--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে ইৰানৰ সৰ্বোচ্চ নেতাজনে যুদ্ধৰ পাছৰ পৰা প্ৰথমবাৰৰ বাবে ইৰানৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ সন্মুখত উপস্থিত হয়

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু ইৰানৰ মাজত হোৱা ১২ দিনীয়া ভয়ংকৰ যুদ্ধৰ পাছৰ পৰা ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেনেই অন্তর্ধান হৈছিল।


কিন্তু শনিবাৰে ইৰানৰ সৰ্বোচ্চ নেতাজনে যুদ্ধৰ পাছৰ পৰা প্ৰথমবাৰৰ বাবে ইৰানৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ সন্মুখত উপস্থিত হয়।


ইজৰাইলৰ সৈতে ভয়ংকৰ যুদ্ধত নিহত হোৱা ইৰানী লোকসকলৰ বাবে আয়োজন কৰা এখন শোকসভাত খামেনেই অংশগ্রহণ কৰে। ইৰানৰ তিনিওটা সামৰিক বাহিনীৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা ইৰানৰ সৰ্বোচ্চ নেতাজন যুদ্ধৰ সময়ত বাংকাৰত সুৰক্ষিতভাৱে আছিল বুলি বিভিন্ন মহলে বাতৰি পৰিৱেশন কৰিছিল যদিও দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে বিষয়টো স্বীকাৰ কৰা নাছিল।


দেশখনৰ সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি অনুসৰি, ৰাজধানী তেহৰানৰ তেওঁ কাৰ্যালয় আৰু বাসগৃহৰ কাষতে থকা মছজিদটোত ইৰানৰ সৰ্বোচ্চ নেতাজন শনিবাৰে উপস্থিত হয় আৰু সমৱেত জনতাক হাত জোকাৰি আৰু মূৰ দোৱাই অভিবাদন জনায়।


আনহাতে, দেশখনৰ সর্বোচ্চ নেতাজনে তাৎক্ষণিকভাবে কোনো ধৰণৰ ৰাজহুৱা বিবৃতি দিয়া নাই। মছজিদটোত আয়োজিত শোকসভাখনত ইৰানৰ সংসদৰ অধ্যক্ষও উপস্থিত আছিল। উল্লেখযোগ্য যে ইজৰাইলে ইৰানত আক্ৰমণ চলাই থকাৰ মাজতে আমেৰিকায়ো ইৰানত আক্ৰমণ কৰি দেশখনৰ পাৰমাণৱিক ঘাটিসমূহ বিধ্বস্ত কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমযোগে তেতিয়া প্রকাশ কৰিছিল যে তেওঁ খামেনেই ক'ত আত্মগোপন কৰি আছে, সেইটো গম পায়, কিন্তু ৮৬ বছৰীয়া ইৰানী নেতাজনক হত্যা কৰাৰ তেওঁলোকৰ পৰিকল্পনা নাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ