--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী উপস্থিত হোৱাৰ লগে লগে 'হিমন্ত বিশ্ব শর্মা জিন্দাবাদ', 'বিজেপি জিন্দাবাদ', 'ভাৰত মাতা কি জয়' আদি শ্ল'গানেৰে পৰিৱেশ মুখৰিত হয়।

ডিজিটেল ডেস্ক : সমাগত বি টি চিৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা লোৱাৰ লক্ষ্যৰে বি টি চিৰ মুঠ ৩৬টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তথা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।


ইয়াৰ মাজতে মঙলবাৰে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৬ নং কচুগাঁও আৰু ৫ নং সৰাইবিল সমষ্টিত বিজয়ী সংকল্প সভাত অংশগ্ৰহণ কৰে মুখ্য ড° শৰ্মাই। প্রথমে দুপৰীয়া ১২ বজাত হেলিকপ্টাৰেৰে কচুগাঁৱত আহি প্রায় ২০ হাজাৰ লোকৰ উপস্থিতিত বিজয়ী সংকল্প সভাত অংশগ্ৰহণ কৰে।


তাৰ পাছত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গাড়ীৰে গোসাইগাঁও সদৰ চহৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বিজয়ী সংকল্প সভাত উপস্থিত হয়। গোসাইগাঁৱত প্রায় ২৫ হাজাৰৰ অধিক লোকৰ সমাগম ঘটে।


মুখ্যমন্ত্রী উপস্থিত হোৱাৰ লগে লগে 'হিমন্ত বিশ্ব শর্মা জিন্দাবাদ', 'বিজেপি জিন্দাবাদ', 'ভাৰত মাতা কি জয়' আদি শ্ল'গানেৰে পৰিৱেশ মুখৰিত হয়। কচুগাঁৱত জনসাধাৰণৰ আগত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, 'বি টি চিত বিজেপিৰ চৰকাৰ অহাৰ পাছত প্রথমে ভি চি ডি চি উঠাই দিম। কাৰণ অৰুণোদয়, লাখপতি বাইদেউ আৰু চৰকাৰী ঘৰৰ বাবে ভি চি ডি চিক উৎকোচ দিবলগীয়া হয়। বি টি চিত চৰকাৰ নাই, ভি চি ডি চিয়ে শাসন চলাই আছে। নলবাৰী, যোৰহাট, বৰপেটা আদিত উন্নয়ন হৈছে, কিন্তু বি টি চিৰ বহু ৰাইজে চৰকাৰী আঁচনি পোৱা নাই। ভি চি ডি চিয়ে ৰাইজক কষ্ট দিছে। আমি ভি চি ডি চি ভাঙি ৰাইজৰ শাসন লৈ আহিম। বৰালি মাছে সৰু মাছ খোৱাৰ দৰে ভি চি ডি চিয়ে দুখীয়া মানুহক খাইছে। অসমত ১.৫ লাখ চাকৰি দিছোঁ, কাকো এখন তামোল খুওৱাৰ প্ৰয়োজন হোৱা নাই। বি টি চিতো দুর্নীতিমুক্ত চৰকাৰ গঢ়িব লাগিব।'


ড° শৰ্মাই পুনৰ কয়, 'মই মুখ্যমন্ত্রী হোৱাৰ পাছত বি টি আৰত এটাও গুলী ফুটা নাই, বোমা বিস্ফোৰণ হোৱা নাই, জাতিগত সংঘর্ষ হোৱা নাই। বি টি আৰলৈ বিজেপিয়ে শান্তি আনিছে। বিগত দিনত পিষ্টল দেখুৱাই, ভয় দেখুৱাই ভোট লোৱা হৈছিল, কিন্তু আজি সকলোৱে নমস্কাৰ দি ভোট খুজিছে। বি পি এফ-ইউ পি পি এলেও নমস্কাৰ দি ভোট খুজিছে, আমিও নমস্কাৰ দি ভোট খুজি আছোঁ। আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, কিন্তু মই ইতিমধ্যে ২০০ বাৰৰো অধিক ভ্ৰমণ কৰিছোঁ। উন্নয়নৰ বাবে কচুগাঁও সমষ্টিৰ ৰাইজৰ জৰুৰী আহ্বানৰ প্ৰতি গুৰুত্ব দি, মুখ্যমন্ত্রীয়ে বিন্যাকাটাত ডিগ্রী কলেজ, দলং-সেতু নির্মাণ, ৰাষ্ট্ৰীয় ঘাইপথত অভাৰব্রিজ, ষ্টেট বেংকৰ শাখা, মিনি ষ্টেডিয়াম, ধর্মীয় স্থানৰ আন্তঃগাঁথনি আৰু চিকিৎসালয়ৰ পৰিসৰ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়ে।


গোসাইগাঁৱতো ভাষণ আগবঢ়াই মুখ্যমন্ত্রীয়ে দৃঢ়ভাৱে কয় যে বি টি চিত বিজেপিক এৰি অন্য কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে। ইউ পি পি এল আৰু বি পি এফৰ লগত আমাৰ ভাল সম্পর্ক আছে, কাৰো লগত শত্রুতা নাই। বি টি চিৰ আঞ্চলিক দলবোৰ একত্রিত হ'ব লাগে। বি পি এফ-ইউ পি পি এলে ক'ৰবাত প্রার্থী দিব নালাগে বুলি ক'লে আমি প্রার্থী নিদিওঁ। য'ত জিকিম তাতহে প্রার্থী দিম।


তেওঁ কয় যে বি টি চিৰ বাহিৰৰ দৰে বি টি চিতো উন্নয়ন কৰিব লাগিব আৰু এই কাম বিজেপিয়ে কৰিব। মুখ্যমন্ত্রী ড° শর্মাই লগতে ৫ নং সৰাইবিল আৰু ৬ নং কচুগাঁও সমষ্টিতো এইবাৰ বিজেপি জয়ী হ'ব বুলিও কয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান