ডিজিটেল ডেস্কঃ আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে চন্দ্ৰপুৰৰ ঠাকুৰকুচি খামব্ৰেঙা বিলৰ পাৰত থকা দুখনকৈ ৰিজৰ্ট । কেৱল ৰিজৰ্ট দুখনে নহয় পথৰে গৈ থকা এখন ডাম্ফৰৰো ক্ষতি কৰে এক বৃহৎজাকে ।
অৱশ্যে হাতীৰ জাকটোৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা কৰে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজৰ্টখনৰ মালিক দ্বীপ বংজাং । জানিব পৰা মতে নিশা ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাকে আমচাং অভয়াৰণ্যৰ পৰা ভৈয়ামলৈ নামি আহে আৰু খাদ্য বিচৰণ কৰি ৰিজৰ্ট দুখনত উপদ্ৰপৰ সৃষ্টি কৰে ।
প্ৰথমে থলুৱা খাদ্যৰ গৃহ নামৰ ৰিজৰ্ট খন ঘেৰি ধৰে হাতীৰ জাকটোৱে ।সেই সময়ত ৰিজৰ্ট খনত দ্বীপ বংজাং শুই আছিল । হাতীৰ জাকটোৱে ৰিজৰ্ট খনৰ গৃহটোৰ গ্ৰীল বোৰ ভাঙি চুৰ মাৰ কৰাত দ্বীপে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহি হাতীৰ জাকটো খেদি দ্বীপ বংজাংক উদ্ধাৰ কৰে ।
পিছত পথৰে গৈ থকা ডাম্ফাৰ এখনৰ ওপৰত আক্ৰমণ কৰি ডাম্ফাৰ খনৰ গ্লাছ ভাঙি দিয়ে ।ইয়াৰ পিছতে ৰক ভেলি নামৰ ৰিজৰ্ট খনত আক্ৰমণ চলায় দুখন কৈ পকী দেৱাল ভাঙি তাত থকা ফ্ৰীজ এটা ভাঙি পেলায় বন্যহস্তীৰজাকে ।
মনকৰিবলগীয়া যে প্ৰতিদিনে আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ভৈয়ামলৈ নামি অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।