--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা তেজপুৰ পৰুৱাৰ বীৰেণ দাসৰ চাহ দোকানত শ্ৰমিক হিচাপে থকা বোবা মহিলা এগৰাকীক গোটলং গাঁৱৰ নবী হুছেইনৰ পুত্ৰ আবেদ আলীয়ে এখন চোকা কুঠাৰেৰে ডিঙি দুছেও কৰি অতি নৃশংস ভাৱে হত্যা কৰে।

ডিজিটেল ডেস্কঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত পৰুৱা চাৰিআলিত আজি ৰাতিপুৱাই এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।


জানিব পৰা মতে আজি পুৱা তেজপুৰ পৰুৱাৰ বীৰেণ দাসৰ চাহ দোকানত শ্ৰমিক হিচাপে থকা বোবা মহিলা এগৰাকীক গোটলং গাঁৱৰ নবী হুছেইনৰ পুত্ৰ আবেদ আলীয়ে এখন চোকা কুঠাৰেৰে ডিঙি দুছেও কৰি অতি নৃশংস ভাৱে হত্যা কৰে।


উল্লেখযোগ্য যে বীৰেণ দাসৰ চাহ দোকানৰ পিছফালে মহিলা গৰাকীক আবেদ আলীয়ে আক্ৰমণ কৰি থকা দৃশ্য কাষৰে গীতা মন্দিৰত পূজাৰী হিচাপে থকা পুনিৰাম দাসে প্ৰত্যক্ষ কৰি চাহ দোকানৰ মালিক বীৰেণ দাসক খবৰ দিয়াৰ লগে লগে বীৰেণ দাসে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক ধৰিবলৈ সক্ষম হয়।


ঘটনা সন্দৰ্ভত বীৰেণ দাসে তাৎক্ষণিক ভাৱে মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী আৱেদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত