--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল।

ডিজিটেল ডেস্ক : ১৯৪২ চনৰ ২০ আগষ্ট এক ঐতিহাসিক দিন আছিল চতিয়াৰ বাবে।ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময় সেই সময়তে ১৯৪২ চনৰ ২০ আগষ্টত চতিয়া আৰক্ষী থানা চতিয়াৰ হাজাৰ হাজাৰ মুক্তিকামি জনতাই ঘেৰাও কৰি ত্ৰিৰংগ পতাকা উত্তোলন কৰি ইতিহাস ৰচিছিল।


স্বাধীনতা আন্দোলনৰ এই স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবৰ বাবে চতিয়াবাসীয়ে বিগত তিনিবছৰ ধৰি ২০ আগষ্ট চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল।



অসমৰ মুখ্যমন্ত্ৰীয়ে এই চতিয়া দিৱস অসম বিধানসভাত চৰকাৰী ভাবে অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল ।১৯৪২ ৰ ২০ আগষ্টৰ ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ স্মৃতিৰ সোঁৱৰনত পোন প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হৈছে চতিয়া দিৱস ৷ চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।


মুখ্যমন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ এই স্বৰনিল ইতিহাস সোঁৱৰি মুক্তি যোদ্ধা সকলক শ্ৰদ্ধাৰে সোৱৰণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ ঐতিহাসিক পুৰণি থানা চৌহদত স্বাধীনতা আন্দোলনৰ স্মৃতি জীয়াই ৰাখিবলৈ ৫ কোটি টকাৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চতিয়াৰ স্বাধীনতা আন্দোলনৰ এই স্বৰনিল ইতিহাস ধৰি ৰাখিবলৈ এখন বোলছবি নিৰ্মাণ কৰিবলৈ আহ্বান জনায় আৰু এই বোলছবিৰ নিৰ্মাণৰ খৰছ অসম চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰে।চতিয়া দিৱসৰ এই কাৰ্যসূচীত মুক্তি যোদ্ধাৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।


আজিৰ অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তয়ে আদৰণি ভাষন প্ৰদান কৰাৰ পাছতে উদ্ধোধনী ভাষন প্ৰদান কৰে ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

আজিৰ অনুষ্ঠানত বিহালি, বিশ্বনাথ, ৰঙাপাৰা,বৰচলা সমষ্টিৰ বিধায়কে অংশগ্ৰহণ কৰে। চতিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ নিবাস শুভ উদ্বোধন কৰে ৷


মহাবিদ্যালয়ৰ চৌহদত প্ৰায় দুই কোটি টকাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰছাত্ৰী সকলৰ মাজত মতবিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰী গৰাকীক কাষতে পাই চেলফি তুলিবলৈও হেতাওপৰা লগাই ছাত্ৰ ছাত্ৰীসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ