--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই ক্ষেত্ৰত অসম চৰকাৰক সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈও সাহিত্য সভাই পত্ৰ প্ৰেৰণ কৰিছে বুলি কালি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত সংবাদমেলত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰে।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ, জনতাৰ শিল্পী জুবিন গাৰ্গৰ সম্পর্কে অসম সাহিত্য সভাই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। অসম সাহিত্য সভাই জনতাৰ শিল্পীগৰাকীক সৰ্বভাৰতীয় সম্মান 'ভাৰত ৰত্ন' প্রদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। 


এই ক্ষেত্ৰত অসম চৰকাৰক সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈও সাহিত্য সভাই পত্ৰ প্ৰেৰণ কৰিছে বুলি কালি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত সংবাদমেলত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰে। 


জুবিন গার্গে মহতো মহীয়ান যি কাম কৰিলে, তাৰ স্বীকৃতি নিশ্চয় ভাৰত চৰকাৰে প্ৰদান কৰিব বুলি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে আশা প্রকাশ কৰে। ইফালে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ যিখিনি ৰচনাৱলী আছে, সেই সমগ্ৰ ৰচনাৱলী সাহিত্য সভাই পৰিয়ালৰ তৰফৰ পৰা সন্মতি পালে ২০২৬ চনৰ ভিতৰত প্ৰকাশ কৰি উলিয়াব। 


সংবাদমেলখনত ড° গোস্বামীয়ে এই কথা উল্লেখ কৰি কয় যে জনতাৰ শিল্পীগৰাকীৰ সমগ্ৰ ৰচনাৱলী অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত আমি প্রকাশ কৰিম। তাৰ পাছত যদি ৰাইজৰ সঁহাৰি পাওঁ, তেতিয়া দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাতো প্রকাশ কৰিবলৈ চেষ্টা চলাম। কাৰণ ইংৰাজী ভাষালৈ গ্রন্থখন অনুবাদ হ'লে ভাৰতীয় দ্রাবিড়িয়ান পৰিয়ালৰ ভাষাবিলাকত প্রকাশ কৰিব পাৰিম। 


অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপত সহায়-সহযোগিতা বাঞ্ছা কৰিছোঁ। গদ্য অনুবাদ কৰিবলৈ সহজ, কিন্তু কবিতা বা গীতক আন এটা ভাষালৈ অনুবাদ কৰাটো জটিল কাম বুলি সদৰী কৰি সভাপতি ড° গোস্বামীয়ে কয় যে ত্রিদিব বৰুৱাই এই দায়িত্ব কান্ধপাতি লৈছে। ২০২৬ চনৰ মধ্যম ভাগত অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিওটা সংস্কৰণ প্রকাশ পাব। ইয়াৰ পাছত ইংৰাজী ভাষাৰ ৰচনাৱলীখন দক্ষিণ ভাৰতীয় লেখকক তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষালৈ অনুবাদৰ বাবে দিয়া হ'ব। কিতাপখনৰ পাতনিতে শিল্পীগৰাকীৰ জন্ম বৃত্তান্ত থাকিব আৰু সকলো গীত, কবিতা ইয়াত অন্তর্ভুক্ত হ'ব। 


সভাপতিগৰাকীয়ে কয় যে জুবিনৰ মায়াবী কণ্ঠ আমাৰ মাজত চিৰদিন প্ৰৱাহিত হৈ থাকিব। সেই কণ্ঠ আৰু তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। সেয়ে অসম সাহিত্য সভাই এই মহান কাম কৰাৰ প্ৰয়াস কৰিছে বুলি প্রকাশ কৰিছে। সংবাদমেলখনত সভাপতিগৰাকীয়ে কয় যে জুবিন গাৰ্গ নামৰ সত্তাটো অসমৰ প্ৰতিগৰাকী জাতি, ধর্ম, বর্ণ নির্বিশেষে একমুখে শ্রদ্ধা নিবেদন কৰি যি আদৰ্শ দেখুৱালে, এই শ্রদ্ধা বিশ্বতে বিৰল। ৰজাঘৰ আৰু প্ৰজাঘৰে যি সন্মান জনালে, তাৰ তুলনা নাই। চৰকাৰৰ পক্ষৰ পৰাও ১৯ ছেপ্টেম্বৰৰপৰা ২৩ ছেপ্টেম্বৰৰ অন্ত্যেষ্টিক্রিয়ালৈকে তেওঁক সন্মান জনাবলৈ চেষ্টা কৰিলে। 


মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা জনোৱাটোও বিৰল। সংবাদমেলখনত ড° গোস্বামীয়ে কয় যে মহতো মহীয়ান শিল্পীগৰাকীৰ মৃত্যুৰ ঋণাত্মক কথা চকুত পৰিছে। জুবিনৰ শত্রু- তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তি দিলেহে জুবিনৰ মানৱতাবাদী দর্শনে পূর্ণতা লাভ কৰিব বুলি সভাই অনুভৱ কৰে। চৰকাৰৰ সদিচ্ছাত যাতে কোনো দোষী সাৰি যাব নোৱাৰে তেতিয়া চৰকাৰৰ ভূমিকা অতিশয় স্পষ্ট হ'ব। জুবিন গাৰ্গ নামৰ সত্তাটো বিশ্ব দীপালি। চৰকাৰৰ ভূমিকাও বিশ্বৰ সন্মুখত উজ্জ্বল হৈ ধৰা দিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ