--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৰদেউতাক আফতাৰ আলীৰ পৰিয়ালৰ লোকে আগৰে পৰাই সু-সজ্জিত হৈ থকা কিছু লোকৰ সৈতে অৰ্তকিতে দা,কুঠাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে দুই ভাই ককাই, মাতৃ আৰু বোৱাৰী আহত হয়।

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শিয়ালমাৰী গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা। বৰ দেউতাকৰ পৰিয়ালৰ লগত ঘৰ ভেটিক লৈ সঘনাই কাজিয়া পেচাল হৈ থকাত, দুই ভতিজা জিয়াৰুল হক আৰু জবিৰুল হকে নিজৰ চোতালত দিছিল টিন পাতেৰে জেউৰা । জেউৰাই কাল হ'ল দুই ভায়েকৰ।


বৰদেউতাক আফতাৰ আলীৰ পৰিয়ালৰ লোকে আগৰে পৰাই সু-সজ্জিত হৈ থকা কিছু লোকৰ সৈতে অৰ্তকিতে দা,কুঠাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে দুই ভাই ককাই, মাতৃ আৰু বোৱাৰী আহত হয়।


জিয়াৰুলক মূৰত কুঠাৰেৰে আঘাত কৰাত সংকটজনক অৱস্থাত গুৱাহাটী জি এম চি এইচত ভৰ্তি কৰে আৰু জবিৰুল হক,মাতৃ, বোৱাৰী মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আনহাতে আফতাৰ আলীৰো মূৰত আঘাতপ্ৰাপ্ত হয়।


উক্ত ঘটনাৰ ভূক্তভোগীয়ে দলগাঁও আৰক্ষী থানাত আফতাৰ আলী , ৰফিকুল ইছলাম , মফিদুল ইছলাম , ছাইফুল ইছলাম , ময়দান আলীকে আদি কৰি ৯ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দলগাঁও আৰক্ষীয়ে বৰ্তমানলৈ কোনো এজনকে আটক কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ