--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিগত ১২ বছৰ ধৰি ARDSI গুৱাহাটী শাখাৰ উদ্যোগত উদযাপন কৰি অহা হৈছে বিশ্ব এলঝাইমাৰ দিৱস। সেই অনুসৰি এইবেলিও ২১ ছেপ্টেম্বৰত ARDSI গুৱাহাটী শাখাৰ উদ্যোগত এলঝাইমাৰ দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছিল কিন্তু অসমৰ প্ৰাণৰ আপোন শিল্পী, হিয়াৰ আমঠু জুবিন গার্গৰ আকস্মিক মৃত্যুৰ বাবে অনুষ্ঠানটি স্থগিত ৰখা হয়।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত মঙলবাৰে উদযাপন কৰা হয় বিশ্ব এলঝাইমাৰ দিৱস। প্ৰতিবছৰে ২১ ছেপ্তেম্বৰত বিশ্ব এলঝাইমাৰ দিৱস উদযাপন কৰা হয়। এই দিনটোত বিশ্বজুৰি এলঝাইমাৰ ৰোগ আৰু অন্যান্য ডিমেনচিয়াৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু এই ৰোগৰ সৈতে জড়িত সমস্যাসমূহ আঁতৰ কৰিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। এই উপলক্ষে বিভিন্ন সজাগতা অভিযান, চিকিৎসা শিবিৰ আদি কাৰ্যসূচীৰ আয়োজন কৰা হয়।


বিগত ১২ বছৰ ধৰি ARDSI গুৱাহাটী শাখাৰ উদ্যোগত উদযাপন কৰি অহা হৈছে বিশ্ব এলঝাইমাৰ দিৱস। সেই অনুসৰি এইবেলিও ২১ ছেপ্টেম্বৰত ARDSI গুৱাহাটী শাখাৰ উদ্যোগত এলঝাইমাৰ দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছিল কিন্তু অসমৰ প্ৰাণৰ আপোন শিল্পী, হিয়াৰ আমঠু জুবিন গার্গৰ আকস্মিক মৃত্যুৰ বাবে অনুষ্ঠানটি স্থগিত ৰখা হয়। সেয়েহে কিছু পলমকৈ ১৪ অক্টোবৰ মঙলবাৰে উদযাপন কৰা হয় বিশ্ব এলঝেইমাৰ দিৱসৰ কাৰ্য্যসূচী৷


এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত IAS বিষয়া স্বপ্ননীল বৰুৱা। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কাৰণে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভণিতে সংস্থাৰ সভাপতি শুভব্রত শৰ্মাই আদৰণি ভাষণ আগবঢ়ায়।লগতে ডঃ দ্বীপেশ ভাগৱতীয়ে এলঝাইমাৰ আৰু ডিমেনচিয়া ৰোগৰ সজাগতাৰ ওপৰত বক্তব্য প্ৰদান কৰে।


সভাৰ শেষত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধিয়া ৬ বজাত অনুৰাধা শর্মা পূজাৰীৰ উপন্যাস 'জলছবি'ৰ নাট্যৰূপ মঞ্চস্থ কৰা হ়য় ৷JB প্ৰডাকচনৰ দ্বাৰা প্ৰযোজনা কৰা 'জলছবি' নামৰ নাটখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰে ডঃ জাহানাৰা বেগমে আৰু নাটকখনি পৰিচালনা কৰে অবিনাশ শৰ্মাই।


বৰ্তমান সমাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা 'ডিমনেছিয়া' ৰোগত আক্ৰান্ত এগৰাকী বৃদ্ধা সুৱৰ্ণজ্যোতি বৰুৱাৰ কাহিনীৰে সমৃদ্ধ নাটখনিত জী -জোঁৱাই আৰু ঘৰুৱা সহায়কাৰী গৰাকীৰ দৈনন্দিন জীৱনৰ কাৰ্য কলাপ অতি মনোগ্ৰাহীকৈ উপস্থাপন কৰা হৈছে৷ ডিমনেছিয়াত আক্ৰান্ত এগৰাকী মানুহক কেনেদৰে পৰিচৰ্যা তথা ব্যৱহাৰ কৰিব লাগে সেয়া নাটখনিত দেখুৱাব বিচৰা হৈছে৷ ধৈৰ্য, সাহস, সহনশীলতা আৰু মৰম-আন্তৰিকতাই ডিমনেছিয়া ৰোগীৰ জীৱন সহজ কৰি তোলে৷ ডিমেনচিয়া ৰোগী ঘৰত থাকিলে এটি পৰিয়াল কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় সেয়া খুব সুন্দৰকৈ ডাঙি ধৰা হৈছে।


চৰিত্ৰসমূহৰ মাজত সৃষ্টি হোৱা মানসিক সংঘাতে শেষলৈকে নাটখনৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাত সফল হৈছে৷ নাটকখনত এলঝেইমাৰ ৰোগৰ লগতে ৰোগীৰ পৰিয়ালৰ সদস্য আৰু পৰিচৰ্যাকাৰীসকলৰ কষ্ট আৰু ত্যাগৰ কথা অতি স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। বিপুল সংখ্যক দৰ্শকৰ উপস্থিতিৰে অনুষ্ঠানটিৰ সফলভাৱে সামৰণি পৰে। দৰ্শকে নাটখনিৰ প্ৰতি যথেষ্ট উছাহমূলক সঁহাৰি আগবঢ়ায়। নাটখনিত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকল হৈছে- ডঃ জাহানাৰা বেগম, ডঃ জয়ন্ত দাস, মুন ডেকা, জনক নাথ আৰু চৰ্চিতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য