--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ১৬ আগষ্টত শিলচৰ হাইলাকান্দি ৰোডস্থিত ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ পৰা সোণৰ অলংকাৰ চুৰি কৰে অনিক দাস নামৰ এজন যুৱকে।

ডিজিটেল ডেস্কঃ পুত্ৰৰ জঘন্য অপৰাধৰ বাবে সমাজত অপমানিত হোৱাৰ পিছত আত্মহত্যাৰ পথ বাছি ল'লে এজন পিতৃয়ে।


যোৱা ১৬ আগষ্টত শিলচৰ হাইলাকান্দি ৰোডস্থিত ঐতিহ্যমণ্ডিত শনি মন্দিৰৰ পৰা সোণৰ অলংকাৰ চুৰি কৰে অনিক দাস নামৰ এজন যুৱকে। পাছদিনাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি, চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰ কৰে।


এই ঘটনাই সমাজত চাঞ্চল্যৰ সৃষ্টি কৰে। পুত্ৰৰ এনে অপৰাধ আৰু তাৰ ফলস্বৰূপে পোৱা সামাজিক অপমানত দুখত ভাগি পৰাৰ লগতে গুৰুতৰ মানসিক চাপত পৰে অনিকৰ পিতৃ অজিত দাস।


অৱশেষত এই অপমান সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয় তেওঁ।


চালতাবস্তি এলেকাত এজোপা গছৰ ডালত অজিত দাসে চিপ লয়। ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অজিত দাসৰ মৃতদেহ।


আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ