--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আই চি চিৰ সতর্কবাণীৰ লগতে শ্রীলংকায়ো পৰোক্ষভাৱে পত্রযোগে ভাবুকি দিছে। এই পৰিস্থিতিৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডে (পি চিবি) পুনৰ দেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগবাঢ়িছে।

ডিজিটেল ডেস্ক: আই চি চি টি-২০ বিশ্ব কাপত ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছৰে পৰাই বিভিন্ন মহলৰ পৰা চাপৰ সন্মুখীন হৈছে পাকিস্তান।


আই চি চিৰ সতর্কবাণীৰ লগতে শ্রীলংকায়ো পৰোক্ষভাৱে পত্রযোগে ভাবুকি দিছে। এই পৰিস্থিতিৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডে (পি চিবি) পুনৰ দেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগবাঢ়িছে। 


পি চি বিৰ এক সূত্ৰই জনোৱা মতে, পাকিস্তানে সদায় শ্রীলংকাৰ সৈতে অতি ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। সেয়া চৰকাৰী পৰ্যায়তে হওক অথবা ক্ৰিকেটৰ পথাৰত। গতিকে, শ্রীলংকাৰ ই-মেইল ইমান সহজে আওকাণ কৰিব নোৱাৰি। শ্রীলংকা ক্রিকেট ব'ৰ্ডৰ সভাপতি শম্লি ছিলভাই পাক ব'ৰ্ডৰ অধ্যক্ষ মহচিন নকভীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল যে মেচ অনুষ্ঠিত নহ'লে শ্রীলংকাৰ টিকট বিক্ৰী আৰু অন্যান্য খণ্ডত বহুত ক্ষতিগ্রস্ত হ'ব।' খবৰ অনুসৰি নকভীয়ে চৰকাৰৰ সৈতে কথা পাতিব আৰু ইয়াৰ প্ৰতিক্রিয়া প্রকাশ কৰিব বুলি আশ্বাস দিছে। তেওঁ লগতে দাবী কৰে যে পাকিস্তানে শ্রীলংকাৰ অনুৰোধ নাকচ কৰাৰ খবৰটো মিছা। সূত্ৰটোৱে কয়, 'ভাৰতৰ মেচ বৰ্জনৰ সন্দৰ্ভত শ্রীলংকাৰ পৰা অহা ই-মেইলৰ প্ৰসংগত নকভীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব। এই বিষয়ত সোমবাৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব।' 


উল্লেখযোগ্য যে যোৱা নৱেম্বৰত শ্রীলংকাই পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়ত একাংশ ক্রিকেটাৰ নিৰাপত্তাজনিত কাৰণত স্বদেশলৈ উভতি যাব বিচাৰিছিল। কিন্তু শ্রীলংকা ব'র্ডে খেলুৱৈসকলক স্পষ্ট সতর্কবাণী দিছিল আৰু সমগ্র শৃংখলা পাকিস্তানত খেলিবলৈ নির্দেশ দিছিল। ইয়াৰ ফলত পাকিস্তানে এইবাৰ শ্ৰীলংকাৰ অনুৰোধ নাকচ কৰাৰ কোনো সম্ভাৱনা নাই।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু