--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰাৰ কাৰণে আঞ্চলিকতাবাদৰ সহায় লোৱাতো উচ্চতম ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰে

ডিজিটেল ডেস্ক : 'ৰাজনৈতিক দলসমূহে নির্বাচনত জাতি আৰু আঞ্চলিকতাবাদৰ নামত ভোট বিচৰা কাৰ্য ৰাষ্ট্ৰীয় একতাৰ বাবে বিপজ্জনক'। ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মালা বাগচীক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল-মুছলিমিনৰ (এ আই এম আই এম) পঞ্জীয়ন বাতিল কৰাৰ বাবে জনোৱা এখন আৱেদন শুনানিৰ বাবে গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি এনেদৰে কয় বিচাৰপীঠখনে।


জাত-পাতৰ ওপৰত নিৰ্ভৰ কৰা ৰাজনীতিও সমানে বিপজ্জনক বুলি মত ব্যক্ত কৰি কয়, 'একাংশ ৰাজনৈতিক দল জাতিগত ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল, ইয়ো দেশৰ বাবে সমানেই বিপজ্জনক। ইয়াক অনুমতি দিব নোৱাৰি।' আনহাতে ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষিত কৰাৰ কাৰণে আঞ্চলিকতাবাদৰ সহায় লোৱাতো উচ্চতম ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰে।


আদালতে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ একতা আৰু অখণ্ডতাৰ প্ৰতি সমাজত সাম্প্রদায়িক বিভাজন সৃষ্টিৰ সমানেই ভাবুকিৰ সৃষ্টি কৰে। আদালতে আৱেদনখনৰ গ্ৰহণযোগ্যতাক লৈ শুনানি লোৱাৰ সময়ত এই বুলি প্রশ্ন কৰে- আঞ্চলিক দলসমূহে নিৰ্বাচনৰ সময়ত মুকলিকৈ আঞ্চলিকতাবাদক প্ৰচাৰ কৰে। ই দেশৰ একতা আৰু অখণ্ডতাৰ পৰিপন্থী নহয় জানো? আদালতে লগতে কয় যে যেতিয়া কেইবাটাও ৰাজনৈতিক দল সাম্প্রদায়িকতাত লিপ্ত থাকে তেতিয়া কোনো এটা ৰাজনৈতিক দলক লক্ষ্য কৰি ল'ব নোৱাৰি। শুনানিৰ সময়ত আদালতে বিষয়টো সাম্প্রদায়িক ৰাজনীতিৰ পৰা আগলৈ নি কয়, 'কেৱল সাম্প্রদায়িক দলৰ প্ৰশ্নতে নিজকে সীমিত নাৰাখিব... একাংশ আঞ্চলিক দলে আঞ্চলিকতাবাদৰ আৱেগক প্ৰৰোচিত কৰিছে। ই ৰাষ্ট্ৰীয় একতাৰ স্বাৰ্থত হয়নে? একাংশ ৰাজনৈতিক দলে জাতি ভিত্তিক ৰাজনীতি কৰিছে, ই সমানেই বিপজ্জনক।' আদালতে লগতে কয় যে আৱেদনকাৰীয়ে দাখিল কৰা আৱেদনখন যে গুৰুত্বপূৰ্ণ তাত অকণো সন্দেহ নাই। কিন্তু কোনো এটা পক্ষৰ বিৰুদ্ধে আৰোপ নলগোৱাকৈ দাখিল কৰিলে ইয়াক বিচাৰৰ বাবে গ্রহণ কৰিব পাৰি। বিচাৰপীঠে লগতে কয় যে এ আই এম আই এমৰ সংবিধান অনুসৰি ইয়াৰ উদ্দেশ্য হ'ল সংখ্যালঘু সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে কাম কৰা আৰু দলটোৰ সংবিধানতো এই বিষয়ে উল্লেখ আছে। আদালতে আৱেদনকাৰীৰ হৈ আদালতত ওকালতি কৰা বিষ্ণু শংকৰ জৈনক কয় যে দলটোৰ মতে, 'তেওঁলোকে সমাজৰ প্ৰতিটো পিছপৰা শ্ৰেণীৰ বাবে কাম কৰিব আৰু ইয়াত অর্থনৈতিক তথা শৈক্ষিকভাৱে পিছ পৰা সংখ্যালঘু তথা মুছলিমো সোমাই আছে। আমাৰ সংবিধানেও ইয়াকে কৈছে।


সংবিধানৰ অধীনত সংখ্যালঘুসকলৰ কিছুমান অধিকাৰৰ গেৰাণ্টি দিয়া হৈছে আৰু দলটোৰ ৰাজনৈতিক ইস্তাহাৰ বা সংবিধানত কোৱা হৈছে যে দলটোৱে সংবিধানে দিয়া এই অধিকাৰসমূহৰ সুৰক্ষাৰ বাবে কাম কৰিব।' আদালতে আৱেদনকাৰীক ৰিট আৱেদন দাখিল কৰাৰ অনুমতি দিয়ে য'ত বিভিন্ন বিষয়ত ৰাজনৈতিক দলসমূহৰ সম্পৰ্কক সংস্কাৰৰ বাবে ব্যাপক প্রার্থনা জনাব পাৰে বুলি কয়। আদালতে গুচৰীয়া পক্ষৰ অধিবক্তাগৰাকীক কয়, 'কিছুমান ক্ষেত্রত আপোনাৰ এই কথা সত্য হ'ব পাৰে যে শপতনামা দাখিলৰ পাছতো কোনো দল বা প্রার্থীয়ে এনেকুৱা অভিযানত অংশগ্রহণ কৰিব পাৰে যি ধৰ্মীয় আৱেগত আঘাত হানিব পাৰে। কিন্তু এই বিষয়টো উপযুক্ত মঞ্চৰ দৃষ্টিগোচৰ কৰিব পাৰে।' আদালতে কয়, 'একাংশ ৰাজনৈতিক দল জাতিগত ৰাজনীতিৰ ওপৰত নিৰ্ভৰশীল যিটোও দেশৰ বাবে অতি বিপজ্জনক। ইয়াৰ অনুমতি দিব নোৱাৰি। সেয়েহে আপুনি কোনো ৰাজনৈতিক দলৰ বা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উল্লেখ নকৰি সাধাৰণ বিষয়সমূহ উত্থাপন কৰি এখন নিৰপেক্ষ আৱেদন দাখিল কৰক আৰু আমি ইয়াক বিচাৰৰ বাবে গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিম।'


আনহাতে হিন্দুৰ স্বাৰ্থক সমর্থন কৰা আৰু বৈদিক শিক্ষাৰ প্ৰসাৰ কৰা তথা হিন্দু নামৰ ৰাজনৈতিক দলৰ পঞ্জীয়ন কৰিবলৈ নিৰ্বাচন আয়োগে অস্বীকাৰ কৰিব বুলি অধিবক্তাজনে দিয়া যুক্তিত অসন্মতি জনাই কয় যে যদি নির্বাচন আয়োগে এনেধৰণৰ ৰাজনৈতিক দলক পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে তেতিয়া আয়োগৰ সিদ্ধান্তক প্রত্যাহ্বান জনাবলৈ মঞ্চ মজুত আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক