--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শনিবাৰে নিশা দেৰগাঁও ইছলামপট্টিৰ এটা গৃহৰ পৰা দেৰগাঁও সমজিলা আৰক্ষী অধীক্ষক বিক্ৰমজিৎ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নকল নোট বনোৱা কেমিকেল সহ ক'লা আৰু বগা ৰঙৰ কাগজৰ বহু বান্দোল।

ডিজিটেল ডেস্কঃ দেৰগাঁও ইছলামপট্টিৰ এটা বাস গৃহত আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ নকল টকা বনোৱা বহু সঁজুলী ।


শনিবাৰে নিশা দেৰগাঁও ইছলামপট্টিৰ এটা গৃহৰ পৰা দেৰগাঁও সমজিলা আৰক্ষী অধীক্ষক বিক্ৰমজিৎ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নকল নোট বনোৱা কেমিকেল সহ ক'লা আৰু বগা ৰঙৰ কাগজৰ বহু বান্দোল।


এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা আৰক্ষীৰ দলে ইছলামপট্টিৰ এটা গৃহৰ পৰা উদ্ধাৰ কৰে নকল টকা বনোৱা সামগ্ৰী সমূহ। আৰক্ষী অহাৰ সম্ভেদ পাই ঘটনাৰ লগত জড়িতসকলে পলাই পত্ৰং দিয়ে। বৰ্তমানলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই।

অভিযান চলি থকা সময়ত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।



জানিব পৰা মতে দেৰগাঁও ইছলামপট্টিত বিগত বহু দিন ধৰি এক দুষ্টচক্ৰই এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই এক নকল টকাৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ