--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশেষভাৱে ক্ৰিকেট খেলক গুৰুত্ব প্ৰদান কৰি অহা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে এইবাৰ গুৰুত্ব দিব বিচাৰিছে অসমত ।

ডিজিটেল ডেস্ক: অসমৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাধৰ সকলৰ বাবে এক আশাপ্ৰদ খবৰ কঢ়িয়াই আনিছে অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে । উল্লেখযোগ্য যে অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে (AIGCL) বিগত কেইবাবছৰো ধৰি দেশৰ ভিন্ন প্ৰান্তত ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । 


বিশেষভাৱে ক্ৰিকেট খেলক গুৰুত্ব প্ৰদান কৰি অহা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে এইবাৰ গুৰুত্ব দিব বিচাৰিছে অসমত । নতুন দিল্লীস্থিত কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি অহা ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ অসমৰ গোলাঘাট,লক্ষীমপুৰ,শিলচৰ আৰু নগাঁৱত অনুস্থিত হ'ব বিশেষ ক্ৰিকেট খেলুৱৈৰ নিৰ্বাচনী শিৱিৰ । অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ উত্তৰ-পূৱৰ চেয়াৰমেন ৰাজুমনি হুছেইনে দেৰগাঁৱত এক সংবাদ মেল সম্বোধন কৰি এই আশাপ্ৰদ খবৰটো ৰাজহুৱা কৰে। 


চেয়াৰমেন গৰাকীয়ে জানিবলৈ দিয়া মতে এই চাৰিওটা স্থানৰ পৰা নিৰ্বাচিত খেলুৱৈ সকলক একত্ৰিত কৰি অসমৰ এটা দল গঠন কৰা হ'ব আৰু দলটোৱে পৰৱৰ্তী পৰ্যায়ত অসমৰ হৈ এপ্ৰিল মাহত মুম্বাইত হব লগীয়া AIGCL T20 প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পাব ৷ 


গ্ৰামাঞ্চলৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত এই সুপ্ত ক্ৰীড়া প্ৰতিভা সমুহক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে জন্ম লাভ কৰা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ জড়িয়তে অসমৰ পৰা বহু ক্ৰীড়া প্ৰতিভাৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হ'ব বুলি আশাবাদী অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ চেয়াৰমেন ৰাজুমনি হুছেইন । সবিশেষ যোগাযোগ কৰিব পাৰিব 7002323201 নম্বৰটো যোগাযোগ কৰিব পাৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ