--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে ইৰানৰ সৰ্বোচ্চ নেতাজনে যুদ্ধৰ পাছৰ পৰা প্ৰথমবাৰৰ বাবে ইৰানৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ সন্মুখত উপস্থিত হয়

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু ইৰানৰ মাজত হোৱা ১২ দিনীয়া ভয়ংকৰ যুদ্ধৰ পাছৰ পৰা ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেনেই অন্তর্ধান হৈছিল।


কিন্তু শনিবাৰে ইৰানৰ সৰ্বোচ্চ নেতাজনে যুদ্ধৰ পাছৰ পৰা প্ৰথমবাৰৰ বাবে ইৰানৰ ৰাজহুৱা স্থানত জনসাধাৰণৰ সন্মুখত উপস্থিত হয়।


ইজৰাইলৰ সৈতে ভয়ংকৰ যুদ্ধত নিহত হোৱা ইৰানী লোকসকলৰ বাবে আয়োজন কৰা এখন শোকসভাত খামেনেই অংশগ্রহণ কৰে। ইৰানৰ তিনিওটা সামৰিক বাহিনীৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা ইৰানৰ সৰ্বোচ্চ নেতাজন যুদ্ধৰ সময়ত বাংকাৰত সুৰক্ষিতভাৱে আছিল বুলি বিভিন্ন মহলে বাতৰি পৰিৱেশন কৰিছিল যদিও দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে বিষয়টো স্বীকাৰ কৰা নাছিল।


দেশখনৰ সংবাদ মাধ্যমে পৰিৱেশন কৰা বাতৰি অনুসৰি, ৰাজধানী তেহৰানৰ তেওঁ কাৰ্যালয় আৰু বাসগৃহৰ কাষতে থকা মছজিদটোত ইৰানৰ সৰ্বোচ্চ নেতাজন শনিবাৰে উপস্থিত হয় আৰু সমৱেত জনতাক হাত জোকাৰি আৰু মূৰ দোৱাই অভিবাদন জনায়।


আনহাতে, দেশখনৰ সর্বোচ্চ নেতাজনে তাৎক্ষণিকভাবে কোনো ধৰণৰ ৰাজহুৱা বিবৃতি দিয়া নাই। মছজিদটোত আয়োজিত শোকসভাখনত ইৰানৰ সংসদৰ অধ্যক্ষও উপস্থিত আছিল। উল্লেখযোগ্য যে ইজৰাইলে ইৰানত আক্ৰমণ চলাই থকাৰ মাজতে আমেৰিকায়ো ইৰানত আক্ৰমণ কৰি দেশখনৰ পাৰমাণৱিক ঘাটিসমূহ বিধ্বস্ত কৰিছিল। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমযোগে তেতিয়া প্রকাশ কৰিছিল যে তেওঁ খামেনেই ক'ত আত্মগোপন কৰি আছে, সেইটো গম পায়, কিন্তু ৮৬ বছৰীয়া ইৰানী নেতাজনক হত্যা কৰাৰ তেওঁলোকৰ পৰিকল্পনা নাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু