--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতে নিজৰ দাবী অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব। অৱশ্যে ভাৰতে আজি দক্ষিণ আফ্রিকাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: টি-২০ বিশ্ব কাপত আজি ছুপাৰ এইটৰ এখন মেচত আয়োজক ভাৰত দক্ষিণ আফ্ৰিকাৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপ পৰ্যায়ত চাৰিখন মেচৰ কেউখনতে জয়ী হৈ ছুপাৰ এইটত প্ৰৱেশ কৰে। 


ভাৰতে নিজৰ দাবী অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব। অৱশ্যে ভাৰতে আজি দক্ষিণ আফ্রিকাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু তিলক বর্মাই বিশাল শ্বট খেলাৰ পৰিৱৰ্তে সুস্থিৰভাৱে বেটিং কৰাৰ কৌশলৰ আজি এক পৰীক্ষা হ'ব বুলি কোৱা হৈছে। দক্ষিণ আফ্ৰিকাৰ দলত কাগিছো ৰাবাডা, লুংগী এনগিডি, মার্কো য়ানছন, কেশৱ মহাৰাজ আৰু এডন মাৰ্কৰমৰ দৰে বলাৰক লৈ গঠিত শক্তিশালী বলিং বিভাগে আজিৰ মেচখনত ভাৰতৰ বেটিং বিভাগৰ বাবে প্রত্যাহ্বান সৃষ্টি কৰাৰো সম্ভাৱনা নথকা নহয়। 


উল্লেখযোগ্য যে দুয়োটা দলে বিগত দুমাহৰ ভিতৰত আজি ষষ্ঠবাৰৰ বাবে পৰস্পৰৰ মুখামুখি হ'ব। ভাৰতৰ বাবে প্রধান সমস্যাটো হ'ল অ'পেনাৰ ঈশান কিষাণক বাদ দি শীৰ্যক্ৰমৰ আন চাৰিজন বেটাৰৰ প্ৰদৰ্শন বিশ্ব কাপৰ প্ৰথম চাৰিখন মেচত চকুত পৰা বিধৰ নাছিল। অ'পেনাৰ অভিষেক শৰ্মাই চাৰিখন মেচৰ তিনিওখনতে এক ৰানো ‌কৰিব পৰা নাই। সূৰ্যকুমাৰ আৰু তিলকৰো প্ৰদৰ্শন সিমান উল্লেখনীয় নহয়।


ভাৰতে ৰানৰ বাবে হার্ডিক পাণ্ডিয়া আৰু শিৱম ডুবেৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিবলগীয়া হৈছে। কিন্তু ভাৰতৰ মূল শক্তি হ'ল বলিং বিভাগ। যশপ্রীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীৰ দৰে বলাৰে ভাৰতক বিশ্ব কাপৰ প্ৰবল দাবীদাৰ কৰি ৰাখিছে। উল্লেখযোগ্য যে মেচখন আজি সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু