ডিজিটেল ডেস্ক: অবৈধ আৱাসিক মাদ্ৰাছাত ছাত্ৰীক অপকৰ্ম ভণ্ড মৌলবীৰ। ইয়াকে লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ধুবুৰীৰ সাহেবগঞ্জ বানাত(ছোৱালী) মাদ্ৰাছাত ভণ্ড মৌলবীৰ ভয়ংকৰ কাণ্ড। এগৰাকী ভণ্ড মৌলবীয়ে ১৩ বছৰীয়া ছাত্ৰীক দিলে অশ্লীল প্ৰস্তাৱ।
নিশা একেখন বিচনাত শুবলৈ ভয় ভাবুকি ভণ্ড মৌলবী মোকতাৰ হুছেইনৰ।
ছোৱালীগৰাকীয়ে এই কথাত অমান্তি হৈ ঘটনাটো কাষতে থকা স্থানীয় শিৰাজুল শিকাৰী নামৰ লোক এজনক অৱগত কৰে।
স্থানীয় ৰাইজৰ সহযোগত ভণ্ড মৌলবী মোকতাৰ হুছেইনক আটক কৰি বালাজান আৰক্ষীক গতাই দিয়া হয়।
ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। পূৰ্বেও মাদ্ৰাছাখনৰ ভিতৰত বহু মাদ্ৰাছা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
মাদ্ৰাছা পৰিচালনা সমিতিয়ে ঘটনাসমূহ গাপ দি অহাৰ অভিযোগ উত্থাপন আহিছে।
অবৈধভাৱে ছোৱালী মাদ্ৰাছাখন খুলি দীৰ্ঘ বছৰে ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যদিও ভূক্তভোগীৰ পৰিয়ালটোক মেনেজ কৰিবলৈ উঠিপৰি লাগিছে এটি চক্ৰই।