--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাংলাদেশৰ মৈমনসিং চহৰত থকা ৰয়ৰ বাসভৱনটো আগতে মৈমনসিং শিশু একাডেমি ৰূপে জনা গৈছিল

ডিজিটেল ডেস্ক : বাংলাদেশত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পৈতৃক বাসগৃহৰ পাছত এতিয়া প্রখ্যাত চিনেমা নির্মাতা তথা অস্কাৰ বিজয়ী সত্যজিৎ ৰয়ৰ বাসভৱনো ভাঙিবলৈ আৰম্ভ কৰা হৈছে।


উল্লেখযোগ্য যে বাংলাদেশৰ মৈমনসিং চহৰত থকা ৰয়ৰ বাসভৱনটো আগতে মৈমনসিং শিশু একাডেমি ৰূপে জনা গৈছিল। ভাৰতে এই ঐতিহাসিক স্মাৰকটো নাভাঙিবলৈ বাংলাদেশ চৰকাৰক অনুৰোধ জনাইছিল। ইয়াৰ লগতে বাসভৱনটো মেৰামতি তথা পুনৰ নিৰ্মাণৰ কাৰণে সহযোগ কৰাৰ প্ৰস্তাৱো ভাৰত চৰকাৰে বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰক দিছিল। ভাৰতে সত্যজিৎ ৰয়ৰ পৈতৃক বাসভৱনটো সংৰক্ষণ কৰাৰ বাবেও বাংলাদেশ চৰকাৰক অনুৰোধ জনাইছিল। কিন্তু ভাৰতৰ অনুৰোধ গ্রাহ্য নকৰিলে মহম্মদ ইউনুছ-নেতৃত্বাধীন চৰকাৰে। ভাঙি পেলোৱা হয় বিশ্বখ্যাত চিনেমা নিৰ্মাতাজনৰ বাসভৱনটো।


উল্লেখযোগ্য যে শতাধিক বছৰ পুৰণি এই ঘৰটোৰ প্রতি কোনেও গুৰুত্ব নিদিয়াত ঘৰটোৰ অৱস্থা শোচনীয় হৈ পৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বাসভৱনটো মেৰামতি তথা পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল বাংলাদেশ চৰকাৰক। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে এই প্রসংগত কয় যে মৈমনসিং চহৰত থকা আৰু এসময়ত মহান চিনেমা নির্মাতাজনৰ ককাকে বাস কৰা এই সম্পত্তি ভাঙিবলৈ লোৱাটো দুর্ভাগ্যজনক। ইফালে টি এম চিৰ নেতা অভিষেখ বেনার্জীয়ে কয় যে বাংলাদেশত থকা অস্কাৰ বঁটা বিজয়ী চিনেমা নির্মাতা ৰয়ৰ পৈতৃক বাসভৱনটো বাংলাদেশৰ বিষয়াসকলে ভাঙিবলৈ আৰম্ভ কৰাৰ বাতৰিয়ে ব্যথিত কৰিছে।


ই ১০০ বছৰ পুৰণি সম্পত্তি আৰু ইয়াত বাঙালী সাহিত্য তথা সংস্কৃতিৰ এজন মহীয়ান ব্যক্তি উপেন্দ্ৰকিশোৰ ৰয় চৌধৰী আছিল। উল্লেখযোগ্য যে প্রখ্যাত সাহিত্যিক উপেন্দ্রকিশোৰ প্রখ্যাত কবি সুকুমাৰ ৰয়ৰ পিতৃ আৰু সত্যজিৎ ৰয়ৰ ককাক আছিল। উল্লেখযোগ্য যে বাংলাদেশৰ বাতৰিকাকত ডেইলী ষ্টাৰে কালি এটা বাতৰিত প্ৰকাশ কৰিছিল যে সত্যজিৎ ৰয়ৰ পৈতৃক বাসভৱনটো ভাঙিবলৈ আৰম্ভ কৰা হৈছে। ইয়াত এটা নতুন গাঁথনি নির্মাণ কৰা হ'ব। ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে কয় যে বৰ্তমান বাংলাদেশ চৰকাৰৰ অধীনত থকা এই বাসভৱনটো জৰ্জৰ অৱস্থাত আছে। বিদেশ মন্ত্রালয়ৰ মতে এই বাসভৱনটো বাংলা সাংস্কৃতিক পুনৰজাগৰণৰ প্ৰতীক। বাংলাদেশ চৰকাৰক বাসভৱনটো ভাঙি পেলোৱাৰ আগতে এই বিষয়ে পুনৰ বিবেচনা কৰি চাবলৈ ভাৰত চৰকাৰে আহ্বান জনাইছিল। উল্লেখযোগ্য যে বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত ইটোৰ পাছত সিটো ঐতিহাসিক স্মাৰক ধ্বংস কৰি পেলোৱা হৈছে। ইয়াৰ আগতে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ লগতে আন এজন প্রখ্যাত চিনেমা নির্মাতা ঋত্বিক ঘটকৰ বাসভরনো ভাঙি পেলোৱা হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক