--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী উপস্থিত হোৱাৰ লগে লগে 'হিমন্ত বিশ্ব শর্মা জিন্দাবাদ', 'বিজেপি জিন্দাবাদ', 'ভাৰত মাতা কি জয়' আদি শ্ল'গানেৰে পৰিৱেশ মুখৰিত হয়।

ডিজিটেল ডেস্ক : সমাগত বি টি চিৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱাৰ লক্ষ্যৰে বি টি চিৰ মুঠ ৩৬টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তথা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।


ইয়াৰ মাজতে মঙলবাৰে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৬ নং কচুগাঁও আৰু ৫ নং সৰাইবিল সমষ্টিত বিজয়ী সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্য ড° শৰ্মাই। প্রথমে দুপৰীয়া ১২ বজাত হেলিকপ্টাৰেৰে কচুগাঁৱত আহি প্রায় ২০ হাজাৰ লোকৰ উপস্থিতিত বিজয়ী সংকল্প সভাত অংশগ্ৰহণ কৰে।


তাৰ পাছত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে গোসাইগাঁও সদৰ চহৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিজয়ী সংকল্প সভাত উপস্থিত হয়। গোসাইগাঁৱত প্রায় ২৫ হাজাৰৰ অধিক লোকৰ সমাগম ঘটে।


মুখ্যমন্ত্রী উপস্থিত হোৱাৰ লগে লগে 'হিমন্ত বিশ্ব শর্মা জিন্দাবাদ', 'বিজেপি জিন্দাবাদ', 'ভাৰত মাতা কি জয়' আদি শ্ল'গানেৰে পৰিৱেশ মুখৰিত হয়। কচুগাঁৱত জনসাধাৰণৰ আগত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'বি টি চিত বিজেপিৰ চৰকাৰ অহাৰ পাছত প্রথমে ভি চি ডি চি উঠাই দিম। কাৰণ অৰুণোদয়, লাখপতি বাইদেউ আৰু চৰকাৰী ঘৰৰ বাবে ভি চি ডি চিক উৎকোচ দিবলগীয়া হয়। বি টি চিত চৰকাৰ নাই, ভি চি ডি চিয়ে শাসন চলাই আছে। নলবাৰী, যোৰহাট, বৰপেটা আদিত উন্নয়ন হৈছে, কিন্তু বি টি চিৰ বহু ৰাইজে চৰকাৰী আঁচনি পোৱা নাই। ভি চি ডি চিয়ে ৰাইজক কষ্ট দিছে। আমি ভি চি ডি চি ভাঙি ৰাইজৰ শাসন লৈ আহিম। বৰালি মাছে সৰু মাছ খোৱাৰ দৰে ভি চি ডি চিয়ে দুখীয়া মানুহক খাইছে। অসমত ১.৫ লাখ চাকৰি দিছোঁ, কাকো এখন তামোল খুওৱাৰ প্ৰয়োজন হোৱা নাই। বি টি চিতো দুর্নীতিমুক্ত চৰকাৰ গঢ়িব লাগিব।'


ড° শৰ্মাই পুনৰ কয়, 'মই মুখ্যমন্ত্রী হোৱাৰ পাছত বি টি আৰত এটাও গুলী ফুটা নাই, বোমা বিস্ফোৰণ হোৱা নাই, জাতিগত সংঘর্ষ হোৱা নাই। বি টি আৰলৈ বিজেপিয়ে শান্তি আনিছে। বিগত দিনত পিষ্টল দেখুৱাই, ভয় দেখুৱাই ভোট লোৱা হৈছিল, কিন্তু আজি সকলোৱে নমস্কাৰ দি ভোট খুজিছে। বি পি এফ-ইউ পি পি এলেও নমস্কাৰ দি ভোট খুজিছে, আমিও নমস্কাৰ দি ভোট খুজি আছোঁ। আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, কিন্তু মই ইতিমধ্যে ২০০ বাৰৰো অধিক ভ্ৰমণ কৰিছোঁ। উন্নয়নৰ বাবে কচুগাঁও সমষ্টিৰ ৰাইজৰ জৰুৰী আহ্বানৰ প্ৰতি গুৰুত্ব দি, মুখ্যমন্ত্রীয়ে বিন্যাকাটাত ডিগ্রী কলেজ, দলং-সেতু নির্মাণ, ৰাষ্ট্ৰীয় ঘাইপথত অভাৰব্রিজ, ষ্টেট বেংকৰ শাখা, মিনি ষ্টেডিয়াম, ধর্মীয় স্থানৰ আন্তঃগাঁথনি আৰু চিকিৎসালয়ৰ পৰিসৰ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়ে।


গোসাইগাঁৱতো ভাষণ আগবঢ়াই মুখ্যমন্ত্রীয়ে দৃঢ়ভাৱে কয় যে বি টি চিত বিজেপিক এৰি অন্য কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে। ইউ পি পি এল আৰু বি পি এফৰ লগত আমাৰ ভাল সম্পর্ক আছে, কাৰো লগত শত্রুতা নাই। বি টি চিৰ আঞ্চলিক দলবোৰ একত্রিত হ'ব লাগে। বি পি এফ-ইউ পি পি এলে ক'ৰবাত প্রার্থী দিব নালাগে বুলি ক'লে আমি প্রার্থী নিদিওঁ। য'ত জিকিম তাতহে প্রার্থী দিম।


তেওঁ কয় যে বি টি চিৰ বাহিৰৰ দৰে বি টি চিতো উন্নয়ন কৰিব লাগিব আৰু এই কাম বিজেপিয়ে কৰিব। মুখ্যমন্ত্রী ড° শর্মাই লগতে ৫ নং সৰাইবিল আৰু ৬ নং কচুগাঁও সমষ্টিতো এইবাৰ বিজেপি জয়ী হ'ব বুলিও কয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ