--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আই চি চিৰ সতর্কবাণীৰ লগতে শ্রীলংকায়ো পৰোক্ষভাৱে পত্রযোগে ভাবুকি দিছে। এই পৰিস্থিতিৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডে (পি চিবি) পুনৰ দেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগবাঢ়িছে।

ডিজিটেল ডেস্ক: আই চি চি টি-২০ বিশ্ব কাপত ভাৰতৰ বিৰুদ্ধে মেচ বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাছৰে পৰাই বিভিন্ন মহলৰ পৰা চাপৰ সন্মুখীন হৈছে পাকিস্তান।


আই চি চিৰ সতর্কবাণীৰ লগতে শ্রীলংকায়ো পৰোক্ষভাৱে পত্রযোগে ভাবুকি দিছে। এই পৰিস্থিতিৰ পাছত পাকিস্তান ক্রিকেট ব'ৰ্ডে (পি চিবি) পুনৰ দেশৰ চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'বলৈ আগবাঢ়িছে। 


পি চি বিৰ এক সূত্ৰই জনোৱা মতে, পাকিস্তানে সদায় শ্রীলংকাৰ সৈতে অতি ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। সেয়া চৰকাৰী পৰ্যায়তে হওক অথবা ক্ৰিকেটৰ পথাৰত। গতিকে, শ্রীলংকাৰ ই-মেইল ইমান সহজে আওকাণ কৰিব নোৱাৰি। শ্রীলংকা ক্রিকেট ব'ৰ্ডৰ সভাপতি শম্লি ছিলভাই পাক ব'ৰ্ডৰ অধ্যক্ষ মহচিন নকভীৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল যে মেচ অনুষ্ঠিত নহ'লে শ্রীলংকাৰ টিকট বিক্ৰী আৰু অন্যান্য খণ্ডত বহুত ক্ষতিগ্রস্ত হ'ব।' খবৰ অনুসৰি নকভীয়ে চৰকাৰৰ সৈতে কথা পাতিব আৰু ইয়াৰ প্ৰতিক্রিয়া প্রকাশ কৰিব বুলি আশ্বাস দিছে। তেওঁ লগতে দাবী কৰে যে পাকিস্তানে শ্রীলংকাৰ অনুৰোধ নাকচ কৰাৰ খবৰটো মিছা। সূত্ৰটোৱে কয়, 'ভাৰতৰ মেচ বৰ্জনৰ সন্দৰ্ভত শ্রীলংকাৰ পৰা অহা ই-মেইলৰ প্ৰসংগত নকভীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিব। এই বিষয়ত সোমবাৰৰ ভিতৰত সিদ্ধান্ত লোৱা হ'ব।' 


উল্লেখযোগ্য যে যোৱা নৱেম্বৰত শ্রীলংকাই পাকিস্তান ভ্ৰমণ কৰিছিল। সেই সময়ত একাংশ ক্রিকেটাৰ নিৰাপত্তাজনিত কাৰণত স্বদেশলৈ উভতি যাব বিচাৰিছিল। কিন্তু শ্রীলংকা ব'র্ডে খেলুৱৈসকলক স্পষ্ট সতর্কবাণী দিছিল আৰু সমগ্র শৃংখলা পাকিস্তানত খেলিবলৈ নির্দেশ দিছিল। ইয়াৰ ফলত পাকিস্তানে এইবাৰ শ্ৰীলংকাৰ অনুৰোধ নাকচ কৰাৰ কোনো সম্ভাৱনা নাই।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ