--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাকে আমচাং অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ নামি আহে আৰু খাদ্য বিচৰণ কৰি ৰিজৰ্ট দুখনত উপদ্ৰপৰ সৃষ্টি কৰে ।

ডিজিটেল ডেস্কঃ আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে চন্দ্ৰপুৰৰ ঠাকুৰকুচি খামব্ৰেঙা বিলৰ পাৰত থকা দুখনকৈ ৰিজৰ্ট । কেৱল ৰিজৰ্ট দুখনে নহয় পথৰে গৈ থকা এখন ডাম্ফৰৰো ক্ষতি কৰে এক বৃহৎজাকে ।


অৱশ্যে হাতীৰ জাকটোৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা কৰে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজৰ্টখনৰ মালিক দ্বীপ বংজাং । জানিব পৰা মতে নিশা ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাকে আমচাং অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ নামি আহে আৰু খাদ্য বিচৰণ কৰি ৰিজৰ্ট দুখনত উপদ্ৰপৰ সৃষ্টি কৰে ।


প্ৰথমে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজৰ্ট খন ঘেৰি ধৰে হাতীৰ জাকটোৱে ।সেই সময়ত ৰিজৰ্ট খনত দ্বীপ বংজাং শুই আছিল । হাতীৰ জাকটোৱে ৰিজৰ্ট খনৰ গৃহটোৰ গ্ৰীল বোৰ ভাঙি চুৰ মাৰ কৰাত দ্বীপে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহি হাতীৰ জাকটো খেদি দ্বীপ বংজাংক উদ্ধাৰ কৰে ।


পিছত পথৰে গৈ থকা ডাম্ফাৰ এখনৰ ওপৰত আক্ৰমণ কৰি ডাম্ফাৰ খনৰ গ্লাছ ভাঙি দিয়ে ।ইয়াৰ পিছতে ৰক ভেলি নামৰ ৰিজৰ্ট খনত আক্ৰমণ চলায় দুখন কৈ পকী দেৱাল ভাঙি তাত থকা ফ্ৰীজ এটা ভাঙি পেলায় বন্যহস্তীৰজাকে ।


মনকৰিবলগীয়া যে প্ৰতিদিনে আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ