--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শনিবাৰে নিশা দেৰগাঁও ইছলামপট্টিৰ এটা গৃহৰ পৰা দেৰগাঁও সমজিলা আৰক্ষী অধীক্ষক বিক্ৰমজিৎ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নকল নোট বনোৱা কেমিকেল সহ ক'লা আৰু বগা ৰঙৰ কাগজৰ বহু বান্দোল।

ডিজিটেল ডেস্কঃ দেৰগাঁও ইছলামপট্টিৰ এটা বাস গৃহত আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ নকল টকা বনোৱা বহু সঁজুলী ।


শনিবাৰে নিশা দেৰগাঁও ইছলামপট্টিৰ এটা গৃহৰ পৰা দেৰগাঁও সমজিলা আৰক্ষী অধীক্ষক বিক্ৰমজিৎ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নকল নোট বনোৱা কেমিকেল সহ ক'লা আৰু বগা ৰঙৰ কাগজৰ বহু বান্দোল।


এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা আৰক্ষীৰ দলে ইছলামপট্টিৰ এটা গৃহৰ পৰা উদ্ধাৰ কৰে নকল টকা বনোৱা সামগ্ৰী সমূহ। আৰক্ষী অহাৰ সম্ভেদ পাই ঘটনাৰ লগত জড়িতসকলে পলাই পত্ৰং দিয়ে। বৰ্তমানলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই।

অভিযান চলি থকা সময়ত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।



জানিব পৰা মতে দেৰগাঁও ইছলামপট্টিত বিগত বহু দিন ধৰি এক দুষ্টচক্ৰই এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই এক নকল টকাৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু