--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই ক্ষেত্ৰত অসম চৰকাৰক সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈও সাহিত্য সভাই পত্ৰ প্ৰেৰণ কৰিছে বুলি কালি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত সংবাদমেলত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰে।

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ, জনতাৰ শিল্পী জুবিন গাৰ্গৰ সম্পর্কে অসম সাহিত্য সভাই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। অসম সাহিত্য সভাই জনতাৰ শিল্পীগৰাকীক সৰ্বভাৰতীয় সম্মান 'ভাৰত ৰত্ন' প্রদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। 


এই ক্ষেত্ৰত অসম চৰকাৰক সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈও সাহিত্য সভাই পত্ৰ প্ৰেৰণ কৰিছে বুলি কালি অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত সংবাদমেলত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সদৰী কৰে। 


জুবিন গার্গে মহতো মহীয়ান যি কাম কৰিলে, তাৰ স্বীকৃতি নিশ্চয় ভাৰত চৰকাৰে প্ৰদান কৰিব বুলি অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে আশা প্রকাশ কৰে। ইফালে অসম সাহিত্য সভাই জুবিন গাৰ্গৰ যিখিনি ৰচনাৱলী আছে, সেই সমগ্ৰ ৰচনাৱলী সাহিত্য সভাই পৰিয়ালৰ তৰফৰ পৰা সন্মতি পালে ২০২৬ চনৰ ভিতৰত প্ৰকাশ কৰি উলিয়াব। 


সংবাদমেলখনত ড° গোস্বামীয়ে এই কথা উল্লেখ কৰি কয় যে জনতাৰ শিল্পীগৰাকীৰ সমগ্ৰ ৰচনাৱলী অসমীয়া, ইংৰাজী আৰু হিন্দী তিনিটা ভাষাত আমি প্রকাশ কৰিম। তাৰ পাছত যদি ৰাইজৰ সঁহাৰি পাওঁ, তেতিয়া দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাতো প্রকাশ কৰিবলৈ চেষ্টা চলাম। কাৰণ ইংৰাজী ভাষালৈ গ্রন্থখন অনুবাদ হ'লে ভাৰতীয় দ্রাবিড়িয়ান পৰিয়ালৰ ভাষাবিলাকত প্রকাশ কৰিব পাৰিম। 


অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপত সহায়-সহযোগিতা বাঞ্ছা কৰিছোঁ। গদ্য অনুবাদ কৰিবলৈ সহজ, কিন্তু কবিতা বা গীতক আন এটা ভাষালৈ অনুবাদ কৰাটো জটিল কাম বুলি সদৰী কৰি সভাপতি ড° গোস্বামীয়ে কয় যে ত্রিদিব বৰুৱাই এই দায়িত্ব কান্ধপাতি লৈছে। ২০২৬ চনৰ মধ্যম ভাগত অসমীয়া, হিন্দী আৰু ইংৰাজী তিনিওটা সংস্কৰণ প্রকাশ পাব। ইয়াৰ পাছত ইংৰাজী ভাষাৰ ৰচনাৱলীখন দক্ষিণ ভাৰতীয় লেখকক তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষালৈ অনুবাদৰ বাবে দিয়া হ'ব। কিতাপখনৰ পাতনিতে শিল্পীগৰাকীৰ জন্ম বৃত্তান্ত থাকিব আৰু সকলো গীত, কবিতা ইয়াত অন্তর্ভুক্ত হ'ব। 


সভাপতিগৰাকীয়ে কয় যে জুবিনৰ মায়াবী কণ্ঠ আমাৰ মাজত চিৰদিন প্ৰৱাহিত হৈ থাকিব। সেই কণ্ঠ আৰু তেওঁৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে। সেয়ে অসম সাহিত্য সভাই এই মহান কাম কৰাৰ প্ৰয়াস কৰিছে বুলি প্রকাশ কৰিছে। সংবাদমেলখনত সভাপতিগৰাকীয়ে কয় যে জুবিন গাৰ্গ নামৰ সত্তাটো অসমৰ প্ৰতিগৰাকী জাতি, ধর্ম, বর্ণ নির্বিশেষে একমুখে শ্রদ্ধা নিবেদন কৰি যি আদৰ্শ দেখুৱালে, এই শ্রদ্ধা বিশ্বতে বিৰল। ৰজাঘৰ আৰু প্ৰজাঘৰে যি সন্মান জনালে, তাৰ তুলনা নাই। চৰকাৰৰ পক্ষৰ পৰাও ১৯ ছেপ্টেম্বৰৰপৰা ২৩ ছেপ্টেম্বৰৰ অন্ত্যেষ্টিক্রিয়ালৈকে তেওঁক সন্মান জনাবলৈ চেষ্টা কৰিলে। 


মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা জনোৱাটোও বিৰল। সংবাদমেলখনত ড° গোস্বামীয়ে কয় যে মহতো মহীয়ান শিল্পীগৰাকীৰ মৃত্যুৰ ঋণাত্মক কথা চকুত পৰিছে। জুবিনৰ শত্রু- তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তি দিলেহে জুবিনৰ মানৱতাবাদী দর্শনে পূর্ণতা লাভ কৰিব বুলি সভাই অনুভৱ কৰে। চৰকাৰৰ সদিচ্ছাত যাতে কোনো দোষী সাৰি যাব নোৱাৰে তেতিয়া চৰকাৰৰ ভূমিকা অতিশয় স্পষ্ট হ'ব। জুবিন গাৰ্গ নামৰ সত্তাটো বিশ্ব দীপালি। চৰকাৰৰ ভূমিকাও বিশ্বৰ সন্মুখত উজ্জ্বল হৈ ধৰা দিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান