--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অহা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিন। সেয়ে, আজিৰে পৰাই তেওঁৰ জন্মদিন পালনৰ বাবে জি এম চিৰ পাৰিষদবর্গই বিভিন্ন সংগঠনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কালি পৌৰপতি শৰণীয়াই সদৰী কৰে

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন এইবাৰ পালন কৰিব গুৱাহাটী পৌৰ নিগমে। আজিৰে পৰা তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীৰ জন্মদিন পালনৰ বিশেষ কার্যসূচী গ্রহণ কৰিছে জি এম চিৰ পাৰিষদে। 


কালি এই কথা ঘোষণা কৰে পৌৰপতি মৃগেন শৰণীয়াই। উল্লেখযোগ্য যে অহা ১ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিন। সেয়ে, আজিৰে পৰাই তেওঁৰ জন্মদিন পালনৰ বাবে জি এম চিৰ পাৰিষদবর্গই বিভিন্ন সংগঠনৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা কালি পৌৰপতি শৰণীয়াই সদৰী কৰে। 


আজি বিভিন্ন মহান ব্যক্তিৰ প্ৰতিমূৰ্তিত বন্তি প্রজ্বলন কৰি তেওঁৰ জন্মদিন পালনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। ইয়াৰ উপৰি, আজি ১২০টা ধর্মীয় অনুষ্ঠানত চাফাই অভিযানো কৰা হয়। আনহাতে, ৩১ জানুৱাৰীত চাফাই কৰ্মচাৰীসকলৰ বাবে দুটা স্থানত স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে। ইফালে, ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ৬০টা ৱাৰ্ডৰ ৬০টা নামঘৰত বিশেষ প্রার্থনাৰ আয়োজন কৰা হৈছে। নামঘৰে নামঘৰে ড° হিমন্ত বিশ্ব শর্মা যাতে পুনৰ মুখ্যমন্ত্ৰী হয় তাৰ বাবে প্ৰাৰ্থনা কৰা হ'ব। ইয়াৰ উপৰি, গুৱাহাটীৰ বুথসমূহত ১ হাজাৰ নিম গছৰ পুলি ৰোপণ কৰাও হ'ব। ইফালে, গছ প্রতিপালন কৰা অনুষ্ঠানক ৩ লাখকৈ টকা প্রদান কৰাৰ কথাও ঘোষণা কৰিছে জি এম চি কর্তৃপক্ষই। 


সেউজ গুৱাহাটী প্ৰকল্পৰ অধীনত এই বঁটা প্ৰদান কৰাৰ কথা পৌৰপতি শৰণীয়াই ঘোষণা কৰে। লক্ষণীয়ভাৱে লাখপতি বাইদেউৰ বাবে জু ৰ'ডত এটা ভেণ্ডিং জ'ন স্থাপন কৰাৰ কথাও তেওঁ ঘোষণা কৰে। আনহাতে, ১ ফেব্ৰুৱাৰীৰ বিয়লি অনাথ আশ্রম, বৃদ্ধাশ্রম আৰু চিকিৎসালয়ত খাদ্য বিতৰণ কৰিব জি এম চিৰ পাৰিষদে। সন্ধিয়া বিভিন্ন নামঘৰত ৪ শতাধিক মিনি হাইমার্টছ লাইট প্রজ্বলন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু