--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশেষভাৱে ক্ৰিকেট খেলক গুৰুত্ব প্ৰদান কৰি অহা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে এইবাৰ গুৰুত্ব দিব বিচাৰিছে অসমত ।

ডিজিটেল ডেস্ক: অসমৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাধৰ সকলৰ বাবে এক আশাপ্ৰদ খবৰ কঢ়িয়াই আনিছে অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে । উল্লেখযোগ্য যে অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে (AIGCL) বিগত কেইবাবছৰো ধৰি দেশৰ ভিন্ন প্ৰান্তত ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । 


বিশেষভাৱে ক্ৰিকেট খেলক গুৰুত্ব প্ৰদান কৰি অহা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে এইবাৰ গুৰুত্ব দিব বিচাৰিছে অসমত । নতুন দিল্লীস্থিত কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি অহা ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ অসমৰ গোলাঘাট,লক্ষীমপুৰ,শিলচৰ আৰু নগাঁৱত অনুস্থিত হ'ব বিশেষ ক্ৰিকেট খেলুৱৈৰ নিৰ্বাচনী শিৱিৰ । অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ উত্তৰ-পূৱৰ চেয়াৰমেন ৰাজুমনি হুছেইনে দেৰগাঁৱত এক সংবাদ মেল সম্বোধন কৰি এই আশাপ্ৰদ খবৰটো ৰাজহুৱা কৰে। 


চেয়াৰমেন গৰাকীয়ে জানিবলৈ দিয়া মতে এই চাৰিওটা স্থানৰ পৰা নিৰ্বাচিত খেলুৱৈ সকলক একত্ৰিত কৰি অসমৰ এটা দল গঠন কৰা হ'ব আৰু দলটোৱে পৰৱৰ্তী পৰ্যায়ত অসমৰ হৈ এপ্ৰিল মাহত মুম্বাইত হব লগীয়া AIGCL T20 প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পাব ৷ 


গ্ৰামাঞ্চলৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত এই সুপ্ত ক্ৰীড়া প্ৰতিভা সমুহক এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে জন্ম লাভ কৰা অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ জড়িয়তে অসমৰ পৰা বহু ক্ৰীড়া প্ৰতিভাৰ বিশ্বমুখী যাত্ৰা আৰম্ভ হ'ব বুলি আশাবাদী অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগৰ চেয়াৰমেন ৰাজুমনি হুছেইন । সবিশেষ যোগাযোগ কৰিব পাৰিব 7002323201 নম্বৰটো যোগাযোগ কৰিব পাৰিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু