--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীৰ্ঘদিন ধৰি সাতগাঁও অঞ্চলত একাংশ ব্যৱসায়ীয়ে দোকানত শিশু শ্ৰমিকক নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল

ডিজিটেল ডেস্ক : মহানগৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত একাংশ লোকে নিয়োগ কৰা শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে চাইল্ড লাইন বিভাগে।


ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে মহানগৰীৰ সাতগাঁৱৰ পাথৰকুৱেৰী অঞ্চলত চাইল্ড লাইনৰ এটা দলে আৰক্ষীৰ সহযোগত অভিযান চলাই এজন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাথৰকুৱেৰীৰ আহমেদ স্কুটাৰ ছাৰ্ভিছ নামৰ

ব্যৱসায়ী প্ৰতিষ্ঠানত কাম কৰি থকা অৱস্থাত চাইল্ড লাইন বিভাগে সাতগাঁও আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ১৫ বছৰীয়া শিশু শ্ৰমিকক। 


জানিব পৰা মতে দীৰ্ঘদিন ধৰি সাতগাঁও অঞ্চলত একাংশ ব্যৱসায়ীয়ে দোকানত শিশু শ্ৰমিকক নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল । এক গোপন খবৰৰ ভিত্তিত চাইল্ড লাইন আৰু সাতগাঁও আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এজন শিশু শ্ৰমিকক। 


উল্লেখ্য যে শিশু শ্ৰমিক হিচাপে নিয়োগ কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে চাইল্ড লাইনে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদমাধ্যমৰ আগত সদৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ