--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৰদেউতাক আফতাৰ আলীৰ পৰিয়ালৰ লোকে আগৰে পৰাই সু-সজ্জিত হৈ থকা কিছু লোকৰ সৈতে অৰ্তকিতে দা,কুঠাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে দুই ভাই ককাই, মাতৃ আৰু বোৱাৰী আহত হয়।

ডিজিটেল ডেস্কঃ দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শিয়ালমাৰী গাঁৱত সংঘটিত হৈছে জঘন্য ঘটনা। বৰ দেউতাকৰ পৰিয়ালৰ লগত ঘৰ ভেটিক লৈ সঘনাই কাজিয়া পেচাল হৈ থকাত, দুই ভতিজা জিয়াৰুল হক আৰু জবিৰুল হকে নিজৰ চোতালত দিছিল টিন পাতেৰে জেউৰা । জেউৰাই কাল হ'ল দুই ভায়েকৰ।


বৰদেউতাক আফতাৰ আলীৰ পৰিয়ালৰ লোকে আগৰে পৰাই সু-সজ্জিত হৈ থকা কিছু লোকৰ সৈতে অৰ্তকিতে দা,কুঠাৰ, চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে দুই ভাই ককাই, মাতৃ আৰু বোৱাৰী আহত হয়।


জিয়াৰুলক মূৰত কুঠাৰেৰে আঘাত কৰাত সংকটজনক অৱস্থাত গুৱাহাটী জি এম চি এইচত ভৰ্তি কৰে আৰু জবিৰুল হক,মাতৃ, বোৱাৰী মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, আনহাতে আফতাৰ আলীৰো মূৰত আঘাতপ্ৰাপ্ত হয়।


উক্ত ঘটনাৰ ভূক্তভোগীয়ে দলগাঁও আৰক্ষী থানাত আফতাৰ আলী , ৰফিকুল ইছলাম , মফিদুল ইছলাম , ছাইফুল ইছলাম , ময়দান আলীকে আদি কৰি ৯ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দলগাঁও আৰক্ষীয়ে বৰ্তমানলৈ কোনো এজনকে আটক কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান