--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ক্ৰীড়া একাডেমী দুখন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

ডিজিটেল ডেস্ক : ক্ৰীড়াপ্ৰেমী সকলৰ‌ বাবে ভাল খবৰ। উত্তৰ গুৱাহাটীত আজি দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। যিয়ে ক্ৰীড়া ক্ষেত্ৰলৈ এক সুখৰ বন্যা কঢ়িয়াই আনিছে।


ক্ৰীড়া একাডেমী দুখন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰে এখন অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী আৰু আনখন হৈছে গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমী। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সচিব দেৱজিৎ শইকীয়া,মন্ত্ৰী অশোক সিংহলকে ধৰি বহুকেইজন গন্য মান্য ব্যক্তি । আনহাতে অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই।


উল্লেখযোগ্য যে উত্তৰ ফুলুং ডেকাবাৰীৰ ৪০ বিঘা ভূমিত নিৰ্মাণ কৰা এই দুখন ক্ৰীড়া একাডেমী। এই একাডেমী দুখনত উপলভ্য হ'ব হোষ্টেল, জিম, পেভিলিয়ন, ইনড'ৰ ষ্টেডিয়াম, খেলপথাৰকে ধৰি সকলো ধৰণৰ সা- সুবিধা। আনহাতে একাডেমী দুখনৰ জৰিয়তে ৰাজ্যত ক্ৰীড়া ক্ষেত্ৰত আমূল পৰিৱৰ্তন আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ