্যায়ালয়ে কালি এই কথা স্পষ্ট কৰি দিয়ে যে সংৰক্ষিত শ্ৰেণীৰ কোনো এজন প্রার্থীয়ে সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰণ কৰা কাট অব মার্ক লাভ কৰিলে তেওঁক সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰূপে গণ্য কৰা হ'ব। যদিহে চূড়ান্ত ফলত প্রার্থীজনে লাভ কৰা মুঠ নম্বৰ সাধাৰণ শ্ৰেণীৰ কাট অব মার্কতকৈ কম হয় তেতিয়া তেওঁক মূল সংৰক্ষিত শ্ৰেণীৰ ভিতৰত ধৰা হ'ব যাতে তেওঁ সংৰক্ষণৰ সুবিধা লাভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ