--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি পুৱা তেজপুৰ পৰুৱাৰ বীৰেণ দাসৰ চাহ দোকানত শ্ৰমিক হিচাপে থকা বোবা মহিলা এগৰাকীক গোটলং গাঁৱৰ নবী হুছেইনৰ পুত্ৰ আবেদ আলীয়ে এখন চোকা কুঠাৰেৰে ডিঙি দুছেও কৰি অতি নৃশংস ভাৱে হত্যা কৰে।

ডিজিটেল ডেস্কঃ তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত পৰুৱা চাৰিআলিত আজি ৰাতিপুৱাই এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।


জানিব পৰা মতে আজি পুৱা তেজপুৰ পৰুৱাৰ বীৰেণ দাসৰ চাহ দোকানত শ্ৰমিক হিচাপে থকা বোবা মহিলা এগৰাকীক গোটলং গাঁৱৰ নবী হুছেইনৰ পুত্ৰ আবেদ আলীয়ে এখন চোকা কুঠাৰেৰে ডিঙি দুছেও কৰি অতি নৃশংস ভাৱে হত্যা কৰে।


উল্লেখযোগ্য যে বীৰেণ দাসৰ চাহ দোকানৰ পিছফালে মহিলা গৰাকীক আবেদ আলীয়ে আক্ৰমণ কৰি থকা দৃশ্য কাষৰে গীতা মন্দিৰত পূজাৰী হিচাপে থকা পুনিৰাম দাসে প্ৰত্যক্ষ কৰি চাহ দোকানৰ মালিক বীৰেণ দাসক খবৰ দিয়াৰ লগে লগে বীৰেণ দাসে ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক ধৰিবলৈ সক্ষম হয়।


ঘটনা সন্দৰ্ভত বীৰেণ দাসে তাৎক্ষণিক ভাৱে মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী আৱেদ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ