--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অহা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিন। সেয়ে, আজিৰে পৰাই তেওঁৰ জন্মদিন পালনৰ বাবে জি এম চিৰ পাৰিষদবর্গই বিভিন্ন সংগঠনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কালি পৌৰপতি শৰণীয়াই সদৰী কৰে

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন এইবাৰ পালন কৰিব গুৱাহাটী পৌৰ নিগমে। আজিৰে পৰা তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীৰ জন্মদিন পালনৰ বিশেষ কার্যসূচী গ্রহণ কৰিছে জি এম চিৰ পাৰিষদে। 


কালি এই কথা ঘোষণা কৰে পৌৰপতি মৃগেন শৰণীয়াই। উল্লেখযোগ্য যে অহা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিন। সেয়ে, আজিৰে পৰাই তেওঁৰ জন্মদিন পালনৰ বাবে জি এম চিৰ পাৰিষদবর্গই বিভিন্ন সংগঠনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কালি পৌৰপতি শৰণীয়াই সদৰী কৰে। 


আজি বিভিন্ন মহান ব্যক্তিৰ প্ৰতিমূৰ্তিত বন্তি প্রজ্বলন কৰি তেওঁৰ জন্মদিন পালনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইয়াৰ উপৰি, আজি ১২০টা ধর্মীয় অনুষ্ঠানত চাফাই অভিযানো কৰা হয়। আনহাতে, ৩১ জানুৱাৰীত চাফাই কৰ্মচাৰীসকলৰ বাবে দুটা স্থানত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ইফালে, ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ ৬০টা নামঘৰত বিশেষ প্রার্থনাৰ আয়োজন কৰা হৈছে। নামঘৰে নামঘৰে ড° হিমন্ত বিশ্ব শর্মা যাতে পুনৰ মুখ্যমন্ত্ৰী হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হ'ব। ইয়াৰ উপৰি, গুৱাহাটীৰ বুথসমূহত ১ হাজাৰ নিম গছৰ পুলি ৰোপণ কৰাও হ'ব। ইফালে, গছ প্রতিপালন কৰা অনুষ্ঠানক ৩ লাখকৈ টকা প্রদান কৰাৰ কথাও ঘোষণা কৰিছে জি এম চি কর্তৃপক্ষই। 


সেউজ গুৱাহাটী প্ৰকল্পৰ অধীনত এই বঁটা প্ৰদান কৰাৰ কথা পৌৰপতি শৰণীয়াই ঘোষণা কৰে। লক্ষণীয়ভাৱে লাখপতি বাইদেউৰ বাবে জু ৰ'ডত এটা ভেণ্ডিং জ'ন স্থাপন কৰাৰ কথাও তেওঁ ঘোষণা কৰে। আনহাতে, ১ ফেব্ৰুৱাৰীৰ বিয়লি অনাথ আশ্রম, বৃদ্ধাশ্রম আৰু চিকিৎসালয়ত খাদ্য বিতৰণ কৰিব জি এম চিৰ পাৰিষদে। সন্ধিয়া বিভিন্ন নামঘৰত ৪ শতাধিক মিনি হাইমার্টছ লাইট প্রজ্বলন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ