--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল।

ডিজিটেল ডেস্ক : ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে।ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামি জনতাই ঘেৰাও কৰি ত্ৰিৰংগ পতাকা উত্তোলন কৰি ইতিহাস ৰচিছিল।


স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল।



অসমৰ মুখ্যমন্ত্ৰীয়ে এই চতিয়া দিৱস অসম বিধানসভাত চৰকাৰী ভাবে অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল ।১৯৪২ ৰ ২০ আগষ্টৰ ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতিৰ সোঁৱৰনত পোন প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে চতিয়া দিৱস ৷ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


মুখ্যমন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ এই স্বৰনিল ইতিহাস সোঁৱৰি মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ ঐতিহাসিক পুৰণি থানা চৌহদত স্বাধীনতা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৫ কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ স্বাধীনতা আন্দোলনৰ এই স্বৰনিল ইতিহাস ধৰি ৰাখিবলৈ এখন বোলছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় আৰু এই বোলছবিৰ নিৰ্মাণৰ খৰছ অসম চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে।চতিয়া দিৱসৰ এই কাৰ্যসূচীত মুক্তি যোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।


আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তয়ে আদৰণি ভাষন প্ৰদান কৰাৰ পাছতে উদ্ধোধনী ভাষন প্ৰদান কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

আজিৰ অনুষ্ঠানত বিহালি, বিশ্বনাথ, ৰঙাপাৰা,বৰচলা সমষ্টিৰ বিধায়কে অংশগ্ৰহণ কৰে। চতিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ নিবাস শুভ উদ্বোধন কৰে ৷


মহাবিদ্যালয়ৰ চৌহদত প্ৰায় দুই কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলৰ মাজত মতবিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰী গৰাকীক কাষতে পাই চেলফি তুলিবলৈও হেতাওপৰা লগাই ছাত্ৰ ছাত্ৰীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান