--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ১৬ আগষ্টত শিলচৰ হাইলাকান্দি ৰোডস্থিত ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ পৰা সোণৰ অলংকাৰ চুৰি কৰে অনিক দাস নামৰ এজন যুৱকে।

ডিজিটেল ডেস্কঃ পুত্ৰৰ জঘন্য অপৰাধৰ বাবে সমাজত অপমানিত হোৱাৰ পিছত আত্মহত্যাৰ পথ বাছি ল'লে এজন পিতৃয়ে।


যোৱা ১৬ আগষ্টত শিলচৰ হাইলাকান্দি ৰোডস্থিত ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ পৰা সোণৰ অলংকাৰ চুৰি কৰে অনিক দাস নামৰ এজন যুৱকে। পাছদিনাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি, চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ কৰে।


এই ঘটনাই সমাজত চাঞ্চল্যৰ সৃষ্টি কৰে। পুত্ৰৰ এনে অপৰাধ আৰু তাৰ ফলস্বৰূপে পোৱা সামাজিক অপমানত দুখত ভাগি পৰাৰ লগতে গুৰুতৰ মানসিক চাপত পৰে অনিকৰ পিতৃ অজিত দাস।


অৱশেষত এই অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয় তেওঁ।


চালতাবস্তি এলেকাত এজোপা গছৰ ডালত অজিত দাসে চিপ লয়। ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অজিত দাসৰ মৃতদেহ।


আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?